পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাৰী-হৃদয়

 স্ত্ৰী-পুৰুষৰ ভাবৰ অভিব্যক্তি আৰু ঘাত-প্ৰতিঘাতৰ পৰা যি ঘটনা পৰম্পৰাৰ সৃষ্টি হয়, তাৰ দ্বাৰাই ৰস-সাহিত্যৰ গঠন আৰু পুষ্টিসাধন হয়। সেই সৌন্দৰ্যৰসৰ উপভোগেই সাহিত্য-সেৱাৰ চৰম উদ্দেশ্য বুলি পঢ়ুৱৈ সমাজে গ্ৰহণ কৰে। ৰস-সাহিত্যত পুৰুষৰ মুখত যিবোৰ কথা আৰোপ কৰা হয়, সেইবোৰ পুৰুষোচিত হয় নে নহয়, বিচক্ষণ পঢ়ুৱৈসকলে সহজে অনুভৱ কৰিব পাৰে। বিশেষতঃ সাহিত্যৰ বুৰঞ্জীত নামজ্বলা লেখকসকল যেতিয়া পুৰুষ মানুহেই, তেওঁলোকে প্ৰতিভা আৰু কল্পনাৰ বলেৰে নিজৰ মনৰ ভাবৰ পৰাই পুৰুষ সাধাৰণৰ মনৰ ভাব অতি সহজেই স্বাভাৱিকতাৰ ব্যতিক্ৰম নোহোৱাকৈ সুললিত ভাষাত বৰ্ণনা কৰিব পাৰে। কিন্তু জগতৰ ৰস-সাহিত্যত তিৰোতাৰ মুখত যিবোৰ সুন্দৰ আৰু ঠায়ে ঠায়ে অসুন্দৰ কথা দিয়া হৈছে, সেইবোৰ প্ৰকৃত স্ত্ৰী-হৃদয় আৰু স্ত্ৰী-স্বভাৱৰ স্বাভাৱিক অভিব্যক্তি হয়নে নহয়, সেই বিষয়ত সময়ে সময়ে বিদগ্ধ সমালোচকসকলে সন্দেহ প্ৰকাশ কৰে। এসময়ত এনে মতো চলিছিল যে তিৰোতা জাতিৰ আত্মাই নাই। তেওঁলোকৰ বোধশক্তি নিচেই কম। পুৰুষে যিভাৱে তেওঁলোকৰ মন স্পৰ্শ কৰে, তেওঁলোকৰ কথাত তাৰেই প্ৰতিধ্বনি হয় মাথোন। চাটুকথা কোৱা, তেওঁলোক সেও খাব; আওহেলা কৰা, তেওঁলোক ভেমত ওফন্দি পৰিব। এইবোৰ কথা সঁচানে মিছা, সেইটো নাৰী-চৰিত্ৰত অভিজ্ঞসকলে বিচাৰ কৰিব। কিন্তু সাহিত্যত নাৰী-হৃদয় আৰু নাৰী স্বভাৱৰ যি বিকাশ দেখা যায়, সি কিমান পৰিমাণে পুৰুষ গ্ৰন্থকাৰসকলৰ কাল্পনিক আৰোপ আৰু কি পৰিমাণে প্ৰকৃত স্ত্ৰী-চৰিত্ৰৰ স্বাভাৱিক অভিব্যক্তি, সেই কথা বৰ্তমান শিক্ষা বিস্তাৰৰ যুগত মৌলিক প্ৰতিভাশালী স্ত্ৰী-লেখিকা কেতবোৰ নোলায় মানে চিৰকলীয়া সমস্যা হৈয়ে থাকিব।

 ঊনৈশ শতিকাৰ আৰম্ভণিৰ পৰাই ইংৰাজী সাহিত্যত ক্ষমতাশালী তিৰোতা লেখিকা কিছুমান ওলাইছে। কিন্তু সমালোচকসকলে কয় যে পুৰুষে লিখা সাহিত্যই যুগ-যুগান্তৰৰ পৰা এনে এটি বিৰাট প্ৰভাৱ বিস্তাৰ কৰি আছে যে তিৰোতা লেখিকাসকলেও সেই প্ৰভাৱৰ পৰা মুকলি হৈ স্বাধীনভাৱে ভাবিব আৰু লিখিব পৰা নাই। পুৰুষৰ সাহিত্যত তিৰোতাৰ মনত যি ভাব আৰোপ কৰা হৈছে বা চৰিত্ৰৰ যি বিশ্লেষণ দিয়া হৈছে, তিৰোতাসকলেও যুগ-যুগান্তৰৰ সংস্কাৰবশতঃ তাকেই নিজৰ বুলি গ্ৰহণ কৰি তেওঁলোকৰ সাহিত্যতো তাৰেই প্ৰতিধ্বনি কৰিছে মাথোন। তিৰোতাৰ মনৰ স্বৰূপ কি? পুৰুষৰ সাহিত্যত তেওঁলোকৰ মনৰ যি বিকাশ দেখুওৱা হৈছে, সেয়ে তেওঁলোকৰ মননে? স্ত্ৰী-