পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সাহিত্য আৰু প্ৰেম


কৰিলা— মোৰ প্ৰতি যি অবিশ্বাস ইয়াত প্ৰকাশ পালে তাৰ বাবে মই কাতৰ আৰু লজ্জিত হৈছিলো। ঈশ্বৰে জানে তোমাৰ আদেশত মই জুইত সোমাব পাৰো। মোৰ হিয়া মোত নাই, তোমাৰ তাত আছে আৰু এতিয়া তোমাৰ হিয়াতেই মাৰ গৈছে। তোমাক এৰি ইয়াত থাকিবৰ ঠাই নাই। মোৰ হিয়াই যেন তোমাৰ হিয়াতেই নিৰাপদে থাকিব পাৰে; কাবৌ কৰিছো তুমি যেন অলপ মন দিয়া। মই সৰ্বস্ব দিছো, তুমি অকণমানো দয়া দেখুওৱা। মই কি কৰিছো আৰু মোৰ প্ৰতি তোমাৰ কি কৰ্তব্য বুলি ভাবা, তুমি যেন নেপাহৰা। তোমাৰ লগত যেতিয়া ইন্দ্ৰিয়-সুখত লিপ্ত আছিলো, তেতিয়া মানুহে সন্দেহ কৰিছিল, মই কামনে বিশুদ্ধ প্ৰেমৰ তাড়নাত তোমাৰ প্ৰতি আকৃষ্ট হৈছিলো। কিন্তু আৰম্ভণিৰ উদ্দেশ্যে সামৰণিৰ পৰাই বুজি ল’ব পাৰি। তোমাৰ আদেশ পালিবলৈ সুখৰ পৰা নিজক বিচ্ছিন্ন কৰিছো। তোমাৰ লগত একাত্ম হোৱাত বাজে নিজৰ বুলিবৰ একো ৰখা নাই। মোৰ প্ৰতি তোমাৰ ঋণৰ যি পৰিমাণ, তাৰ শোধৰ বাবে তুমি অনায়াসে দিব পৰা যৎসামান্য বস্তু অকণিও যদি নিদিয়া, তেনেহ’লে তুমি কেনে অসজ যেন লাগিব, ভাবি চোৱাচোন। যি ঈশ্বৰৰ নামত সন্ন্যাস-ব্ৰত লৈছা, তেওঁৰ নামত তোমাক কিবা দি খাটিছো, তুমি অনায়াসে কৰিব পাৰা— মোক সান্ত্বনাৰ চিঠি এখন দিবাচোন। তোমাৰ চিঠিতেই মোৰ মন জুৰাব। তেতিয়া মই একাগ্ৰভাৱে ঈশ্বৰ-সেৱা কৰিব পাৰিম। আগেয়ে তুমি যেতিয়া মোক ইন্দ্ৰিয়-সুখৰ বাবে মাতিছিলা, তেতিয়া লানি নিছিগা চিঠিৰে মোক তত্ নোহোৱা কৰিছিলা। তোমাৰ গীতেই মোৰ নাম বাটে-ঘাটে প্ৰতিধ্বনিত কৰি তুলিছিল। তেতিয়া চিঠিৰে সম্ভোগ–সুখলৈ মাতিছিলা, এতিয়া তোমাৰ চিঠিৰে মোক ঈশ্বৰাভিমুখী কৰিবলৈ উদগনি দিয়াটো তোমাৰ কিমান উচিত কাম? মোৰ প্ৰতি তোমাৰ কৰ্তব্য বিচাৰি ল’বা; মই কি খুজিছো মনত ৰাখিবা। বিদায় মোৰ সৰ্বহ।”

 হেলইছাৰ কৰুণা-কাতৰ চিঠিৰ উত্তৰ আবেলাৰ্ডে দিলে। তেওঁৰ চিঠি নিদাৰুণ সংযত, তাত ব্যক্তিগত সম্বন্ধৰ কোনো উল্লেখ নাই। সম্বোধনৰ ঠাইত আছে— To Heloise, his beloved sister in Christ—‘খ্ৰীষ্টৰ সম্পৰ্কে প্ৰিয়তম ভনী হেলইছালৈ।’ তেওঁ লিখিছে যে তেওঁলোকৰ সন্ন্যাস-দীক্ষাৰ পিছত হেলইছালৈ চিঠি লিখা নাই তাৰ কাৰণ আওহেলা নহয়। হেলইছাৰ বিবেচনা আৰু ধৈৰ্যৰ ওপৰত তেওঁৰ অটল বিশ্বাস। তেওঁ ভবা নাছিল যে যিজনীয়ে মঠাধিকাৰিণী হিছাপে তেওঁৰ তলতীয়া ভিক্ষুণীসকলক ঈশ্বৰৰ কৃপাৰ বাতৰি দি সান্ত্বনা দিব পাৰিছে তেওঁ আকৌ আনৰ পৰা উপদেশ অপেক্ষা কৰিব? কিন্তু যদি বিনয়বশত তেওঁ কেতিয়াবা আবেলাৰ্ডৰ পৰা ঈশ্বৰ বিষয়ক কোনো কথাত পৰামৰ্শ বিচাৰে তেওঁ আবেলাৰ্ডলৈ লিখিব পাৰে আৰু তেৱোঁ ঈশ্বৰে যেনে মতি দিয়ে— সেই অনুসাৰে লিখিব ইত্যাদি। আকৌ শাস্ত্ৰীয় বিচাৰত যিবোৰে তেওঁৰ ওচৰত হাৰ মানিছে, সেইবোৰে তেওঁক বধ কৰাবলৈ দিন-ৰাতি ফান্দ পাতি ফুৰিব লাগিছে।