পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
নাৰী-হৃদয়


শাস্ত্ৰ-চৰ্চাৰ পৰা ভাগৰ পলুৱাবলৈ নানান ছন্দ আৰু গাঁথাত তুমি কবিতা ৰচনা কৰিছিলা; ভাবৰ মধুৰতা আৰু ছন্দ ঝঙ্কাৰৰ বাবে তোমাৰ নাম মানুহৰ মুখে মুখে। তোমাৰ গীতৰ ঋঙ্কাৰে নিৰক্ষৰ সমাজতো তোমাক চিৰঞ্জীৱী কৰি ৰাখিছে। এইবোৰ গুণৰ কাৰণেই নাৰী সাধাৰণেই তোমাৰ প্ৰেমিকা হ’বলৈ দীঘল হুমুনিয়া কাঢ়ে। এইবোৰ গীত যেতিয়া মোৰ নামৰ লগত সংশ্লিষ্ট, তোমাৰ গীতৰ লগে লগে মোৰ নামো ছিটিকি পৰি নাৰী সমাজক মোৰ সৌভাগ্যত ঈৰ্ষান্বিত কৰি তুলিছিল। শৰীৰৰ কি সৌষ্ঠৱ আৰু মনৰ কি গুণে তোমাৰ যৌৱনক অলঙ্কৃত কৰা নাই? কোন ঈৰ্ষান্বিত তিৰোতাই তোমাৰ স্নেহৰ পৰা বঞ্চিত মোক এতিয়া অনুকম্পা নকৰিব, কোন শত্ৰুৱে স্নেহবিধুৰা মোৰ প্ৰতি সদয় নহ’ব?

 “মই নিৰ্দোষী হৈয়ো তোমাৰ দুৰ্দশাৰ কাৰণ হওঁ। কামৰ ফলত দোষ নহয়, কৰোঁতাৰ উদ্দেশ্যইহে অপৰাধ সৃষ্টি কৰে। তোমাৰ লগত মোৰ যি সংযোগ তাৰ কাৰণ তুমি নিজে কৈছা আৰু তাৰ কাৰণ তুমিহে বিচাৰ কৰিবও পাৰা। মই সকলো কথা তোমাৰ বিচাৰত অৰ্পণ কৰিলো আৰু তোমাৰ আদেশ মূৰ পাতি ল’ম।

 “মোক এটি কথা কোৱাচোন, তুমি কোৱামতে মোৰ সন্ন্যাস দীক্ষাৰ পিছত মই কিয় পাহৰণিৰ গৰ্ভত পৰিলো, কিয় মই তোমাৰ কথা শুনি বা তোমাৰ চিঠি পাই শৰীৰ শীতলাবলৈ নেপাওঁ? যদি পাৰা তুমি অস্বীকাৰ কৰা। এইটো অন্তৰত অনুভৱ কৰোঁ আৰু লোকেও সন্দেহ কৰে— বন্ধুতাতকৈ বাসনাই, প্ৰেমতকৈ কামুকতাইহে তোমাক মোৰ ওচৰ পোৱাইছিল। সেইদেখি যেতিয়া বাসনাৰ তৃপ্তি হ’ল, ইয়াৰ চৰিতাৰ্থতাৰ বাবে তোমাৰ যি আগ্ৰহ সকলো নাইকিয়া হ’ল। অ’ মোৰ প্ৰিয়তম, এইটো কেৱল মোৰ নহয়, লোক সমাজৰো ধাৰণা। কেৱল মোৰ ধাৰণা হোৱাহেঁতেন অসন্তোষৰ কাৰণ নাছিল, তেতিয়া তোমাৰ আন্তৰিক প্ৰেমৰ সাক্ষীসকলে মোৰ মনৰ তাপ শীতলোৱাত সহায় কৰিলেহেঁতেন। তুমি যি অপৰাধ কৰিছা তাৰ খণ্ডনৰ বাবে যদি যুক্তি বিচাৰি পালোহেঁতেন, মই কাঁচৰ মূল্যত আত্ম-বিক্ৰয় কৰাৰ বাবে সান্ত্বনা পালোহেঁতেন। মই এটি অনুৰোধ কৰোঁ, ৰক্ষা কৰা তোমাৰ সাং নোহোৱা ভাষাত অন্ততঃ প্ৰীতিৰ ভাও কৰিও মোলৈ চিঠি লিখা তোমাৰ সাময়িক উপস্থিতিও যেতিয়া দুৰ্মূল্য, তোমাৰ ভাষাই তোমাৰ স্নিগ্ধ মূৰ্তি মোৰ চকুত সজীৱ কৰি ৰাখিব।

 “মই তোমাৰ পৰা বহুত দাবী কৰিব পাৰো যেন লাগে। তোমাৰ বাবেই মই সকলোখিনি কৰা নাইনে? এতিয়াও তোমাৰ আদেশেই পালন কৰি নাছোনে? অকণমানি ছোৱালী কালতেই ভিক্ষুণীৰ ওৰণি ল’লো— পুণ্য সাচিবলৈ নহয়, তোমাৰ আদেশ পালন কৰিবলৈহে। তোমাৰ পৰা যদি একো পাবৰ যোগ্য নহওঁ, ঈশ্বৰৰ পৰাও একো পাব নোৱাৰো; তেওঁৰ বাবে একো কৰা নাই। তুমি সন্ন্যাসব্ৰত লোৱাৰ আগতেই মোক সন্ন্যাসিনী