পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নাৰী-হৃদয়

হৃদয়ৰ প্ৰতিকৃতি বেলেগ। আজিকালি নাৰী-জাগৰণৰ দিনত শিক্ষিতা লেখিকা থকাহেঁতেন, তেওঁলোকে কিভাবে মনৰ ভাব প্ৰকাশ কৰিলেহেঁতেন, তাৰ পৰা এই প্ৰশ্নৰ মীমাংসা কিছু পৰিমাণে সহজ হ’লহেঁতেন। কিন্তু সাহিত্যৰ বুৰঞ্জীত মৌলিক প্ৰতিভাশালী কোনো তিৰোতা লেখিকাৰ উল্লেখ নাই। যদিওবা পুৰণি গ্ৰীচত চেফো বুলি বিদুষী কবি এগৰাকী ওলাইছিল, কালৰ এনে কুটিল দৃষ্টি যে নানান গ্ৰন্থকাৰৰ পুথিবোৰৰ উদ্ধাৰ হ’ল, কিন্তু আগ-গুৰি নোহোৱা লোকৰ পুথিত উদ্ধৃত কেতবোৰ পদাংশত বাজে চেফোৰ আটাইবোৰ কবিতা কালৰ গৰ্ভত মাৰ গ’ল। এনে অৱস্থাত প্ৰকৃত নাৰী-হৃদয়ৰ স্বৰূপ কি? কবি বৰ্ণিত ‘বজ্ৰাদপি কঠোৰাণি মৃদূণি কুসুমাদপি’ ফুলতকৈ কোমল আৰু অৱস্থা বিশেষে বজ্ৰতকৈয়ো কঠোৰ, এয়ে নাৰী-হৃদয়নে? সমালোচকে কোৱাৰ দৰে ‘a mere nothing’– ই এটি বিৰাট শূন্যতা; ইয়াৰ মীমাংসা ভৱিষ্যতৰ হাতত। পুৰুষ সমালোচকে কেতিয়াবা এনেও মত পোহে যে পুৰুষৰ প্ৰেমে নাৰীৰ জীৱন গৌৰৱমণ্ডিত কৰে। বিচক্ষণ খনিকৰে যেনেকৈ অৰূপ শিলাখণ্ডৰ পৰা দেৱমূৰ্তি কাটি উলিয়ায়, তেনেকৈ প্ৰেমিকেও নাৰী-হৃদয়ৰ নিৰাকাৰ শূন্যতাৰ ভিতৰত প্ৰেম-মন্ত্ৰেৰে নিজৰ আদৰ্শমূৰ্তি জগাই তোলে। এইবোৰ দুৰূহ আৰু জটিল তৰ্ক, নাৰী-হৃদয়ৰ স্বতন্ত্ৰ বিকাশৰ বাবে প্ৰতিভাশালী তিৰোতা লেখিকা নোলায় মানে পৰিচয়ৰ কাৰণে সাহিত্য-জগতে বাট চাই থাকিব লাগিব। কিন্তু অৱস্থা অনুসাৰে নাৰীৰ প্ৰেমেও যে পুৰুষৰ জীৱন গৌৰাৱান্বিত কৰে, তিৰোতায়ো যে পুৰুষৰ বাবে আত্ম-দান কৰিব পাৰে আৰু উদং নাৰী-হৃদয় কেনে ধৰণৰ হ’ব পাৰে তলত দিয়া ঐতিহাসিক ঘটনাৱলীৰ পৰা কিছু আভাস পোৱা হ’ব।

 য়ুৰোপৰ মধ্যযুগত ১০৭৯ খ্ৰীষ্টীয় শকত পীয়াৰে আবেলাৰ্ডৰ জন্ম হয়। তেওঁ দেখাত বৰ সুপুৰুষ আছিল। সময়ত তেওঁ অতি বিদগ্ধ পণ্ডিত হৈ উঠিল। আমাৰ দেশত বেদান্তৰ ভাষ্যকাৰ শঙ্কৰাচাৰ্যৰ যি পাণ্ডিত্যৰ খ্যাতি, য়ুৰোপতো মধ্যযুগত প্ৰচলিত শাস্ত্ৰ আৰু দৰ্শন সমালোচনাত আবেলাৰ্ডৰ সেই খ্যাতি। তেওঁৰ শাস্ত্ৰৰ ব্যাখ্যা আৰু গৱেষণাই এনে মোহিনী শক্তি বিস্তাৰ কৰিছিল যে তেওঁৰ বিপদশঙ্কুল জীৱনত য’তেই তেওঁ পলাই ফুৰিছিল, ত’তেই উৱাদিহ লৈ দেশ-দেশান্তৰৰ ছাত্ৰসকলে খেদি গৈ লগ ধৰি তেওঁ থকা ঠাইৰ চাৰিওফালে পঁজা বান্ধি থাকিও তেওঁৰ বক্তৃতা শুনিছিল। ঐতিহাসিক পণ্ডিতসকলে কয় তেওঁ এটি গতিশীল বিশ্ববিদ্যালয় আছিল। তেওঁলোকে ইমানখিনিও ক’ব খোজে যে আবেলাৰ্ডে যি আদৰ্শৰ মোহিনী শক্তিত হেজাৰ হেজাৰ ছাত্ৰ টানি আনিছিল, সেই শক্তিৰ সঙ্ঘবদ্ধ গঠনৰ চেষ্টাতেই পিছৰ কালত বিশ্ববিদ্যালয়ৰ আৱিৰ্ভাৱ হয়।

 যি দুৰ্ঘটনাই আবেলাৰ্ডক তেওঁৰ পাণ্ডিত্যতকৈয়ো বেছিকৈ সাহিত্য বুৰঞ্জীত জীয়াই ৰাখিছে, তাৰ বিৱৰণ তেওঁ Historia Calamitatum, ‘দুৰ্ভাগ্যৰ সোঁৱৰণি’ বোলা আত্ম-চৰিতত নিজেই বৰ্ণাই গৈছে। তাৰে চমু বিৱৰণ এটি তলত দিয়া হ’ল।