পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সাহিত্য আৰু প্ৰেম


প্ৰতি মনোযোগ, আনফালে ল’ৰা-ছোৱালীৰ চিঞৰ-বাখৰ; ইয়াত তেওঁৰ শান্তিৰ সম্ভাৱনা ক’ত? সেই কাৰণে সকলো যুগতেই জ্ঞানসেৱীসকলে সংসাৰৰ আহুকালৰ পৰা আঁতৰত থাকি নিৰ্বিবাদে জ্ঞান-চৰ্চাতেই মন নিয়োগ কৰিছিল।

 ইমানতো আবেলাৰ্ডৰ সঙ্কল্প অটল দেখি হেলইছাই নিজৰ সুখৰ নাম কৰিয়েই তেওঁক বুজাবলৈ ধৰিলে। পেৰিছ নগৰত থকাটো হেলইছাৰ পক্ষে অশান্তিকৰ হ’ব। বিবাহিতা হোৱাতকৈ আবেলাৰ্ডৰ ৰক্ষিতা হোৱাটোহে তেওঁ বেছি গৌৰৱান্বিত বুলি ভাবে। আঁতৰা-আঁতৰিকৈ থকাৰ বাবে তেওঁলোকৰ ক্ষণিক মিলনো স্বৰ্গীয় সুখৰ আকৰ যেন হ’ব।

 ইয়াতো আবেলাৰ্ডক অচল দেখি চকুৰ পানীৰ ভিতৰেদি হেলইছাই নিঃস্বাৰ্থে প্ৰেমিকাৰ ভৱিষ্যৎ-দৰ্শিতাৰ পৰিচয় দি ক’লে, “বিয়াৰ ঘটনাৰ পৰা আমাৰ যি আমৰণ শোকৰ ঢল বৈ থাকিব, তাৰ গভীৰতা আমাৰ আগৰ প্ৰেমৰ গভীৰতাতকৈ কম নহ’ব।” ঘটনাৰ চকৰি যেনেকৈ ঘূৰিবলৈ ধৰিলে, এই ভৱিষ্যৎবাণী আখৰে আখৰে ফলিল।

 ল’ৰাটোক ভনীয়েকৰ ওচৰত ৰাখি দুয়ো পেৰিছলৈ আহিল আৰু বিধান অনুসাৰে গোপনে বিয়া হৈ গ’ল। বিয়াৰ পিছত দুয়ো বেলেগে থাকিল আৰু সময়মতে গোপনে দেখা-শুনা চলিবলৈ ধৰিলে। দদায়েকে আগৰ অঙ্গীকাৰ ভঙ্গ কৰি প্ৰচাৰ কৰি দিলে যে আবেলাৰ্ডৰ বিয়া হৈ গৈছে। কিন্তু হেলইছাই ক’বলৈ ধৰিলে যে এইটো মিছা। এইটো গম পাই আবেলাৰ্ডে হেলইছাক পেৰিছৰ ওচৰত মধ্যযুগৰ খ্ৰীষ্টীয় ভিক্ষুণীৰ মঠ এটিত ভিক্ষুণীৰ ভেশ পিন্ধাই থৈ দিলে। তেতিয়াৰ দিনত গৃহবাসত থকা তিৰোতায়ো ভিক্ষুণীৰ বেশ লৈ মঠত থাকিব পাৰিছিল আৰু যিমান দিন ভিক্ষুণীয়ে ওৰণি নলয়, তিমান দিন ইচ্ছা কৰিলে আকৌ গৃহবাসলৈ উলটি আহিব পাৰিছিল। হেলইছাই তেতিয়া ওৰণি লোৱা নাছিল। দদায়েকে এই বাতৰি পাই প্ৰতাৰিত হোৱা যেন ভাবি আবেলাৰ্ডৰ ওপৰত নৃশংস আৰু ঘৃণনীয় প্ৰতিহিংসা ল’লে। ৰাতি আবেলাৰ্ডৰ লগুৱাহঁতক টকা দি বশ কৰি তেওঁৰ শোৱা খোঁটালিত সোমাই তেওঁক ‘ভগ্নমুষ্ক’ কৰি অপুৰুষ কৰিলে।

 পুৱা এই পাশৱিক নিৰ্যাতনৰ কথা চাৰিওফালে বিয়পি পৰিল। লোকৰ সমাৰোহ হ’ল। পণ্ডিত আৰু ছাত্ৰসকলৰ আৰ্তনাদত চাৰিওদিক শোকত উথলি উঠিল। দাৰুণ যন্ত্ৰণা আৰু লাজ-অপমানত আবেলাৰ্ড মৰাৰ তুল্য হ’ল। চিৰকাললৈ তেওঁৰ ওপৰত জগতৰ ঘৃণাৰ চকু থাকিব আৰু শাস্ত্ৰৰ বিধানমতেও তেওঁ অশুচি হৈয়ে থাকিব লগা হ’ল। জগতৰ চকুৰ পৰা আঁতৰিবলৈ, হেলইছাক ওৰণি ল’বলৈ স্বইচ্ছাৰে মান্তি কৰাই ছেণ্ট ডেনিছৰ মঠত আবেলাৰ্ডে চিৰ-সন্ন্যাস মন্ত্ৰ গ্ৰহণ কৰিলে।

 হেলইছাই যেতিয়া ওৰণি ল’বলৈ যো-জা কৰিবলৈ ধৰিলে সঙ্গিনীসকলে তেওঁক নিৰস্ত কৰিবলৈ চেষ্টা কৰিলে— ‘কিমিত্যপাস্যাভৰণানি যৌৱনে ধৃতং ত্বয়া বাৰ্দ্ধক্যশোভি