পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সাহিত্য আৰু প্ৰেম


এদিন মোৰ কি গৌৰৱ আছিল, আজি মোৰ কি পতন। অদৃষ্টে-মোক সুখৰ শেষ সীমালৈ নিছিল, যেন তাৰ পৰা পেলাই দি মোৰ যাতনা জুখিব নোৱৰা কৰিব পাৰে। যি আঘাতত অদৃষ্টে মোক গুৰুলা-গুৰুল কৰিলে তাৰ আৰোগ্য নাই বুলিয়েই সি মোৰ মনত অসহ্য।

 “আমি যেতিয়া ইন্দ্ৰিয়–সুখত আপোন-পাহৰা হৈ আছিলো, ঈশ্বৰৰ কঠোৰ শাসনে তেতিয়া আমাক স্পৰ্শ নকৰিলে। আমি যেতিয়া অবৈধ কামক বিধিসন্মত কৰি ল’লো, আমাৰ খোঁটালি মন্ত্ৰপুত কৰি ল’লো তেতিয়াহে ঈশ্বৰৰ অভিসম্পাত মূৰত পৰিল। তুমি যি আঘাত পালা, পৰদাৰাভিগামীসকলৰহে সি উপযুক্ত শাস্তি। পৰস্ত্ৰী সেৱাৰ বাবে আনে যি শাস্তি পাব লাগে, বিয়াৰ পৰাই তুমি সেই শাস্তি পালা। পৰানুৰক্তাসকল পুৰুষৰ প্ৰতিহে সি শাস্তিৰ কাৰণ হয়। বিবাহিতা ভাৰ্যা হৈয়ো তোমাৰ প্ৰতি সেই শাস্তিৰ কাৰণ মই হ’লো। যেতিয়া সুখত উন্মত্ত আছিলো তেতিয়া নহয়, যেতিয়া দুয়ো আঁতৰা-আঁতৰিকৈ সংযতভাৱে জীৱন-যাপন কৰিছিলো, তুমি যেতিয়া পেৰিছৰ বিদ্যালয়ত কঠোৰ পাঠত নিমগ্ন আৰু মই আৰ্জেন্টাছ মঠত ধৰ্মৰ উপদেশ লোৱাত মন-প্ৰাণ সঁপি দিছিলো, তেতিয়াহে দুয়ো কৰা কামৰ বাবে তুমি অকলেই দণ্ডভোগ কৰিলা। যি দণ্ড মইহে পাব লাগিছিল, সেইটো তুমি অকলে ভোগ কৰিলা। তুমি যেতিয়া নিজক অৱনত কৰি মোক আৰু মোৰ জ্ঞাতিসকলক গৌৰৱান্বিত কৰিলা তেতিয়া তুমি ঈশ্বৰৰ পৰা বা সেই বিশ্বাসঘাতকসকলৰ পৰা সেই দণ্ড পাব নেলাগিছিল। হা মোৰ অদৃষ্ট! মোৰ বাবেহে তোমাৰ এনেকুৱা হ’ল।

 “ইখিনিৰ বাবে মই ঈশ্বৰক ধন্যবাদ দিওঁ যে যি কামৰ (বিয়াৰ) বাবে তোমাৰ ওপৰত নিৰ্যাতন হ’ল তাত মই সন্মতি দিয়া নাছিলো। এই বিষয়ত মোৰ মন নিৰপৰাধী হ’লেও বিয়াৰ আগতেই মই বহুত অপৰাধ কৰিছো আৰু তোমাৰ বিষয়ত নিজক নিৰপৰাধী বুলি ভাবিব নোৱাৰো। গুৰিতেই আমি যি দৈৱবিধি লঙ্ঘন কৰিছিলো সেই লঙ্ঘনেই আমাৰ আমৰণ দুখৰ কাৰণ। শৰীৰত তুমি যি যন্ত্ৰণা পাইছিলা মোৰ উশাহ-নিশাহৰ লগে লগে প্ৰত্যেক টোপা তেজেই সেই যন্ত্ৰণা মোৰ শৰীৰত ঢালি দিব লাগিছে। আমৰণ কাল যি যন্ত্ৰণা মই মনত ভোগ কৰিম, তাকেই ঈশ্বৰে নহ’লেও তুমি মোৰ অপৰাধৰ প্ৰায়শ্চিত্ত বুলি গ্ৰহণ কৰিবা।

 “মোৰ অন্তৰৰ কথা ক’ব লাগিলে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা নকৰি সদায় তোমাৰ প্ৰতি নিষ্ঠুৰতাৰ বাবে তেওঁক জগৰীয়া বুলি ভাবো।

 “ঈশ্বৰৰ বিধিৰ বিৰুদ্ধে বিদ্ৰোহী হৈ তেওঁক অনুতাপৰ চকুৰ পানীৰে সন্তুষ্ট নকৰি তেওঁৰ খংহে তোলাইছো। মানুহে ঈশ্বৰক লক্ষ্য কৰি শৰীৰক বহুত কষ্ট দি ধ্যান-ধাৰণা কৰে আৰু ভালেমান সময়ত গোপনীয় পাপৰ কথাকো স্বীকাৰ কৰে। কিন্তু মনে যদি পূৰ্ব পাপৰ স্মৃতিত লোলুপ হৈ উঠে আৰু আগৰ ইন্দ্ৰিয়-সুখ পাবলৈ সদায় বিয়াকুল হৈ থাকে, তেনেহ’লে শাৰীৰিক নিগ্ৰহক অনুতাপ বুলি ক’ব নোৱাৰি। এইটো মোৰ আত্মাৰ