সাহিত্য আৰু প্ৰেম/নাৰী-হৃদয়

ৱিকিউৎসৰ পৰা

[  ]

নাৰী-হৃদয়

 স্ত্ৰী-পুৰুষৰ ভাবৰ অভিব্যক্তি আৰু ঘাত-প্ৰতিঘাতৰ পৰা যি ঘটনা পৰম্পৰাৰ সৃষ্টি হয়, তাৰ দ্বাৰাই ৰস-সাহিত্যৰ গঠন আৰু পুষ্টিসাধন হয়। সেই সৌন্দৰ্যৰসৰ উপভোগেই সাহিত্য-সেৱাৰ চৰম উদ্দেশ্য বুলি পঢ়ুৱৈ সমাজে গ্ৰহণ কৰে। ৰস-সাহিত্যত পুৰুষৰ মুখত যিবোৰ কথা আৰোপ কৰা হয়, সেইবোৰ পুৰুষোচিত হয় নে নহয়, বিচক্ষণ পঢ়ুৱৈসকলে সহজে অনুভৱ কৰিব পাৰে। বিশেষতঃ সাহিত্যৰ বুৰঞ্জীত নামজ্বলা লেখকসকল যেতিয়া পুৰুষ মানুহেই, তেওঁলোকে প্ৰতিভা আৰু কল্পনাৰ বলেৰে নিজৰ মনৰ ভাবৰ পৰাই পুৰুষ সাধাৰণৰ মনৰ ভাব অতি সহজেই স্বাভাৱিকতাৰ ব্যতিক্ৰম নোহোৱাকৈ সুললিত ভাষাত বৰ্ণনা কৰিব পাৰে। কিন্তু জগতৰ ৰস-সাহিত্যত তিৰোতাৰ মুখত যিবোৰ সুন্দৰ আৰু ঠায়ে ঠায়ে অসুন্দৰ কথা দিয়া হৈছে, সেইবোৰ প্ৰকৃত স্ত্ৰী-হৃদয় আৰু স্ত্ৰী-স্বভাৱৰ স্বাভাৱিক অভিব্যক্তি হয়নে নহয়, সেই বিষয়ত সময়ে সময়ে বিদগ্ধ সমালোচকসকলে সন্দেহ প্ৰকাশ কৰে। এসময়ত এনে মতো চলিছিল যে তিৰোতা জাতিৰ আত্মাই নাই। তেওঁলোকৰ বোধশক্তি নিচেই কম। পুৰুষে যিভাৱে তেওঁলোকৰ মন স্পৰ্শ কৰে, তেওঁলোকৰ কথাত তাৰেই প্ৰতিধ্বনি হয় মাথোন। চাটুকথা কোৱা, তেওঁলোক সেও খাব; আওহেলা কৰা, তেওঁলোক ভেমত ওফন্দি পৰিব। এইবোৰ কথা সঁচানে মিছা, সেইটো নাৰী-চৰিত্ৰত অভিজ্ঞসকলে বিচাৰ কৰিব। কিন্তু সাহিত্যত নাৰী-হৃদয় আৰু নাৰী স্বভাৱৰ যি বিকাশ দেখা যায়, সি কিমান পৰিমাণে পুৰুষ গ্ৰন্থকাৰসকলৰ কাল্পনিক আৰোপ আৰু কি পৰিমাণে প্ৰকৃত স্ত্ৰী-চৰিত্ৰৰ স্বাভাৱিক অভিব্যক্তি, সেই কথা বৰ্তমান শিক্ষা বিস্তাৰৰ যুগত মৌলিক প্ৰতিভাশালী স্ত্ৰী-লেখিকা কেতবোৰ নোলায় মানে চিৰকলীয়া সমস্যা হৈয়ে থাকিব।

 ঊনৈশ শতিকাৰ আৰম্ভণিৰ পৰাই ইংৰাজী সাহিত্যত ক্ষমতাশালী তিৰোতা লেখিকা কিছুমান ওলাইছে। কিন্তু সমালোচকসকলে কয় যে পুৰুষে লিখা সাহিত্যই যুগ-যুগান্তৰৰ পৰা এনে এটি বিৰাট প্ৰভাৱ বিস্তাৰ কৰি আছে যে তিৰোতা লেখিকাসকলেও সেই প্ৰভাৱৰ পৰা মুকলি হৈ স্বাধীনভাৱে ভাবিব আৰু লিখিব পৰা নাই। পুৰুষৰ সাহিত্যত তিৰোতাৰ মনত যি ভাব আৰোপ কৰা হৈছে বা চৰিত্ৰৰ যি বিশ্লেষণ দিয়া হৈছে, তিৰোতাসকলেও যুগ-যুগান্তৰৰ সংস্কাৰবশতঃ তাকেই নিজৰ বুলি গ্ৰহণ কৰি তেওঁলোকৰ সাহিত্যতো তাৰেই প্ৰতিধ্বনি কৰিছে মাথোন। তিৰোতাৰ মনৰ স্বৰূপ কি? পুৰুষৰ সাহিত্যত তেওঁলোকৰ মনৰ যি বিকাশ দেখুওৱা হৈছে, সেয়ে তেওঁলোকৰ মননে? স্ত্ৰী[  ] হৃদয়ৰ প্ৰতিকৃতি বেলেগ। আজিকালি নাৰী-জাগৰণৰ দিনত শিক্ষিতা লেখিকা থকাহেঁতেন, তেওঁলোকে কিভাবে মনৰ ভাব প্ৰকাশ কৰিলেহেঁতেন, তাৰ পৰা এই প্ৰশ্নৰ মীমাংসা কিছু পৰিমাণে সহজ হ’লহেঁতেন। কিন্তু সাহিত্যৰ বুৰঞ্জীত মৌলিক প্ৰতিভাশালী কোনো তিৰোতা লেখিকাৰ উল্লেখ নাই। যদিওবা পুৰণি গ্ৰীচত চেফো বুলি বিদুষী কবি এগৰাকী ওলাইছিল, কালৰ এনে কুটিল দৃষ্টি যে নানান গ্ৰন্থকাৰৰ পুথিবোৰৰ উদ্ধাৰ হ’ল, কিন্তু আগ-গুৰি নোহোৱা লোকৰ পুথিত উদ্ধৃত কেতবোৰ পদাংশত বাজে চেফোৰ আটাইবোৰ কবিতা কালৰ গৰ্ভত মাৰ গ’ল। এনে অৱস্থাত প্ৰকৃত নাৰী-হৃদয়ৰ স্বৰূপ কি? কবি বৰ্ণিত ‘বজ্ৰাদপি কঠোৰাণি মৃদূণি কুসুমাদপি’ ফুলতকৈ কোমল আৰু অৱস্থা বিশেষে বজ্ৰতকৈয়ো কঠোৰ, এয়ে নাৰী-হৃদয়নে? সমালোচকে কোৱাৰ দৰে ‘a mere nothing’– ই এটি বিৰাট শূন্যতা; ইয়াৰ মীমাংসা ভৱিষ্যতৰ হাতত। পুৰুষ সমালোচকে কেতিয়াবা এনেও মত পোহে যে পুৰুষৰ প্ৰেমে নাৰীৰ জীৱন গৌৰৱমণ্ডিত কৰে। বিচক্ষণ খনিকৰে যেনেকৈ অৰূপ শিলাখণ্ডৰ পৰা দেৱমূৰ্তি কাটি উলিয়ায়, তেনেকৈ প্ৰেমিকেও নাৰী-হৃদয়ৰ নিৰাকাৰ শূন্যতাৰ ভিতৰত প্ৰেম-মন্ত্ৰেৰে নিজৰ আদৰ্শমূৰ্তি জগাই তোলে। এইবোৰ দুৰূহ আৰু জটিল তৰ্ক, নাৰী-হৃদয়ৰ স্বতন্ত্ৰ বিকাশৰ বাবে প্ৰতিভাশালী তিৰোতা লেখিকা নোলায় মানে পৰিচয়ৰ কাৰণে সাহিত্য-জগতে বাট চাই থাকিব লাগিব। কিন্তু অৱস্থা অনুসাৰে নাৰীৰ প্ৰেমেও যে পুৰুষৰ জীৱন গৌৰাৱান্বিত কৰে, তিৰোতায়ো যে পুৰুষৰ বাবে আত্ম-দান কৰিব পাৰে আৰু উদং নাৰী-হৃদয় কেনে ধৰণৰ হ’ব পাৰে তলত দিয়া ঐতিহাসিক ঘটনাৱলীৰ পৰা কিছু আভাস পোৱা হ’ব।

 য়ুৰোপৰ মধ্যযুগত ১০৭৯ খ্ৰীষ্টীয় শকত পীয়াৰে আবেলাৰ্ডৰ জন্ম হয়। তেওঁ দেখাত বৰ সুপুৰুষ আছিল। সময়ত তেওঁ অতি বিদগ্ধ পণ্ডিত হৈ উঠিল। আমাৰ দেশত বেদান্তৰ ভাষ্যকাৰ শঙ্কৰাচাৰ্যৰ যি পাণ্ডিত্যৰ খ্যাতি, য়ুৰোপতো মধ্যযুগত প্ৰচলিত শাস্ত্ৰ আৰু দৰ্শন সমালোচনাত আবেলাৰ্ডৰ সেই খ্যাতি। তেওঁৰ শাস্ত্ৰৰ ব্যাখ্যা আৰু গৱেষণাই এনে মোহিনী শক্তি বিস্তাৰ কৰিছিল যে তেওঁৰ বিপদশঙ্কুল জীৱনত য’তেই তেওঁ পলাই ফুৰিছিল, ত’তেই উৱাদিহ লৈ দেশ-দেশান্তৰৰ ছাত্ৰসকলে খেদি গৈ লগ ধৰি তেওঁ থকা ঠাইৰ চাৰিওফালে পঁজা বান্ধি থাকিও তেওঁৰ বক্তৃতা শুনিছিল। ঐতিহাসিক পণ্ডিতসকলে কয় তেওঁ এটি গতিশীল বিশ্ববিদ্যালয় আছিল। তেওঁলোকে ইমানখিনিও ক’ব খোজে যে আবেলাৰ্ডে যি আদৰ্শৰ মোহিনী শক্তিত হেজাৰ হেজাৰ ছাত্ৰ টানি আনিছিল, সেই শক্তিৰ সঙ্ঘবদ্ধ গঠনৰ চেষ্টাতেই পিছৰ কালত বিশ্ববিদ্যালয়ৰ আৱিৰ্ভাৱ হয়।

 যি দুৰ্ঘটনাই আবেলাৰ্ডক তেওঁৰ পাণ্ডিত্যতকৈয়ো বেছিকৈ সাহিত্য বুৰঞ্জীত জীয়াই ৰাখিছে, তাৰ বিৱৰণ তেওঁ Historia Calamitatum, ‘দুৰ্ভাগ্যৰ সোঁৱৰণি’ বোলা আত্ম-চৰিতত নিজেই বৰ্ণাই গৈছে। তাৰে চমু বিৱৰণ এটি তলত দিয়া হ’ল।

[ ১০ ]  ডেকা কালত পেৰিছ নগৰত শাস্ত্ৰৰ ব্যাখ্যা কৰি যেতিয়া আবেলাৰ্ডে গৌৰৱৰ জেউতি চৰাইছিল, তেতিয়া সেই নগৰত হেলইছা নামেৰে এজনী অসামান্য বিদুষী ছোৱালী আছিল। ছোৱালীজনী ফুলবাৰ্ট নামৰ দদায়েকৰ লগত আছিল। দদায়েকৰো ইচ্ছা, ছোৱালীজনীক যেন সেই সময়ত চলিত সকলো দৰ্শন, অলঙ্কাৰ আদি শাস্ত্ৰত অদ্বিতীয় কৰি গঢ়ি তোলে।

 আবেলাৰ্ডে ইমান দিন সংযতভাৱেই জীৱন-যাপন কৰিছিল। কিন্তু উজান বয়স আৰু সুখ্যাতিৰ তেজ তপতোৱা প্ৰভাৱত মনৰ বান্ধ মুকলি কৰি দি প্ৰেমৰ পাত্ৰী এজনীৰ সন্ধানত মন দিলে। হেলইছাৰ জ্ঞানস্পৃহাৰ কথাৰ বুজ পাই নিজৰ দেখনিয়াৰ শৰীৰ আৰু যশস্যাৰ আশ্ৰয় কৰি হেলইছাক প্ৰেমৰ শিকলিৰে বান্ধিবৰ উপায় সাজিবলৈ ধৰিলে। আপোন ঘৰত থাকিলে পঢ়া আৰু গৱেষণাৰ ক্ষতি হয় বুলি ফুলবাৰ্টৰ ঘৰত থাকিবলৈ তেওঁ বন্দৱস্ত কৰাই ল’লে। ফুলবাৰ্ট যদিও বৰ কৃপণ আছিল, তথাপি ভতিজা-জীয়াৰীক শিকোৱালৈ তেওঁৰ ইমান আগ্ৰহ যে আবেলাৰ্ডক নিজ ঘৰত থাকিবলৈ দি হেলইছাক তেওঁত শোধাই দিলে। তেওঁ যেনছাত্ৰক শিকোৱাত বাজে আন সময়খিনি ছোৱালীজনীক শিকোৱাত নিয়োগ কৰে, দিনে-ৰাতি যি কোনো সময়তে ছোৱালীৰ ওচৰলৈ তেওঁৰ গতি অবাধ থাকিব আৰু আৱশ্যক হ’লে পঢ়া-শুনাত আওহেলা কৰা বুলি তেওঁ ছোৱালীক শাস্তিও দিব পাৰিব। দদায়েকৰ এই সৰলতাত বিদগ্ধ পণ্ডিত মুগ্ধ হ’লেও তেওঁৰ কামুক অন্তৰাত্মা এই প্ৰস্তাৱত লেলিহান হৈ উঠিল। আবেলাৰ্ডে অকপটভাৱে আত্ম-চৰিতত লিখিছে যে কামবৃত্তি চৰিতাৰ্থ কৰিবৰ অৰ্থে এই সুযোগৰ সম্পূৰ্ণ সুবিধা ল’বলৈ তেওঁ সাজু আছিল। যদি কথাত বশ নহয়, তেনেহ’লে শাস্তি প্ৰয়োগ তেওঁৰ ক্ষমতাৰ ভিতৰতেই আছিল। কবিয়ে গাইছে, ‘অপথে পদমৰ্পয়ন্তি হি শ্ৰুতান্বিতোহপি ৰজোনিমীলিতাঃ’, বেদ-বিজ্ঞান পাৰ্গত পণ্ডিতেও ৰজোগুণত অন্ধলা হৈ আওবাটত খোজ দিয়ে।

 কিন্তু ইমানলৈ যাব নেলাগিল। মূৰৰ ওপৰৰ এডুখৰি ছালেই দুয়োৰো হিয়া দুখনিক এখনি কৰি তুলিলে। মেলা পুথি মেলাই থাকিল, দৰ্শন শাস্ত্ৰৰ ঠাই প্ৰেমালাপে ল’লে, জটিল সূত্ৰৰ ঠাই চুমাই অধিকাৰ কৰিলে আৰু উদ্ভাসিত চকুত জ্ঞানৰ দীপ্তিৰ ঠাইত প্ৰেমৰ স্নিগ্ধপ্ৰভা জিলিকিবলৈ ধৰিলে। দদায়েকে সন্দেহ কৰিব বুলি কেতিয়াবা ধেমালিকৈ মৰিওৱাৰ ভাও দিব ধৰিলে।

 কিন্তু কাৰ্যত তেওঁৰ মনৰ বৈলক্ষণ্য প্ৰকাশ পাবলৈ ধৰিলে। ছাত্ৰসকলৰ প্ৰতি আওহেলা, বক্তৃতাতো পুৰণি কথাৰেই পুনৰুক্তি আৰু কবিতা ৰচনাতো দৰ্শনৰ বিশদ ব্যাখ্যাৰ ঠাইত প্ৰেমৰ গুণ-গৰিমাই ঠাই ল’লে। আবেলাৰ্ডৰ কবিতাই চাৰিওফালৰ পৰাই সমাদৰ পালে; কিন্তু ছাত্ৰসকলৰ অন্তৰৰ পৰা দীঘল আৰু তপত হুমুনিয়াহ ওলাবলৈ ধৰিলে ‘পতত্যধো ধাম বিসাৰি সৰ্ব্বতঃ’—সকলো দিশ পোহৰ কৰি উল্কাৰ দৰে তেওঁৰ দীপ্তি [ ১১ ] তলমুখে পৰিবলৈ ধৰিলে। দদায়েকত বাজে আন সকলোৰে কথাৰ বুজ পালে; শেহত দদায়েকেও নেজানি নেথাকিল। প্ৰেমিক-প্ৰেমিকা আঁতৰা-আঁতৰি হ’ব লগাত পৰিল। বিৰহ-যন্ত্ৰণাৰ মাজতো ইটোৰ-সিটোৰ দুৰ্গতিৰ কথা ভাবি বিমোৰ।

 ইয়াৰ অলপ পিছতেই হেলইছাই বৰ আনন্দেৰে আৱেলাৰ্ডলৈ লিখি পঠালে যে তেওঁ অন্তঃসত্ত্বা হৈছে আৰু এতিয়া কি কৰিব পৰামৰ্শ সুধিলে। এদিন দদায়েক ফুলবাৰ্ট ঘৰত নথকাত আগেয়ে কোৱামতে আবেলাৰ্ডে হেলইছাক নিজৰ জন্মভূমি ব্ৰিটনি বোলা ঠাইলৈ লৈ গ’ল আৰু ভনীয়েকৰ তত্ত্বাৱধানত ৰাখিলে। তাতেই হেলইছাৰ ল’ৰা এটি উপজিল।

 ইফালে দদায়েক আহি শুদা ঘৰ দেখি বলিয়া হ’ল। আবেলাৰ্ডক মাৰ-ধৰ কৰিলে জানোচা হেলইছাক তেওঁৰ কুটুমসকলে অত্যাচাৰ কৰে, এই ভয়তেই মনৰ খং মনতে মাৰ নিয়াবলৈ ধৰিলে। শেষত আবেলাৰ্ডে দদায়েকৰ দুখত নিজেই কাতৰ হৈ তেওঁক গৈ ক’লে, এই ঘটনাত শোক কৰিবলগীয়া কথা একো নাই আৰু ইয়াত অস্বাভাৱিকতাৰো লেশ মাত্ৰ নাই। তেওঁ ছোৱালীজনীক বিধিমতে বিয়া কৰিব। কিন্তু বিয়াৰ কথাত যেনে দদায়েকে হাঁহি মুখেৰে মান্তি হ’ল; কিন্তু অন্তৰত প্ৰতিহিংসাৰ জুই জ্বলি উঠিল।

 মধ্যযুগত নিয়ম আছিল যে যিসকলে অধ্যাপনাৰ ব্ৰত গ্ৰহণ কৰে, তেওঁলোকে কৌমাৰ্য অৱলম্বন কৰিব। যদিওবা কেতিয়াবা ভৰি পিছলে সেইটো সিমান ধৰিবলগীয়া নাছিল। কিন্তু বিয়াৰ বান্ধোনত সোমালে, অধ্যাপনাৰ কামত ব্যাঘাত হয় বুলি সেই দিনৰ ধৰ্ম-প্ৰতিষ্ঠানবিলাকৰ ভৱিষ্যৎ উন্নতিত বাধা জন্মে। আবেলাৰ্ডে ভৱিষ্যতৰ উন্নতিৰ কথা তাচ্ছিল্য কৰি, ধৰ্মপত্নী কৰিবলৈ হেলইছাক ঘৰৰ পৰা অনালে।

 ইমানখিনিলৈ ঘটনাত সাধাৰণ প্ৰেম-কাহিনীত বাজে আন কথা চকুত নপৰে। কিন্তু বিয়াৰ প্ৰস্তাৱৰ বিৰুদ্ধে হেলইছাই যি অভিনৱ যুক্তিৰ অৱতাৰণা কৰিলে তাৰ পৰা তেওঁৰ চৰিত্ৰৰ মহত্ত্ব ফুটি ওলাল।

 বিদুষী হেলইছাই বিয়াৰ প্ৰস্তাৱত আপত্তি তুলিলে, প্ৰথমতঃ, দদায়েকৰ স্বভাৱ তেওঁ ভালকৈ জানে। বিয়াৰ চেলু লৈ দদায়েকে আবেলাৰ্ডৰ ওপৰত প্ৰতিশোধ ল’বলৈ চেষ্টা কৰিব। দ্বিতীয়তঃ বিয়াৰ পৰা তেওঁৰ যি ভৱিষ্যৎ উন্নতিৰ ভেটা হ’ব তাত তেওঁ নিজকেই গৌৰৱান্বিত বুলি ভাবিব কেনেকৈ? আবেলাৰ্ডৰ প্ৰতিভা জগতৰ হিতৰ বাবে, তেওঁৰ ভৱিষ্যৎ ঠাই ধৰ্ম-প্ৰতিষ্ঠানৰ ওখ শিখৰত। এনে এজন পুৰুষক নিজৰ কৰি ঘৰৰ চাৰি চুকত সুমুৱাই ৰাখিলে জগতৰ শাও তেওঁৰ ওপৰত নপৰিবনে? যদিওবা আবেলাৰ্ডে জগতৰ আশা আৰু নিজৰ ভৱিষ্যৎ গৌৰৱক তুচ্ছ-জ্ঞান কৰি ঘৰুৱা জীৱনকে ডাঙৰ পাতিব খোজে, তাৰ পৰাই বা তেওঁৰ সুখ-শান্তি কি হ’ব? তিৰোতা-সেৱা আৰু শাস্ত্ৰ-চৰ্চা সমানে সমানে নচলে। এফালে শিক্ষাৰ কাম, আনফালে ঘৰুৱা জঞ্জাল; এফালে শাস্ত্ৰৰ [ ১২ ] প্ৰতি মনোযোগ, আনফালে ল’ৰা-ছোৱালীৰ চিঞৰ-বাখৰ; ইয়াত তেওঁৰ শান্তিৰ সম্ভাৱনা ক’ত? সেই কাৰণে সকলো যুগতেই জ্ঞানসেৱীসকলে সংসাৰৰ আহুকালৰ পৰা আঁতৰত থাকি নিৰ্বিবাদে জ্ঞান-চৰ্চাতেই মন নিয়োগ কৰিছিল।

 ইমানতো আবেলাৰ্ডৰ সঙ্কল্প অটল দেখি হেলইছাই নিজৰ সুখৰ নাম কৰিয়েই তেওঁক বুজাবলৈ ধৰিলে। পেৰিছ নগৰত থকাটো হেলইছাৰ পক্ষে অশান্তিকৰ হ’ব। বিবাহিতা হোৱাতকৈ আবেলাৰ্ডৰ ৰক্ষিতা হোৱাটোহে তেওঁ বেছি গৌৰৱান্বিত বুলি ভাবে। আঁতৰা-আঁতৰিকৈ থকাৰ বাবে তেওঁলোকৰ ক্ষণিক মিলনো স্বৰ্গীয় সুখৰ আকৰ যেন হ’ব।

 ইয়াতো আবেলাৰ্ডক অচল দেখি চকুৰ পানীৰ ভিতৰেদি হেলইছাই নিঃস্বাৰ্থে প্ৰেমিকাৰ ভৱিষ্যৎ-দৰ্শিতাৰ পৰিচয় দি ক’লে, “বিয়াৰ ঘটনাৰ পৰা আমাৰ যি আমৰণ শোকৰ ঢল বৈ থাকিব, তাৰ গভীৰতা আমাৰ আগৰ প্ৰেমৰ গভীৰতাতকৈ কম নহ’ব।” ঘটনাৰ চকৰি যেনেকৈ ঘূৰিবলৈ ধৰিলে, এই ভৱিষ্যৎবাণী আখৰে আখৰে ফলিল।

 ল’ৰাটোক ভনীয়েকৰ ওচৰত ৰাখি দুয়ো পেৰিছলৈ আহিল আৰু বিধান অনুসাৰে গোপনে বিয়া হৈ গ’ল। বিয়াৰ পিছত দুয়ো বেলেগে থাকিল আৰু সময়মতে গোপনে দেখা-শুনা চলিবলৈ ধৰিলে। দদায়েকে আগৰ অঙ্গীকাৰ ভঙ্গ কৰি প্ৰচাৰ কৰি দিলে যে আবেলাৰ্ডৰ বিয়া হৈ গৈছে। কিন্তু হেলইছাই ক’বলৈ ধৰিলে যে এইটো মিছা। এইটো গম পাই আবেলাৰ্ডে হেলইছাক পেৰিছৰ ওচৰত মধ্যযুগৰ খ্ৰীষ্টীয় ভিক্ষুণীৰ মঠ এটিত ভিক্ষুণীৰ ভেশ পিন্ধাই থৈ দিলে। তেতিয়াৰ দিনত গৃহবাসত থকা তিৰোতায়ো ভিক্ষুণীৰ বেশ লৈ মঠত থাকিব পাৰিছিল আৰু যিমান দিন ভিক্ষুণীয়ে ওৰণি নলয়, তিমান দিন ইচ্ছা কৰিলে আকৌ গৃহবাসলৈ উলটি আহিব পাৰিছিল। হেলইছাই তেতিয়া ওৰণি লোৱা নাছিল। দদায়েকে এই বাতৰি পাই প্ৰতাৰিত হোৱা যেন ভাবি আবেলাৰ্ডৰ ওপৰত নৃশংস আৰু ঘৃণনীয় প্ৰতিহিংসা ল’লে। ৰাতি আবেলাৰ্ডৰ লগুৱাহঁতক টকা দি বশ কৰি তেওঁৰ শোৱা খোঁটালিত সোমাই তেওঁক ‘ভগ্নমুষ্ক’ কৰি অপুৰুষ কৰিলে।

 পুৱা এই পাশৱিক নিৰ্যাতনৰ কথা চাৰিওফালে বিয়পি পৰিল। লোকৰ সমাৰোহ হ’ল। পণ্ডিত আৰু ছাত্ৰসকলৰ আৰ্তনাদত চাৰিওদিক শোকত উথলি উঠিল। দাৰুণ যন্ত্ৰণা আৰু লাজ-অপমানত আবেলাৰ্ড মৰাৰ তুল্য হ’ল। চিৰকাললৈ তেওঁৰ ওপৰত জগতৰ ঘৃণাৰ চকু থাকিব আৰু শাস্ত্ৰৰ বিধানমতেও তেওঁ অশুচি হৈয়ে থাকিব লগা হ’ল। জগতৰ চকুৰ পৰা আঁতৰিবলৈ, হেলইছাক ওৰণি ল’বলৈ স্বইচ্ছাৰে মান্তি কৰাই ছেণ্ট ডেনিছৰ মঠত আবেলাৰ্ডে চিৰ-সন্ন্যাস মন্ত্ৰ গ্ৰহণ কৰিলে।

 হেলইছাই যেতিয়া ওৰণি ল’বলৈ যো-জা কৰিবলৈ ধৰিলে সঙ্গিনীসকলে তেওঁক নিৰস্ত কৰিবলৈ চেষ্টা কৰিলে— ‘কিমিত্যপাস্যাভৰণানি যৌৱনে ধৃতং ত্বয়া বাৰ্দ্ধক্যশোভি [ ১৩ ] বল্কলম’— এতিয়াও তেওঁৰ ভৰ যৌবন; এই বয়সতেই বুঢ়াকালৰ উপযোগী ওৰণি ল’ব কেলেই? কিন্তু হেলইছাই অকণো বিচলিত নহৈ চকুৰ পানী মচি, “অ’ মোৰ মহামহিমান্বিত স্বামী, তোমাক এইদৰে দুৰ্দশাগ্ৰস্ত কৰিবলৈ অপৰাধিনীয়ে কিয় বিয়াৰ প্ৰস্তাবত সন্মতি দিছিলো? সেই অপৰাধৰ দণ্ড নিজ হাতে তুলি ধৰিছো, তুমি গ্ৰহণ কৰা।” এইবুলি মন্দিৰৰ থাপনাৰ ওচৰলৈ গৈ নিজ হাতে মন্ত্ৰপূত ওৰণি তুলি লৈ পৰিদৃশ্যমান জগতৰ ওপৰত আঁৰ-কাপোৰ টানি দিলে।

 ‘দুৰ্ভাগ্যৰ সোঁৱৰণি’ বোলা আত্ম-চৰিতত আবেলাৰ্ডৰ বিষয়ে আন আন কথাও আছে। সেইবোৰৰ উল্লেখ অপ্ৰাসঙ্গিক। ছেণ্ট ডেনিছৰ মঠৰ পৰা আহি আবেলাৰ্ডে আৰ্ডিসোঁ নৈৰ পাৰত পেৰাক্লিট বুলি বেলেগ এটি মঠ স্থাপন কৰিলে আৰু এইটো মঠ হেলইছা আৰু সহধৰ্মচাৰিণীসকলক এৰি দি তেওঁ আন এটি মঠলৈ গ’ল। এই মঠতেই ‘দুৰ্ভাগ্যৰ সোঁৱৰণী’ লেখা হয়।

 পেৰাক্লিট মঠৰ পৰা আঁতৰাৰ পিছত কেতিয়াবা কাচিৎহে আবেলাৰ্ডে তালৈ গৈছিল। কিয়নো তেওঁ তালৈ গ’লেই জনসাধাৰণৰ মাৰ যোৱা পুৰণি সোঁৱৰণি তেওঁৰ বিষয়ে সজাগ হৈ উঠে। হেলইছা বিদূষী আছিল। অলপ সময়ৰ ভিতৰতেই তেওঁ মঠাধিকাৰিণী হ’ল আৰু সকলোৱে তেওঁৰ জ্ঞাননিষ্ঠা আৰু আধ্যাত্মিকতাৰ শলাগ ল’বলৈ ধৰিলে। তেওঁ বাহিৰলৈ নোলায়, সকলো সময় ধ্যান-ধাৰণাতেই কটালে।

 কিন্তু তেওঁৰ ধ্যান-ধাৰণাৰ উপাস্য-বস্তু কি আছিল? তেওঁ পৰলোকৰ কথাকেই ভাবিছিলনে? এদিনাখন কেনেবাকৈ ‘দুৰ্ভাগ্যৰ সোঁৱৰণি’খনি তেওঁৰ হাতত পৰিল। পুথিখন পঢ়ি সন্ন্যাসী আবেলাৰ্ডলৈ যি এখন দীঘলীয়া চিঠি লিখিলে, তাৰ পৰাই নাৰী জীৱনৰ গৰিমা আৰু দুৰ্বলতা ওলাই পৰে। হেলইছাৰ চিঠিখন কল্পনাৰ ৰহণ সানি ছন্দোবন্ধ কৰি নানান কবিয়ে প্ৰসিদ্ধি লাভ কৰিছে। তলত তাৰ সাৰাংশ তুলি দিয়া হ’ল।

 সন্ন্যাস-ব্ৰত গ্ৰহণ কৰিলে লৌকিক জগতৰ সম্বন্ধ এৰি দি সন্ন্যাসী-সন্ন্যাসিনীয়ে ধৰ্ম-ভাই-ভনী সম্বন্ধ পাতি লোৱাৰ নিয়ম আছিল; কিন্তু হেলইছাই যিখন চিঠি লিখিছিল তাত তেওঁ আবেলাৰ্ডেক এইদৰে সম্বোধন কৰিছিল—

 To her husband, rather to a friend— ‘তেওঁৰ স্বামীলৈ, অ’ নহয়, তেওঁৰ ধৰম ভাইলৈ’। “অ’ মোৰ প্ৰিয়তম, তুমি যিখন আত্ম-চৰিত তোমাৰ কোনোবা বন্ধুক বিপদত ধৈৰ্য ধৰিবলৈ আদেশ দি ৰচনা কৰিছা, সেইখন মোৰ হাতত পৰিছেহি। তোমাৰ কথাবোৰে মোৰ সোঁৱৰণিত বিষাদৰ ঘোৰ কালিমা ঢালি দিছে। কিয়নো সেইবোৰে অতীতৰ শোকাৱহ প্ৰেমৰ কাহিনী আৰু তোমাৰ অছেদ-অভেদ দুৰ্দশাৰ বাতৰিক আকৌ সজীৱ কৰি তুলিছে। তোমাৰ ‘সোঁৱৰণি কোনেও শুকান চকুৰে পঢ়িব নোৱাৰে। তুমি বন্ধুলৈ দীঘলীয়া চিঠি লিখি তেওঁক সান্ত্বনা দিবলৈ চেষ্টা কৰিছা, তুমি নতুনকৈ মঠ এটি [ ১৪ ] সাজি আমাক ইয়াত থাকিবলৈ দিছা। কিন্তু আমি কেনেকৈ চলিব লাগে তাৰ চেষ্টা কৰা নাই। আনৰ কথা এৰি দিলেও মোক তুমি আওহেলা কৰা কেনেকৈ? বিয়াৰ বান্ধোনত তুমি আৰু মই একাত্ম হৈ গ’লো, এতিয়াও তোমাকেই আশ্ৰয় কৰি আছো। মোৰ সদ্‌গতিৰ কাৰণেও কেতিয়াবা চিঠি এখনি লিখিব নোপোৱানে?

 “প্ৰিয়তম, তোমাক হেৰুৱাই মই কি নেহেৰুৱাইছো, তুমি জানা; কোনেই বা নেজানে? বিশ্বাসঘাতকতাৰ পাশৱিক নিৰ্যাতনত তোমাকো হেৰুৱালো, নিজকো হেৰুৱালো। মোৰ শোক যিমান বেছি, তিমানেই তুমি মোক সান্ত্বনা দিব লাগিছিল। তুমিয়েই মোক শোক-তাপত দেইপুৰি মাৰিব পাৰা, তুমিয়েই মোক সান্ত্বনা দি আনন্দতো ৰাখিব পাৰা।”

 মোৰ প্ৰতি তোমাৰ এইটো কৰ্তব্যও— তুমি মনত আঘাত পাবা বুলি তোমাৰ আদেশ সম্পূৰ্ণভাৱে পালন কৰি মোৰ জীৱন জলাঞ্জলি দিছো। নহয়, ইয়াতকৈয়ো মই বেছি কৰিছো— মোৰ প্ৰেমে বলিয়ালিত পৰিণত হৈ যি প্ৰতীকৰ পৰা সুখ-সম্ভোগ বিচাৰে সেই প্ৰতীকৰেই আশা এৰি দিলে যেতিয়া এই সাজ-পাৰৰ লগে লগে হিয়াৰো অধিকাৰী হৈ থাকিব পাৰা। ঈশ্বৰে জানে, মই কেৱল তোমাকহে বিচাৰিছিলো; তোমাৰ আন যি আছিল তাক মই বিচৰা নাই। মই তোমাৰ লগত বিয়াৰ সম্বন্ধ বিচৰা নাই; যৌতুক বিচৰা নাই; তোমাৰ ইচ্ছাকেহে পালন কৰিছো। পত্নী-সম্বন্ধ পবিত্ৰ হ’ব পাৰে, বেছি শক্তিশালী হ’ব পাৰে; কিন্তু মোৰ মানত ‘ৰক্ষিতা’ সম্বন্ধ— যদি খং নকৰা— তোমাৰ লগত অভিসাৰিকা সম্বন্ধহে মোৰ প্ৰিয়তৰ লাগিছিল। তোমাৰ মনত মোৰ অৱস্থা যিমানেই হীন হয় তিমানেই তোমাৰ অনুগ্ৰহৰ পাত্ৰী হৈ যেন ভাবিছিলো, তিমানেই তোমাৰ গৌৰৱ ক্ষুণ্ণ নকৰাকৈ তোমাৰ সেৱা কৰিব পাৰিম বুলি ভাবিছিলো। যদি ৰোমৰ সম্ৰাট অগাষ্টাছে মোক অৰ্দ্ধ সাম্ৰাজ্যেশ্বৰী পাতিম বুলি বিয়া কৰাব খুজিলেহেঁতেন তথাপি ঈশ্বৰক সাক্ষী ৰাখি মই ক’ব পাৰো, তোমাৰ লগত ৰক্ষিতা সম্বন্ধহে মোৰ মনঃপুত হ’লহেঁতেন। চহকী আৰু শক্তিমান হ’লেই মানুহ শ্ৰেষ্ঠ নহয়। চহকী হোৱাটো সৌভাগ্য হ’ব পাৰে, কিন্তু তোমাৰ হৈছে গুণীৰ অৱস্থা। যি তিৰোতাই দুখীয়াতকৈ চহকী স্বামীহে বিচাৰে, তেওঁক স্নেহ নিদি টকাহে দিব লাগে। তোমাৰ প্ৰতি মোৰ প্ৰীতি ভ্ৰমবিমুক্ত; সম্ৰাট বা পণ্ডিত কোন তোমাৰ সমান যশস্বী হ’ব পাৰে? কোন নগৰ বা কোন দেশে তোমাৰ দৰ্শন অভিলাষ নকৰে? তুমি যেতিয়া সভা-মণ্ডপত থিয় হোৱা কোনে তোমাৰ ক্ষণিক দৃষ্টি পাবলৈ ডিঙি নেমেলে? কোন কুমাৰীয়ে তোমাৰ বিৰহৰ উদ্বেগ আৰু তোমাৰ উপস্থিতিত তপত তেজৰ সঞ্চাৰ অনুভৱ নকৰে? কোন সম্ৰাজ্ঞী মোৰ সুখ আৰু সম্ভোগত ঈৰ্ষান্বিত হোৱা নাছিল? তোমাৰ দুটি গুণ আছিল, যি সকলো তিৰোতাৰে মন আঁজুৰি আনিব পাৰিছিল— তোমাৰ গীত আৰু কবিত্ব-শক্তি। জটিল [ ১৫ ] শাস্ত্ৰ-চৰ্চাৰ পৰা ভাগৰ পলুৱাবলৈ নানান ছন্দ আৰু গাঁথাত তুমি কবিতা ৰচনা কৰিছিলা; ভাবৰ মধুৰতা আৰু ছন্দ ঝঙ্কাৰৰ বাবে তোমাৰ নাম মানুহৰ মুখে মুখে। তোমাৰ গীতৰ ঋঙ্কাৰে নিৰক্ষৰ সমাজতো তোমাক চিৰঞ্জীৱী কৰি ৰাখিছে। এইবোৰ গুণৰ কাৰণেই নাৰী সাধাৰণেই তোমাৰ প্ৰেমিকা হ’বলৈ দীঘল হুমুনিয়া কাঢ়ে। এইবোৰ গীত যেতিয়া মোৰ নামৰ লগত সংশ্লিষ্ট, তোমাৰ গীতৰ লগে লগে মোৰ নামো ছিটিকি পৰি নাৰী সমাজক মোৰ সৌভাগ্যত ঈৰ্ষান্বিত কৰি তুলিছিল। শৰীৰৰ কি সৌষ্ঠৱ আৰু মনৰ কি গুণে তোমাৰ যৌৱনক অলঙ্কৃত কৰা নাই? কোন ঈৰ্ষান্বিত তিৰোতাই তোমাৰ স্নেহৰ পৰা বঞ্চিত মোক এতিয়া অনুকম্পা নকৰিব, কোন শত্ৰুৱে স্নেহবিধুৰা মোৰ প্ৰতি সদয় নহ’ব?

 “মই নিৰ্দোষী হৈয়ো তোমাৰ দুৰ্দশাৰ কাৰণ হওঁ। কামৰ ফলত দোষ নহয়, কৰোঁতাৰ উদ্দেশ্যইহে অপৰাধ সৃষ্টি কৰে। তোমাৰ লগত মোৰ যি সংযোগ তাৰ কাৰণ তুমি নিজে কৈছা আৰু তাৰ কাৰণ তুমিহে বিচাৰ কৰিবও পাৰা। মই সকলো কথা তোমাৰ বিচাৰত অৰ্পণ কৰিলো আৰু তোমাৰ আদেশ মূৰ পাতি ল’ম।

 “মোক এটি কথা কোৱাচোন, তুমি কোৱামতে মোৰ সন্ন্যাস দীক্ষাৰ পিছত মই কিয় পাহৰণিৰ গৰ্ভত পৰিলো, কিয় মই তোমাৰ কথা শুনি বা তোমাৰ চিঠি পাই শৰীৰ শীতলাবলৈ নেপাওঁ? যদি পাৰা তুমি অস্বীকাৰ কৰা। এইটো অন্তৰত অনুভৱ কৰোঁ আৰু লোকেও সন্দেহ কৰে— বন্ধুতাতকৈ বাসনাই, প্ৰেমতকৈ কামুকতাইহে তোমাক মোৰ ওচৰ পোৱাইছিল। সেইদেখি যেতিয়া বাসনাৰ তৃপ্তি হ’ল, ইয়াৰ চৰিতাৰ্থতাৰ বাবে তোমাৰ যি আগ্ৰহ সকলো নাইকিয়া হ’ল। অ’ মোৰ প্ৰিয়তম, এইটো কেৱল মোৰ নহয়, লোক সমাজৰো ধাৰণা। কেৱল মোৰ ধাৰণা হোৱাহেঁতেন অসন্তোষৰ কাৰণ নাছিল, তেতিয়া তোমাৰ আন্তৰিক প্ৰেমৰ সাক্ষীসকলে মোৰ মনৰ তাপ শীতলোৱাত সহায় কৰিলেহেঁতেন। তুমি যি অপৰাধ কৰিছা তাৰ খণ্ডনৰ বাবে যদি যুক্তি বিচাৰি পালোহেঁতেন, মই কাঁচৰ মূল্যত আত্ম-বিক্ৰয় কৰাৰ বাবে সান্ত্বনা পালোহেঁতেন। মই এটি অনুৰোধ কৰোঁ, ৰক্ষা কৰা তোমাৰ সাং নোহোৱা ভাষাত অন্ততঃ প্ৰীতিৰ ভাও কৰিও মোলৈ চিঠি লিখা তোমাৰ সাময়িক উপস্থিতিও যেতিয়া দুৰ্মূল্য, তোমাৰ ভাষাই তোমাৰ স্নিগ্ধ মূৰ্তি মোৰ চকুত সজীৱ কৰি ৰাখিব।

 “মই তোমাৰ পৰা বহুত দাবী কৰিব পাৰো যেন লাগে। তোমাৰ বাবেই মই সকলোখিনি কৰা নাইনে? এতিয়াও তোমাৰ আদেশেই পালন কৰি নাছোনে? অকণমানি ছোৱালী কালতেই ভিক্ষুণীৰ ওৰণি ল’লো— পুণ্য সাচিবলৈ নহয়, তোমাৰ আদেশ পালন কৰিবলৈহে। তোমাৰ পৰা যদি একো পাবৰ যোগ্য নহওঁ, ঈশ্বৰৰ পৰাও একো পাব নোৱাৰো; তেওঁৰ বাবে একো কৰা নাই। তুমি সন্ন্যাসব্ৰত লোৱাৰ আগতেই মোক সন্ন্যাসিনী [ ১৬ ] কৰিলা— মোৰ প্ৰতি যি অবিশ্বাস ইয়াত প্ৰকাশ পালে তাৰ বাবে মই কাতৰ আৰু লজ্জিত হৈছিলো। ঈশ্বৰে জানে তোমাৰ আদেশত মই জুইত সোমাব পাৰো। মোৰ হিয়া মোত নাই, তোমাৰ তাত আছে আৰু এতিয়া তোমাৰ হিয়াতেই মাৰ গৈছে। তোমাক এৰি ইয়াত থাকিবৰ ঠাই নাই। মোৰ হিয়াই যেন তোমাৰ হিয়াতেই নিৰাপদে থাকিব পাৰে; কাবৌ কৰিছো তুমি যেন অলপ মন দিয়া। মই সৰ্বস্ব দিছো, তুমি অকণমানো দয়া দেখুওৱা। মই কি কৰিছো আৰু মোৰ প্ৰতি তোমাৰ কি কৰ্তব্য বুলি ভাবা, তুমি যেন নেপাহৰা। তোমাৰ লগত যেতিয়া ইন্দ্ৰিয়-সুখত লিপ্ত আছিলো, তেতিয়া মানুহে সন্দেহ কৰিছিল, মই কামনে বিশুদ্ধ প্ৰেমৰ তাড়নাত তোমাৰ প্ৰতি আকৃষ্ট হৈছিলো। কিন্তু আৰম্ভণিৰ উদ্দেশ্যে সামৰণিৰ পৰাই বুজি ল’ব পাৰি। তোমাৰ আদেশ পালিবলৈ সুখৰ পৰা নিজক বিচ্ছিন্ন কৰিছো। তোমাৰ লগত একাত্ম হোৱাত বাজে নিজৰ বুলিবৰ একো ৰখা নাই। মোৰ প্ৰতি তোমাৰ ঋণৰ যি পৰিমাণ, তাৰ শোধৰ বাবে তুমি অনায়াসে দিব পৰা যৎসামান্য বস্তু অকণিও যদি নিদিয়া, তেনেহ’লে তুমি কেনে অসজ যেন লাগিব, ভাবি চোৱাচোন। যি ঈশ্বৰৰ নামত সন্ন্যাস-ব্ৰত লৈছা, তেওঁৰ নামত তোমাক কিবা দি খাটিছো, তুমি অনায়াসে কৰিব পাৰা— মোক সান্ত্বনাৰ চিঠি এখন দিবাচোন। তোমাৰ চিঠিতেই মোৰ মন জুৰাব। তেতিয়া মই একাগ্ৰভাৱে ঈশ্বৰ-সেৱা কৰিব পাৰিম। আগেয়ে তুমি যেতিয়া মোক ইন্দ্ৰিয়-সুখৰ বাবে মাতিছিলা, তেতিয়া লানি নিছিগা চিঠিৰে মোক তত্ নোহোৱা কৰিছিলা। তোমাৰ গীতেই মোৰ নাম বাটে-ঘাটে প্ৰতিধ্বনিত কৰি তুলিছিল। তেতিয়া চিঠিৰে সম্ভোগ–সুখলৈ মাতিছিলা, এতিয়া তোমাৰ চিঠিৰে মোক ঈশ্বৰাভিমুখী কৰিবলৈ উদগনি দিয়াটো তোমাৰ কিমান উচিত কাম? মোৰ প্ৰতি তোমাৰ কৰ্তব্য বিচাৰি ল’বা; মই কি খুজিছো মনত ৰাখিবা। বিদায় মোৰ সৰ্বহ।”

 হেলইছাৰ কৰুণা-কাতৰ চিঠিৰ উত্তৰ আবেলাৰ্ডে দিলে। তেওঁৰ চিঠি নিদাৰুণ সংযত, তাত ব্যক্তিগত সম্বন্ধৰ কোনো উল্লেখ নাই। সম্বোধনৰ ঠাইত আছে— To Heloise, his beloved sister in Christ—‘খ্ৰীষ্টৰ সম্পৰ্কে প্ৰিয়তম ভনী হেলইছালৈ।’ তেওঁ লিখিছে যে তেওঁলোকৰ সন্ন্যাস-দীক্ষাৰ পিছত হেলইছালৈ চিঠি লিখা নাই তাৰ কাৰণ আওহেলা নহয়। হেলইছাৰ বিবেচনা আৰু ধৈৰ্যৰ ওপৰত তেওঁৰ অটল বিশ্বাস। তেওঁ ভবা নাছিল যে যিজনীয়ে মঠাধিকাৰিণী হিছাপে তেওঁৰ তলতীয়া ভিক্ষুণীসকলক ঈশ্বৰৰ কৃপাৰ বাতৰি দি সান্ত্বনা দিব পাৰিছে তেওঁ আকৌ আনৰ পৰা উপদেশ অপেক্ষা কৰিব? কিন্তু যদি বিনয়বশত তেওঁ কেতিয়াবা আবেলাৰ্ডৰ পৰা ঈশ্বৰ বিষয়ক কোনো কথাত পৰামৰ্শ বিচাৰে তেওঁ আবেলাৰ্ডলৈ লিখিব পাৰে আৰু তেৱোঁ ঈশ্বৰে যেনে মতি দিয়ে— সেই অনুসাৰে লিখিব ইত্যাদি। আকৌ শাস্ত্ৰীয় বিচাৰত যিবোৰে তেওঁৰ ওচৰত হাৰ মানিছে, সেইবোৰে তেওঁক বধ কৰাবলৈ দিন-ৰাতি ফান্দ পাতি ফুৰিব লাগিছে। [ ১৭ ] কেতিয়াবা যদি শত্ৰুৰ হাতত তেওঁৰ মৃত্যু ঘটে নাইবা স্বাভাবিক কাৰণেও যদি তেওঁৰ মৰণ হয় তেওঁ মিনতিকৈ কৈছে যেন তেওঁৰ শ’ পোতাবলৈ পেৰাক্লিট মঠলৈ অনা হয়। তেওঁৰ পোতা-আত্মাৰ কল্যাণৰ অৰ্থে দয়াকৈ প্ৰাৰ্থনা কৰিব। তেওঁৰ অনুতাপে পোৰা আত্মাৰ বাবে পেৰাক্লিট মঠৰ আশ্ৰয়ত বাজে কোনো ঠাই কল্যাণকৰ নহ’ব ইত্যাদি।

 আগৰ পৰা গুৰিলৈ চিঠিখনিৰ ক’তো ব্যক্তিগত ভাব বা সম্বন্ধৰ কথা নাই। তেওঁৰ আত্মাৰ মঙ্গলৰ বাবে হেলইছাক প্ৰাৰ্থনা কৰিবলৈ কৈছে আৰু মৰিলেও শ’টো হেলইছাক মঠলৈ নিবলৈ কৈছে। কিন্তু নিজৰ আত্মাৰ কল্যাণৰ বাবেহে এই মিনতি, প্ৰেমৰ উদ্‌গনি নহয়।

 প্ৰেম-বিগলিত হিয়াৰ আকুল নিৱেদনৰ উত্তৰত এই নিৰ্মল আত্ম-বিলোপ দেখি বতাহত সাগৰৰ উন্মত্ত তৰঙ্গমালাৰ দৰে হেলইছাৰ নাৰী-হৃদয় বিধাতাৰ নিষ্ঠুৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠিল। এই চিঠিৰ উত্তৰত হেলইছাই যি দীঘল চিঠি লিখি হৃদয় উবুৰিয়াই দিলে, তাক নাৰী-হৃদয় আত্ম-চৰিত বুলিব পাৰি। দৈৱৰ কঠোৰ বিধান আৰু যি জনত যি ভাব দেখি আত্ম-বিসৰ্জন কৰিছিল সেইজনত সেই ভাবৰ ঠাইত শান্ত-নিৰ্মমতা দেখি এই চিঠিখনিত নাৰী-হৃদয়ৰ কৰুণ কান্দোনৰ প্ৰচণ্ড সুৰ এটি বাজি উঠিছেঃ “ঈশ্বৰৰ তলতেই মোৰ সৰ্বহলৈ—

 “মই আকৌ আচৰিত হ’লো যে তুমি সান্ত্বনা দিবাছাৰি মোৰ অসহায়তাহে বঢ়ালা। তোমাৰ চিঠিত যি চকুলো শুকাব লাগিছিল সি আকৌ নতুনকৈ ব’বলৈ ধৰিলে। তুমি লিখিছা, ‘শত্ৰুৰ হাতত যদি তোমাৰ মৃত্যু ঘটে’। প্ৰিয়তম, তুমি কোন সতেৰে সেইটো ভাবিব বা লিখিব পাৰিলা? ঈশ্বৰে যেন তুমি নোহোৱা হোৱাৰ আগলৈকে তোমাৰ দাসীক জীয়াই নেৰাখে। তুমি যেন আগলৈ এনেবোৰ কথা লিখি মোৰ দুৰ্বহ জীৱনৰ বোজা বেছি নকৰা। তুমি কৈছা, যদি কেনেবাকৈ তোমাৰ মৃত্যু ঘটে তেনেহ’লে শ’টো আমাৰ মঠত সমাধিস্থ কৰিব লাগে, যাতে তোমাৰ সোঁৱৰণিয়ে তোমাৰ আত্মাৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰাবলৈ আমাক উদ্‌গাব পাৰে। তুমি ভাবানে তোমাৰ সোঁৱৰণি কেতিয়াবা মোৰ মনত মাৰ যাব বুলি? তোমাৰ মৃত্যুৰ চিন্তাত মোৰ মন ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠে, বিদ্ৰোহী মনে ঈশ্বৰৰ কৰুণাৰ বাবে ভিক্ষা কৰিব কেনেকৈ?

 “তুমি গুচি গ’লে জীৱনৰ বাটত খোজকাঢ়িবলৈ মোৰ আৰু কি আশা থাকিব? তোমাত বাজে মোৰ সান্ত্বনাৰ ঠাই নাই। তোমাৰ চাক্ষুষ দৰ্শনো যেতিয়া মোৰ দুষ্প্ৰাপ্য, তুমি যে জীয়াই আছা এই ক্ষীণ অনুভূতিয়েই মোৰ সান্ত্বনা। যদি কোৱা ঠিক হয়, ঈশ্বৰ মোৰ প্ৰতি কেনে নিষ্ঠুৰ! অদৃষ্টৰ আটাইখিনি শাও মোৰ ওপৰতেই সাং হৈছে। নতুনকৈ আঘাত কৰিবলৈ অদৃষ্টে মোৰ মনত ঠাই বিচাৰি নেপাব। মোৰ পোৰা কপাল, তোমাতেই এদিন নাৰীমণ্ডলীৰ ওপৰত ওখ আসন পাইছিলো— তোমাতেই আজি মই পদদলিতা। [ ১৮ ] এদিন মোৰ কি গৌৰৱ আছিল, আজি মোৰ কি পতন। অদৃষ্টে-মোক সুখৰ শেষ সীমালৈ নিছিল, যেন তাৰ পৰা পেলাই দি মোৰ যাতনা জুখিব নোৱৰা কৰিব পাৰে। যি আঘাতত অদৃষ্টে মোক গুৰুলা-গুৰুল কৰিলে তাৰ আৰোগ্য নাই বুলিয়েই সি মোৰ মনত অসহ্য।

 “আমি যেতিয়া ইন্দ্ৰিয়–সুখত আপোন-পাহৰা হৈ আছিলো, ঈশ্বৰৰ কঠোৰ শাসনে তেতিয়া আমাক স্পৰ্শ নকৰিলে। আমি যেতিয়া অবৈধ কামক বিধিসন্মত কৰি ল’লো, আমাৰ খোঁটালি মন্ত্ৰপুত কৰি ল’লো তেতিয়াহে ঈশ্বৰৰ অভিসম্পাত মূৰত পৰিল। তুমি যি আঘাত পালা, পৰদাৰাভিগামীসকলৰহে সি উপযুক্ত শাস্তি। পৰস্ত্ৰী সেৱাৰ বাবে আনে যি শাস্তি পাব লাগে, বিয়াৰ পৰাই তুমি সেই শাস্তি পালা। পৰানুৰক্তাসকল পুৰুষৰ প্ৰতিহে সি শাস্তিৰ কাৰণ হয়। বিবাহিতা ভাৰ্যা হৈয়ো তোমাৰ প্ৰতি সেই শাস্তিৰ কাৰণ মই হ’লো। যেতিয়া সুখত উন্মত্ত আছিলো তেতিয়া নহয়, যেতিয়া দুয়ো আঁতৰা-আঁতৰিকৈ সংযতভাৱে জীৱন-যাপন কৰিছিলো, তুমি যেতিয়া পেৰিছৰ বিদ্যালয়ত কঠোৰ পাঠত নিমগ্ন আৰু মই আৰ্জেন্টাছ মঠত ধৰ্মৰ উপদেশ লোৱাত মন-প্ৰাণ সঁপি দিছিলো, তেতিয়াহে দুয়ো কৰা কামৰ বাবে তুমি অকলেই দণ্ডভোগ কৰিলা। যি দণ্ড মইহে পাব লাগিছিল, সেইটো তুমি অকলে ভোগ কৰিলা। তুমি যেতিয়া নিজক অৱনত কৰি মোক আৰু মোৰ জ্ঞাতিসকলক গৌৰৱান্বিত কৰিলা তেতিয়া তুমি ঈশ্বৰৰ পৰা বা সেই বিশ্বাসঘাতকসকলৰ পৰা সেই দণ্ড পাব নেলাগিছিল। হা মোৰ অদৃষ্ট! মোৰ বাবেহে তোমাৰ এনেকুৱা হ’ল।

 “ইখিনিৰ বাবে মই ঈশ্বৰক ধন্যবাদ দিওঁ যে যি কামৰ (বিয়াৰ) বাবে তোমাৰ ওপৰত নিৰ্যাতন হ’ল তাত মই সন্মতি দিয়া নাছিলো। এই বিষয়ত মোৰ মন নিৰপৰাধী হ’লেও বিয়াৰ আগতেই মই বহুত অপৰাধ কৰিছো আৰু তোমাৰ বিষয়ত নিজক নিৰপৰাধী বুলি ভাবিব নোৱাৰো। গুৰিতেই আমি যি দৈৱবিধি লঙ্ঘন কৰিছিলো সেই লঙ্ঘনেই আমাৰ আমৰণ দুখৰ কাৰণ। শৰীৰত তুমি যি যন্ত্ৰণা পাইছিলা মোৰ উশাহ-নিশাহৰ লগে লগে প্ৰত্যেক টোপা তেজেই সেই যন্ত্ৰণা মোৰ শৰীৰত ঢালি দিব লাগিছে। আমৰণ কাল যি যন্ত্ৰণা মই মনত ভোগ কৰিম, তাকেই ঈশ্বৰে নহ’লেও তুমি মোৰ অপৰাধৰ প্ৰায়শ্চিত্ত বুলি গ্ৰহণ কৰিবা।

 “মোৰ অন্তৰৰ কথা ক’ব লাগিলে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা নকৰি সদায় তোমাৰ প্ৰতি নিষ্ঠুৰতাৰ বাবে তেওঁক জগৰীয়া বুলি ভাবো।

 “ঈশ্বৰৰ বিধিৰ বিৰুদ্ধে বিদ্ৰোহী হৈ তেওঁক অনুতাপৰ চকুৰ পানীৰে সন্তুষ্ট নকৰি তেওঁৰ খংহে তোলাইছো। মানুহে ঈশ্বৰক লক্ষ্য কৰি শৰীৰক বহুত কষ্ট দি ধ্যান-ধাৰণা কৰে আৰু ভালেমান সময়ত গোপনীয় পাপৰ কথাকো স্বীকাৰ কৰে। কিন্তু মনে যদি পূৰ্ব পাপৰ স্মৃতিত লোলুপ হৈ উঠে আৰু আগৰ ইন্দ্ৰিয়-সুখ পাবলৈ সদায় বিয়াকুল হৈ থাকে, তেনেহ’লে শাৰীৰিক নিগ্ৰহক অনুতাপ বুলি ক’ব নোৱাৰি। এইটো মোৰ আত্মাৰ [ ১৯ ] দুৰ্বলতাই বোলা, আমাৰ পূৰ্ব প্ৰণয়সুখ এতিয়াও মোৰ মনত কমনীয় আৰু সেই সুখৰ সোঁৱৰণি কেতিয়াও পাহৰিব নোৱাৰো। মই যিফালে যাওঁ পূৰ্বপ্ৰণয়ৰ স্মৃতিয়ে মোক আগুৰি ধৰে, সপোনতো সেইবোৰৰ ছায়ামূৰ্তিয়ে আক্ৰমণ কৰে। উপাসনাৰ পবিত্ৰ মুহূৰ্ততো পূৰ্ব সুখৰ ক্ষীণ মূৰ্তিয়ে মোৰ অন্তৰত ঢৌ তুলি দিয়ে। যেতিয়া মই অনুতাপ জুইৰে দেই-পুৰি মৰিব লাগে তেতিয়াও কি সুখ হেৰুৱাইছো বুলি দীঘল হুমুনিয়াহে কাঢ়ো। কেৱল সম্ভোগ-কেলিয়েই নহয়, সময়, ঠাই আদিৰ স্মৃতিও মোৰ পোত খাই আছে আৰু মোৰ গোটেই শৰীৰ আলোড়িত হৈ উঠে। কোনে মোক এই যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰিব? তুমি শান্তভাৱে ঈশ্বৰ-স্তুতি কৰিব পাৰা। ঈশ্বৰে তোমাক এক অঙ্গ বিকল কৰি তোমাৰ হৃদয়ৰ জ্বালা নুমাইছে। কিন্তু ইন্দ্ৰিয়ৰ ক্ষোভ আৰু সোঁৱৰণিৰ পোৰণিয়ে মোক নৰক-যন্ত্ৰণা ভোগ কৰাব লাগিছে। যিবোৰে মোক কপটাচাৰী বুলি নেজানে সেইবোৰেই মোক সাধু বুলি ভাবে। শৰীৰৰ শুদ্ধিকেই মানুহে পবিত্ৰতা বুলি ভাবে, পবিত্ৰতা মনৰহে শুদ্ধি, শৰীৰৰ নহয়। তোমাৰ কথাতহে ভিক্ষুণীৰ ওৰণি লৈছো, ঈশ্বৰৰ প্ৰতি ভক্তিত নহয়। মোৰ কপটাচাৰে তোমাক বহুদিন প্ৰতাৰণা কৰিছে কিন্তু মোক সবল বুলি নেভাবিবা। মই দুৰ্বলতাৰ প্ৰতিমূৰ্তি, তোমাৰ প্ৰশংসা মোৰ পক্ষে বিপজ্জনক, তোমাৰ প্ৰশংসা ভাল পাওঁ, তোমাক সন্তুষ্ট কৰিবলৈ আকৌ ইচ্ছা ওপজে। সেইদেখি মোক প্ৰশংসা কৰি কোনো কথা নক’বা।”

 ইয়াৰ উত্তৰত আবেলাৰ্ডে ধৰ্মৰ ব্যাখ্যা আৰু সান্ত্বনাপূৰ্ণ চিঠি এখনি দিলে। বহুত কথাৰ মাজত তেওঁ এইটোও লিখিছে যে তেওঁ যি শাস্তি ভোগ কৰিছে তাৰ দ্বাৰাই ঈশ্বৰে তেওঁৰ মন নিজৰ পিনে টানি লৈছে। এদিন বিয়াৰ বান্ধোনত দুয়ো একাত্মা হৈছিল। এতিয়া ঈশ্বৰৰ প্ৰতি ভক্তিত দুয়ো একমন একপ্ৰাণ নহ’বনে? ইত্যাদি।

 ইয়াৰ পিছত দুয়োৰো মাজত যি চিঠি দিয়া-দি হৈছিল তাত পূৰ্ব স্মৃতিৰ কোনো উল্লেখ নাই। দুই পক্ষৰ চিঠিতেই সম্পূৰ্ণ আত্ম-বিলোপ। কেৱল এখন চিঠিত হেলইছাই লিখিছিলে—I will withhold my hand from writing whenever, I am unable to control my words,—“মই যেতিয়া ভাষা সংযত কৰিব নোৱাৰিম তেতিয়া তোমালৈ নিলিখোৱেই।”

 ইয়াৰ পিছৰ চিঠিবোৰত পোৱা যায় আবেলাৰ্ডে যি যি ধৰ্ম-বিষয়ক উপদেশ দিছে হেলইছাই সেইবোৰ কামত খটাবৰ চেষ্টা কৰিছে। ১১৪২ খ্ৰীঃ শকত আবেলাৰ্ডৰ মৃত্যু হয় আৰু সমাধিৰ নিমিত্তে তেওঁৰ শ’ হেলইছাৰ মঠলৈ পঠিওৱা হয়। একৈশ বছৰ পিছত একে বয়সতেই হেলইছাৰ মৃত্যু ঘটে আৰু একে ঠাইতেই তেওঁকো সমাধিস্থ কৰা হয়।

 ওপৰত দিয়া ঘটনাৰ বিৱৰণত আবেলাৰ্ডৰ আত্ম-চৰিত আৰু হেলইছাৰ মূল চিঠিৰ পৰা কথাবোৰ বহুলভাৱে উদ্ধাৰ কৰি দিয়া হৈছে, এই মৰ্মভেদী প্ৰণয়-নাট্যৰ ভাৱৰীয়া [ ২০ ] দুজনৰ চৰিত্ৰৰ গৌৰৱ আৰু লাঘৱ দেখুৱাবলৈ। পাণ্ডিত্য, গীত, কবিত্ব গুণত আবেলাৰ্ড সেই যুগত অদ্বিতীয় আছিল। তেওঁৰ মানসিক আদৰ্শক চাক্ষুষ প্ৰতিমূৰ্তি দিবলৈহে পিছৰ কালত বিশ্ববিদ্যালয়ৰ গঠন হয় বুলি পণ্ডিতসকলে কয়। কিন্তু এই প্ৰণয়-নাট্যত তেওঁৰ চৰিত্ৰ-মৰ্যাদা ফুটি ওলোৱা নাই। মানুহে সন্দেহ কৰিছিল আৰু হেলইছায়ো ভাবিছিল যে তেওঁৰ প্ৰতি আবেলাৰ্ডৰ যি আকৰ্ষণ সি কামলিপ্সা, বিশুদ্ধ প্ৰেম নহয়। এই প্ৰেম-ঘটনা আবেলাৰ্ডৰ বহু বিদ্যা-ভাৰাক্ৰান্ত মনৰ এটি ক্ষণিক অভিজ্ঞতা মাথোন। হৃদয়ৰ অন্তৰতম প্ৰদেশত তেওঁ বেদনা অনুভৱ কৰিছিলনে নাই তাৰ কোনো উল্লেখ নাই; তেওঁ আত্ম-চৰিতত যি লিখিছে তাতকৈ বেছি ভাবি ল’বৰ কোনো আৱশ্যকতা দেখা নেযায়। ফুচুলনিত যদি হেলইছা মান্তি নহয় তেন্তে শাৰীৰিক বলৰ আশ্ৰয় ল’বলৈয়ো তেওঁ সাজু আছিল। বোধ কৰোঁ এইটো বিশুদ্ধ প্ৰেম নহয়।

 আনফালে হেলইছাৰ প্ৰণয়ৰ লক্ষণৰ কথা নক’লেও হ’ব। তেওঁ নিজেই এই বিষয়ে সকলো কথা কৈছে। আবেলাৰ্ডে আৰু আবেলাৰ্ড-প্ৰেমেই তেওঁৰ জীৱন। আবেলাৰ্ডত বাজে তেওঁৰ বেলেগ অস্তিত্ব নাই। এই প্ৰণয়ৰ লক্ষণ কি? ডাণ্টে-বিয়েট্ৰীছ আখ্যানৰ পৰা পুৰুষৰ নিষ্কাম প্ৰেমৰ স্বৰূপ দেখিবলৈ পোৱা যায়। হেলইছাৰ প্ৰেম সেই শ্ৰেণীৰনে? এই প্ৰশ্নৰ উত্তৰতেই নাৰী-চৰিত্ৰৰ প্ৰকৃতিগত বিশিষ্টতাৰ পৰিচয় পোৱা যাব। কবিৰ টেনিছনে তেওঁৰ এজনী নায়িকাৰ মুখেৰে কোৱাইছে— Who loves me must have a touch of the earth. ‘যি মোৰ প্ৰেম পাব খোজে তেওঁৰ গাত অলপ পৃথিৱীৰ ধূলি থাকিব লাগিব’— অৰ্থাৎ নিষ্কাম দেৱতুল্য মানুহে তিৰোতাৰ মন আকৰ্ষণ কৰিব নোৱাৰে। তিৰোতাৰ প্ৰেম কামনাত আৰম্ভ হৈ নিষ্কামতাত ডাণ্টেৰ প্ৰেমৰ ওখ আসনত উঠিব পাৰে। কিন্তু কামনা ইন্দ্ৰিয়গম্যতা গুৰিতে আছেই। হেলইছাৰ প্ৰেম ইয়াৰেই উদাহৰণ মাথোন। পুৰুষৰ বোধশক্তি বেছি, তেওঁলোকৰ ভাব বুদ্ধিত উদয় হৈ অনুভূতিলৈ আহে কিন্তু তিৰোতাৰ ভাব অনুভূতিত উদয় হৈ তেওঁলোকৰ জীৱন, মন সকলোকে আক্ৰমণ কৰে। তেতিয়া তেওঁলোকৰ ভাবে কেৱল ইন্দ্ৰিয়কেই স্পৰ্শ নকৰে, জীৱনৰ সকলো কামতেই ইয়াৰ অভিব্যক্তি হয়।

 আবেলাৰ্ড অপুৰুষ হোৱাৰ পিছত হেলইছাৰই মন্ত্ৰপূত ওৰণি ল’লে কিয়? সহকাৰীসকলে তেওঁক হকা-বধা কৰিছিল। তেওঁৰ চিঠিৰ পৰা বুজা যায়, তেওঁৰ কাম-বাসনাও তৃপ্ত হোৱা নাছিল। তেওঁ নিজেই কৈছে, ঈশ্বৰৰ প্ৰতি ভক্তিত অভিভূত হৈ সংসাৰলৈ উভতি আহিবৰ পথত ভেটা দিয়া নাই। তেওঁ স্বীকাৰ কৰিছে তেওঁ আবেলাৰ্ডৰ আদেশ মাথোন পালন কৰিছে। তেওঁ আঁজলি ছোৱালীৰ দৰে ক্ষণিক মোহত মুগ্ধ হৈ আমৰণ কাল আবেলাৰ্ডৰ শাসন পালন কৰা নাছিল। সেই সময়ত তেওঁ বিদুষী বুলি পৰিগণিত আছিল। তেওঁৰ চিঠিৰ পৰাই তেওঁৰ বোধশক্তিৰ বিস্তাৰ, যুক্তিৰ তীক্ষ্ণতা [ ২১ ] আৰু আবেলাৰ্ডৰ চৰিত্ৰ বুজিব পৰা শক্তিৰ পৰিচয় পোৱা যায়।

 তেওঁৰ প্ৰেম আঁজলিৰ ক্ষন্তেকীয়া মোহ নহয়, নাইবা প্ৰতাৰিতাৰ আত্ম-গ্লানিৰ কাৰণ নহয়। ই প্ৰচ্ছন্ন কামলিপ্সা নহয়, অথচ তাৰ ভিতৰত কামভাব আছে। ই আবেলাৰ্ডৰ গৌৰৱত নিজক গৌৰৱান্বিত কৰিবলৈ প্ৰীতিৰ অভিনয় নহয়, ই জাগ্ৰত বোধ–শক্তিৰ ওপৰত প্ৰতিষ্ঠিত অথচ বোধ-শক্তিক অতিক্ৰম কৰি কল্পনা আৰু অনুভূতিৰ ৰাজ্য ভেদ কৰি চলিছে। আবেলাৰ্ডৰ নিৰ্মম আত্ম-বিলোপত তীৰবিদ্ধ কুৰুৱা চৰাইৰ দৰে হিয়াৰ বিননি যি চিঠিত প্ৰকাশ কৰিছিল, তাক নাৰী-হৃদয়ৰ চিৰ-স্বগতোক্তি বুলিব পাৰি। ই জনসমাজত প্ৰচাৰৰ বাবে লিখা হোৱা নাছিল; নাইবা উত্তৰ স্বৰূপে শাৰীৰিক বা মানসিক সুখক লক্ষ্য কৰিও লিখা হোৱা নাছিল। যাৰ উদ্দেশ্যে লিখা হৈছিল তেওঁ প্ৰেমিকৰ সুখ-দুখৰ বাহিৰত। ই জোনৰ প্ৰভাৱত সাগৰৰ খলকনিৰ দৰে মাথোন। যি আবেলাৰ্ডৰ আদেশ পালন কৰি সমস্ত নাৰীজীৱন ব্যৰ্থতাৰে পৰিপূৰ্ণ হৈছে, সেই আবেলাৰ্ডৰ এখনি আধ্যাত্মিক সহানুভূতিসূচক চিঠিৰ ইঙ্গিততেই সকলো অশান্তি দূৰ হ’ল। হেলইছাই বাস্তৱিকতে শান্তি পালেনে নাই সেইটো সংশয়ৰ কথা; সেই বিষয়ে কোনো উল্লেখ নাই। অন্ততঃ তেওঁ নিজৰ দুখৰ বিষয়ত নিমাত হ’ল। কিন্তু পিছৰ চিঠিবোৰত হৃদয়ৰ বেদনাৰ বিষয়ত যি কঠোৰ মৌনভাব, তাৰ পৰা এনেও সন্দেহ হ’ব পাৰে যে তেওঁৰ সংযম বা শান্তি কবিয়ে বৰ্ণোৱা অন্তৰত জুই ঢাকি থোৱা শমীধগছৰ কুমলীয়া পাতৰ দৰে— ‘শমীমিবাভ্যন্তৰলীন পাব-কাম’।

 হেলইছা কবি-কল্পনাৰ পৰা ওলোৱা তিৰোতা মূৰ্তি নহয়, নাইবা তেওঁৰ আত্ম-নিবেদনো তিৰোতাৰ মুখত আৰোপ কৰা কবিৰ কাল্পনিক উক্তি নহয়। ই বুৰঞ্জী লেখকৰো আধা-সঁচা আধা-অনুমান মিহলোৱা বচন নহয়। ই সকলো সাংসাৰিক সুখৰ আশাৰ পৰা বিচ্ছিন্ন উদং নাৰী-হিয়াৰ আত্ম-চৰিত্ৰ। ইয়াৰ যি তীব্ৰ অনুভূতি আছে তাৰ বিস্তাৰ আৰু গভীৰতা সমালোচনাৰ ভাষাৰে পোহৰাব নোৱাৰি বা তাৰ সীমাও নিৰ্দেশ কৰিব নোৱাৰি। ‘অভাস্কৰমৰ্য্যাদাং ন জানীমস্ততঃ পৰম’— ইয়াৰ পিছৰ ডোখৰত সূৰ্যৰ পোহৰ নপৰে, তাৰ সীমাও নাই। ইয়াৰ পিছত ক’ব নোৱাৰো।

 হেলইছাৰ অকপট আত্ম-প্ৰকাশৰ পিছত সমালোচকে কোৱাৰ দৰে নাৰী-হৃদয়ৰ বিৰাট শূন্যতা বা অৰূপ শিলাখণ্ড হয়নে নহয় সেইটো আলোচনা নকৰিলেও হ’ব। ই যদি বাস্তৱিকতে শূন্য হয়, ই এনে শূন্য য’ত সকলো ৰূপ ঝঙ্কাৰ মাৰ গৈ আছে; ই এনে অৰূপ য’ত সকলো ৰূপ সানমিহলি হৈ আছে; ই যদি বৰণ নোহোৱা হয় তেন্তে সূৰ্যৰ পোহৰৰ দৰে অবৰ্ণ য’ত সাতোটা ৰং মিহলি হৈ আছে।