পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
নাৰী-হৃদয়


কেতিয়াবা যদি শত্ৰুৰ হাতত তেওঁৰ মৃত্যু ঘটে নাইবা স্বাভাবিক কাৰণেও যদি তেওঁৰ মৰণ হয় তেওঁ মিনতিকৈ কৈছে যেন তেওঁৰ শ’ পোতাবলৈ পেৰাক্লিট মঠলৈ অনা হয়। তেওঁৰ পোতা-আত্মাৰ কল্যাণৰ অৰ্থে দয়াকৈ প্ৰাৰ্থনা কৰিব। তেওঁৰ অনুতাপে পোৰা আত্মাৰ বাবে পেৰাক্লিট মঠৰ আশ্ৰয়ত বাজে কোনো ঠাই কল্যাণকৰ নহ’ব ইত্যাদি।

 আগৰ পৰা গুৰিলৈ চিঠিখনিৰ ক’তো ব্যক্তিগত ভাব বা সম্বন্ধৰ কথা নাই। তেওঁৰ আত্মাৰ মঙ্গলৰ বাবে হেলইছাক প্ৰাৰ্থনা কৰিবলৈ কৈছে আৰু মৰিলেও শ’টো হেলইছাক মঠলৈ নিবলৈ কৈছে। কিন্তু নিজৰ আত্মাৰ কল্যাণৰ বাবেহে এই মিনতি, প্ৰেমৰ উদ্‌গনি নহয়।

 প্ৰেম-বিগলিত হিয়াৰ আকুল নিৱেদনৰ উত্তৰত এই নিৰ্মল আত্ম-বিলোপ দেখি বতাহত সাগৰৰ উন্মত্ত তৰঙ্গমালাৰ দৰে হেলইছাৰ নাৰী-হৃদয় বিধাতাৰ নিষ্ঠুৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠিল। এই চিঠিৰ উত্তৰত হেলইছাই যি দীঘল চিঠি লিখি হৃদয় উবুৰিয়াই দিলে, তাক নাৰী-হৃদয় আত্ম-চৰিত বুলিব পাৰি। দৈৱৰ কঠোৰ বিধান আৰু যি জনত যি ভাব দেখি আত্ম-বিসৰ্জন কৰিছিল সেইজনত সেই ভাবৰ ঠাইত শান্ত-নিৰ্মমতা দেখি এই চিঠিখনিত নাৰী-হৃদয়ৰ কৰুণ কান্দোনৰ প্ৰচণ্ড সুৰ এটি বাজি উঠিছেঃ “ঈশ্বৰৰ তলতেই মোৰ সৰ্বহলৈ—

 “মই আকৌ আচৰিত হ’লো যে তুমি সান্ত্বনা দিবাছাৰি মোৰ অসহায়তাহে বঢ়ালা। তোমাৰ চিঠিত যি চকুলো শুকাব লাগিছিল সি আকৌ নতুনকৈ ব’বলৈ ধৰিলে। তুমি লিখিছা, ‘শত্ৰুৰ হাতত যদি তোমাৰ মৃত্যু ঘটে’। প্ৰিয়তম, তুমি কোন সতেৰে সেইটো ভাবিব বা লিখিব পাৰিলা? ঈশ্বৰে যেন তুমি নোহোৱা হোৱাৰ আগলৈকে তোমাৰ দাসীক জীয়াই নেৰাখে। তুমি যেন আগলৈ এনেবোৰ কথা লিখি মোৰ দুৰ্বহ জীৱনৰ বোজা বেছি নকৰা। তুমি কৈছা, যদি কেনেবাকৈ তোমাৰ মৃত্যু ঘটে তেনেহ’লে শ’টো আমাৰ মঠত সমাধিস্থ কৰিব লাগে, যাতে তোমাৰ সোঁৱৰণিয়ে তোমাৰ আত্মাৰ কল্যাণৰ বাবে প্ৰাৰ্থনা কৰাবলৈ আমাক উদ্‌গাব পাৰে। তুমি ভাবানে তোমাৰ সোঁৱৰণি কেতিয়াবা মোৰ মনত মাৰ যাব বুলি? তোমাৰ মৃত্যুৰ চিন্তাত মোৰ মন ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহী হৈ উঠে, বিদ্ৰোহী মনে ঈশ্বৰৰ কৰুণাৰ বাবে ভিক্ষা কৰিব কেনেকৈ?

 “তুমি গুচি গ’লে জীৱনৰ বাটত খোজকাঢ়িবলৈ মোৰ আৰু কি আশা থাকিব? তোমাত বাজে মোৰ সান্ত্বনাৰ ঠাই নাই। তোমাৰ চাক্ষুষ দৰ্শনো যেতিয়া মোৰ দুষ্প্ৰাপ্য, তুমি যে জীয়াই আছা এই ক্ষীণ অনুভূতিয়েই মোৰ সান্ত্বনা। যদি কোৱা ঠিক হয়, ঈশ্বৰ মোৰ প্ৰতি কেনে নিষ্ঠুৰ! অদৃষ্টৰ আটাইখিনি শাও মোৰ ওপৰতেই সাং হৈছে। নতুনকৈ আঘাত কৰিবলৈ অদৃষ্টে মোৰ মনত ঠাই বিচাৰি নেপাব। মোৰ পোৰা কপাল, তোমাতেই এদিন নাৰীমণ্ডলীৰ ওপৰত ওখ আসন পাইছিলো— তোমাতেই আজি মই পদদলিতা।