সাহিত্য আৰু প্ৰেম/সৌন্দৰ্যৰ প্ৰতাৰণা

ৱিকিউৎসৰ পৰা

[ ২২ ]

সৌন্দৰ্যৰ প্ৰতাৰণা

 সাহিত্যত সৌন্দৰ্য-লিপ্সা নানাভাৱে প্ৰকাশ পায়। যিসকলৰ মনত সৌন্দৰ্য কেৱল জগত জুৰি থকা অতীন্দ্ৰিয় সত্তা, তেওঁলোকৰ প্ৰতি সুন্দৰী তিৰোতা কেৱল আদৰ্শ সৌন্দৰ্যৰ প্ৰতীক মাথোন। সেই আদৰ্শৰ উচ্চতা অনুসাৰে কবি বা চিত্ৰকৰসকলৰ সৌন্দৰ্য-বুভুক্ষা বিৰাট বিশ্ব-সপোনত পৰিণত হয়। সাহিত্যত তাৰ উদাহৰণ ডাণ্টে-বিয়েট্ৰীছৰ প্ৰীতি। চিত্ৰ-বিদ্যাত তাৰ উদাহৰণ ৰাফেলৰ বিশ্বকৰুণামণ্ডিত মাতৃ-মূৰ্তি। কিন্তু সৌন্দৰ্য-বুভুক্ষা যেতিয়া ইন্দ্ৰিয়-সেৱাৰ নামান্তৰ মাথোন, তেতিয়াই দানহ-মূৰ্তি ধাৰণ কৰি মনত বিভীষিকাপূৰ্ণ ধুমুহা মেলি দি আদৰ্শ আৰু আকাঙ্ক্ষাৰ পুলি-পোখা মষিমূৰ কৰে; নাইবা সাধুকথাৰ তেজপিয়া সাপৰ দৰে চকুৰ দৃষ্টিৰেই অতৰ্কিতভাৱে শক্তি, উদ্যম, আদৰ্শ সকলোৰে হ্ৰাস জন্মায়। সৌন্দৰ্য-বুভুক্ষাৰ ধুমুহাত পৰিণতিৰ উদাহৰণ এণ্টনি-ক্লিওপেট্ৰাৰ আখ্যান সকলো বুৰঞ্জী পঢ়োতাৰ জনাজাত। কিন্তু সৌন্দৰ্যৰ ধাউতিয়ে কেনেকৈ মায়াবিনীৰ নাগ-পাশত মেৰ খাই মনুষ্যত্ব ক্ষীণ কৰি সকলো শক্তি আৰু আদৰ্শ অপহৰণ কৰে তাৰ কৰুণ ছবি এটি তলত দিয়া হ’ল।

 খ্ৰীষ্টীয় পঞ্চদশ শতিকাত ইটালি দেশত যেতিয়া চিত্ৰ-বিদ্যাৰ চৰম উৎকৰ্ষৰ যুগ আৰম্ভ হয়, যেতিয়া এঞ্জেলো, ৰাফেল, লিওনাৰ্ডো আদি বিশ্ব-বিশ্ৰুত চিত্ৰকসকলে কবিৰ বিশ্ব-সপোনক দৃশ্য মূৰ্তি দিবলৈ আৰম্ভ কৰে, তেতিয়া এজন দুখীয়া দৰ্জিৰ ঘৰত ১৪৮৬ খ্ৰীষ্টীয় শকত এটি ল’ৰা ওপজে। ল’ৰাটিৰ নাম এণ্ড্ৰিয়া। দুখীয়া বাপেকে সাত বছৰ বয়সলৈ ল’ৰাটিক সামান্য লিখা-পঢ়া শিকাই সোণাৰি এজনৰ লগত সোণাৰিৰ কাম শিকিবলৈ থৈ দিলে। ল’ৰাটিয়ে কিন্তু সোণাৰিৰ কামলৈ আওহেলা কৰি ছবি অঁকাতহে বেছিকৈ সময় নিয়াবলৈ ধৰিলে। এদিনাখন বেৰিলে নামৰ এজন চিত্ৰকৰে চিত্ৰ-বিদ্যাত ল’ৰাটিৰ নিপুণতা দেখি তেওঁক নিজৰ তত্ত্বাৱধানলৈ আনি সোণাৰিৰ কামৰ পৰা এৰুৱাই একাণপতীয়াকৈ ছবি আঁকিবলৈ দিলে। তিনি বছৰ নিজৰ লগত ৰাখি এই ক্ষেত্ৰত ল’ৰাটিৰ বিশেষ প্ৰতিভাৰ উন্মেষ দেখি বেৰিলেই কছিমো বুলি এজন নামজ্বলা চিত্ৰকৰ চিত্ৰ-শালাত তেওঁক ভৰ্তি কৰাই দিলে; তাত তেওঁ অলপ দিনৰ ভিতৰতে নিজৰ যত্ন আৰু প্ৰতিভাৰ গুণত অশেষ সুখ্যাতি লাভ কৰিলে আৰু ডেকা চিত্ৰকৰ সকলোতকৈ বিশেষ বিচক্ষণ বুলি তেওঁৰ যশ বিয়পি পৰিল।

 আন এজন ছাত্ৰ চিত্ৰকৰে সৈতে লগ লাগি এণ্ড্ৰিয়াই এতিয়া স্বাধীনভাৱে চিত্ৰ[ ২৩ ] বিদ্যাৰ দ্বাৰা জীৱিকা অৰ্জনৰ পথ মোকলাবৰ চেষ্টা কৰিলে। মধ্যযুগত গিৰ্জাবোৰৰ বেৰত চিত্ৰ অঁকাৰ প্ৰথা আছিল আৰু এই কামত নামজ্বলা চিত্ৰকৰসকলহে নিয়োজিত হৈছিল। ইয়াৰ পৰা এফালে যেনেকৈ ধনাগম হৈছিল, আনফালে তেনেকৈ নিপুণ চিত্ৰকৰসকলৰ শিল্পনিপুণতাও সোনকালে চকুত পৰাৰ সুবিধা হৈছিল। ফ্লোৰেন্স নগৰত গিৰ্জাঘৰ এটিৰ বেৰত চিত্ৰ আঁকি সমসাময়িক চিত্ৰকসকলৰ মাজত এন্ড্ৰিয়াও এজন লেখত ল’বলগীয়া কলা-বিশাৰদ হৈ উঠিল। এণ্ড্ৰিয়াৰ ধন-মান কোনোটোৰে অভাৱ নাছিল আৰু দুখীয়া মাক-বাপেককো ধনেৰে পোহ-পাল দি সুখ-সন্তোষত ৰাখিব পাৰিছিল। ৰেখা-বিদ্যাত তেওঁ এনে সিদ্ধহস্ত আছিল যে তেওঁৰ নাম হ’ল ‘অভ্ৰান্ত চিত্ৰকৰ’ (faultless painter)।

 এনে সময়ত এণ্ড্ৰিয়াৰ ভাগ্য-আকাশত সৌন্দৰ্য-পিপাসাৰ কুঁৱলি উঠিবলৈ ধৰিলে। ফ্লোৰেন্স নগৰত সেই সময়ত লুক্ৰেজীয়া বুলি ছোৱালী এজনী আছিল। দুখীয়া আৰু অসজ বাপেকৰ ছোৱালী হ’লেও সৌন্দৰ্য আৰু আত্মম্ভৰি গুণত তেওঁ সকলোৰে চকুত পৰা ধৰণৰ আছিল। যদিও টুপিৱালা এজনৰ লগত তেওঁৰ বিয়া হৈছিল তথাপি বিবাহিতাৰ কৰ্তব্যৰ প্ৰতি বিমুখ হৈ ঘৰচীয়া মেকুৰীয়ে চৰাই-চিৰিকতি ধৰি ধেমালি কৰাৰ দৰে লুক্ৰেজীয়ায়ো নগৰৰ ডেকাসকলৰ মন ধৰি খেলা কৰাত অতিশয় পাৰ্গতালি দেখুৱাইছিল। প্ৰেমৰ ছলনাত এন্ড্ৰিয়া ভালকৈয়ে বিভোল হ’ল আৰু লুক্ৰেজীয়াৰ সৌন্দৰ্য আৰু চতুৰালিত বিমুগ্ধ হৈ শিল্প-চৰ্চাৰ প্ৰতি আওহেলা কৰিবলৈ ধৰিলে আৰু লাহে লাহে মাক-বাপেকক আগৰ দৰে পোহ-পাল দিবলৈকো এৰিলে। হঠাৎ এদিন টুপিৱালাই টান নৰিয়াত পৰি শয্যা ল’লে। এণ্ড্ৰিয়াই বন্ধু-বান্ধৱ কাৰো পৰামৰ্শ নোলোৱাকৈ, আত্মীয়-কুটুম কাকো নোসোধাকৈ সমাজত নিজৰ ঠাই, নিজৰ মান, শিল্প-বিদ্যাত নিজৰ গৌৰৱ, সন্মান একোৰে প্ৰতি ভ্ৰূক্ষেপ নকৰি লুক্ৰেজীয়াক স্ত্ৰীৰূপে চপাই ল’লে। ফ্লোৰেন্স নগৰত যেতিয়া এই কথা প্ৰচাৰ হ’ল, এন্ড্ৰিয়াৰ প্ৰতি আগেয়ে যিসকলে প্ৰীতি আৰু শ্ৰদ্ধাৰ ভাব ৰাখিছিল, তেওঁলোকে এতিয়া তেওঁৰ প্ৰতি ঘৃণা আৰু তাচ্ছিল্যৰ ভাব দেখুৱাবলৈ ধৰিলে।

 বন্ধুপ্ৰীতিৰ লগে লগে এণ্ড্ৰিয়াই মনৰ শান্তিও হেৰুৱালে। ঈৰ্ষাৰ জুয়ে মনত ভুমুকিয়ালে। তেওঁ বুজিলে, এজনী খেলুৱাই তিৰোতাৰ হাতত পৰিছে আৰু তাইৰ ইচ্ছামতে নিজে সকলো কামতে চলিব লাগে। এণ্ড্ৰিয়াই নিজৰ মাক-বাপেকক এৰি দি ঘৈণীয়েকৰ মাক আৰু ভনীয়েকহঁতক চপাই ল’ব লগাত পৰিল। এইবোৰ দেখি-শুনি আগেয়ে যিসকলে তেওঁৰ সংসৰ্গ গৌৰৱৰ কাৰণ বুলি ভাবিছিল সেইসকল আঁতৰি পৰিল। এণ্ড্ৰিয়াৰ প্ৰতিভাৰ গুণত কেতবোৰ ছাত্ৰ তেওঁৰ লগত থাকিল সঁচা; কিন্তু তেওঁলোকো লুক্ৰেজীয়াৰ কথা আৰু কামৰ দ্বাৰা নিৰ্যাতিত নোহোৱাকৈ নাছিল। [ ২৪ ] সময়ে সময়ে তেওঁলোকৰ পিঠিত কিল-ভুকুও পৰিছিল। এইদৰে প্ৰপীড়িত হৈও এন্ড্ৰিয়াই নিজক সৌভাগ্যবান বুলি ভাবিছিল।

 ইন্দ্ৰিয়ৰ ক্ষোভ এনে মাদক বস্তু যে মদপীৰ মদৰ দৰেই ই জাগ্ৰত আত্ম-চৈতন্যৰ বল সঞ্চাৰ হ’বলৈ নিদিয়ে। সৌন্দৰ্যই এণ্ড্ৰিয়াক আমুৱাবলৈ ধৰিলে, জীৱন-পদ্ধতি তেওঁৰ পক্ষে দুৰ্বল হৈ উঠিছে। নিজৰ ভুল নিজৰ চকুত ধৰা পৰিল, পৰিশ্ৰমৰ অনুপাতে যথেষ্ট আয় হয় যদিও এণ্ড্ৰিয়া অভাৱগ্ৰস্ত হৈয়ে থাকিব লগাত পৰিল। আদৰ্শ আৰু আকাঙ্ক্ষাৰ সিদ্ধিলাভ কৰিব লাগিলে যি স্বৰ্গীয় সপোনত উটি ফুৰা ভাব মনত থাকিব লাগে তাৰ ঠাইত তেওঁৰ মন সাংসাৰিক অভাৱৰ পঙ্কিলতাত পোত খালে। ঘৈণীয়েকৰ বাপেক-ভনীয়েকে তেওঁৰ সকলো আৰ্জন খাই সাং কৰে, নিজে দৰিদ্ৰ হৈয়ে থাকিল। মানুহ হিছাপে নহ’লেও শিল্পী হিছাপে তেওঁৰ প্ৰতি শ্ৰদ্ধা ৰখা দুই-এজন বন্ধুৰ পৰামৰ্শ অনুসাৰে তেওঁ দুখন চিত্ৰ ফৰাছী দেশৰ ৰাজ্যসভালৈ পঠিয়াই দিলে। ফৰাছী ৰজা ফ্ৰান্সিছে চিত্ৰ দুখনৰ সৌন্দৰ্যত মুগ্ধ হৈ পাৰিষদসকলৰ মন্ত্ৰণা অনুসাৰে এণ্ড্ৰিয়াক ৰাজসভালৈ মাতি পঠিয়ালে আৰু ৰাজসভাত যাতে এণ্ড্ৰিয়াৰ কোনো অসুবিধা নঘটে সেইবাবে পাৰিষদসকলক আদেশ দি বাট খৰচৰ বাবে এণ্ড্ৰিয়ালৈ ভালেমান ৰূপ পঠিয়াই দিলে। বন্ধুসকলৰ পৰামৰ্শ অনুসাৰে কিছুমান দিনলৈ বুলি ঘৈণীয়েকক ফ্লোৰেন্সত এৰি এণ্ড্ৰিয়াই ফৰাছী দেশলৈ যাত্ৰা কৰিলে।

 ৰজা ফ্ৰান্সিছে অতি সন্মানেৰে প্ৰতিভাৰ মৰ্যাদা অনুসাৰে বিখ্যাত চিত্ৰকৰক গ্ৰহণ কৰিলে। চিত্ৰকৰে গৈয়ে কেঁচুৱা ৰাজকুমাৰৰ চিত্ৰ এখনি আঁকি ৰজা, পাৰিষদ সকলোৰে মন মুহি পেলালে আৰু বানচ বুলি তিনিশ সোণৰ মুদ্ৰা লাভ কৰিলে। এণ্ড্ৰিয়াৰ গুণ আৰু নিৰীহ স্বভাৱত প্ৰীত হৈ পাত্ৰ-মন্ত্ৰী, ৰজা সকলোৱে তেওঁক মৰম আৰু শ্ৰদ্ধাৰ চকুৰে চাবলৈ ধৰিলে। সোণ-ৰূপ বৰষুণৰ পানীৰ দৰে চিত্ৰকৰৰ কাষলৈ ব’বলৈ ধৰিলে। প্ৰতিভাৰ পূৰ্ণ বিকাশৰ বাবে ইয়াতকৈ সাৰুৱা ক্ষেত্ৰ পাবলৈ টান। কিন্তু বিধাতাৰ অভিসম্পাতে যাৰ অন্তৰত তিৰোতাৰ সৌন্দৰ্যৰ উন্মাদনা ৰূপে অতৰ্কিতভাৱে বিহ সঞ্চাৰ কৰি থাকে তাৰ পক্ষে বিধাতাৰ যুঁজত জয়-পৰাজয় নিজৰ কল্পনাৰ ওপৰত নিৰ্ভৰ কৰে। এণ্ড্ৰিয়াৰ উদ্ভ্ৰান্ত চিত্তই বিধাতাৰ শাও বেছি টনকিয়াল কৰিলে।

 এণ্ড্ৰিয়াই ঘৈণীয়েকৰ আন আন বহুত চিঠিৰ পিছত এদিন এখন চিঠি পালে। চিত্ৰকৰে লুক্ৰেজীয়াক কোনো অভাৱত ৰখা নাছিল। নতুনকৈ পকী ঘৰ এটি সজাবলৈ যোগাৰ-পাতিও দি আছিল। কিন্তু লুক্ৰেজীয়াই আত্মীয়-কুটুম আৰু চাৰিওফালে গুঞ্জৰি ফুৰা মৌ-পিয়া ভোমোৰাসকলক আগৰ দৰে হাত উবুৰিয়াই ৰূপ-বান দি বহতীয়া কৰি ৰাখিব নোৱৰাটো বৰ বিষম যেন পালে। লুক্ৰেজীয়াই চিঠি লিখিলে, এণ্ড্ৰিয়া [ ২৫ ] যাবৰ পৰা তেওঁৰ চকুৰ পানীৰ ছেদ নাই আৰু চৰাইৰ কুমলীয়া নোমৰ তলিচাতো কোনোবাই গজাল ভৰাই থৈছে যেন লাগে। চিঠি পোৱামাত্ৰেই যদি তেওঁ উভতি নাহে তেনেহ’লে লুক্ৰেজীয়াক আৰু জীয়াই থকা তেওঁ নেদেখে। খেলুৱৈ লুক্ৰেজীয়াই দুৰ্ভগীয়া শিল্পীৰ চিত্তৰ দুৰ্বলতাক লক্ষ্য কৰি এই নিৰ্মম নিষ্ঠুৰ শেল মাৰি পঠিয়ালে।

 এণ্ড্ৰিয়াই ফ্লোৰেন্স নগৰলৈ যাবলৈ ৰজাৰ অনুমতি খুজিলে। তেওঁ বাইবেল শাস্ত্ৰ চুই শপত খালে যে ঘৰুৱা কামৰ এটি সঙ্গতি লগাই ঘৈণীয়েকক লগত লৈ নিৰ্দিষ্ট সময়ৰ মূৰত আকৌ ৰাজসভালৈ ঘূৰি আহিব। ৰজাই এণ্ড্ৰিয়াৰ দৰে গুণী পুৰুষক অবিশ্বাস কৰিবলৈ কোনো কাৰণ নেদেখিলে আৰু ইটালি দেশৰ আন আন প্ৰসিদ্ধ চিত্ৰকৰসকলৰ চিত্ৰ কেতবোৰ লগত লৈ আহিবলৈ এণ্ড্ৰিয়াক আগধন স্বৰূপে বহুত সোণ-ৰূপ দিলে।

 ‘পতঙ্গবৎ বহ্নিমুখং বিবিক্ষুঃ।’— জুইত সোমাব খোজা পৰুৱাৰ দৰে এণ্ড্ৰিয়া আহি আকৌ ফ্লোৰেন্স নগৰত ওলাল। ঘৈণীয়েকৰ মন যোগাই পকী-ঘৰ সজাই অলপ দিনৰ মূৰতে এণ্ডিয়াই নিজৰ আৰ্জনৰ ধনৰ লগে লগে চিত্ৰ কিনিবলৈ দিয়া ৰজাৰ আগধনো ভগন কৰি হাত শুদা কৰিলে। তথাপি নিজেই ধৰ্মশাস্ত্ৰ চুই কঢ়া শপত মনত কৰি ফৰাছী দেশলৈ উভতি যাবলৈ মন বান্ধিলে। আকৌ লুক্ৰেজীয়াৰ কাকূতি, লুক্ৰেজীয়াৰ চকুৰ লোৰ ঢল-পানীত শিল্পীৰ সঙ্কল্প, শিল্পীৰ ধৰ্ম-শপত সকলো উটি গ’ল।

 এণ্ড্ৰিয়াৰ ফৰাছী দেশলৈ যোৱা নহ’ল। এই বিশ্বাসঘাতকতাত ৰজা ফ্ৰান্সিছ খঙত আপোন-পাহৰা হ’ল, কিছুমান দিনলৈ ফ্লোৰেন্স নগৰৰ কোনো শিল্পীৰ চিত্ৰকেই তেওঁ আগত উলিয়াবলৈ হাক দিলে আৰু কৈ পঠিয়ালে যে আগলৈ কেতিয়াবা যদি এণ্ড্ৰিয়া তেওঁৰ হাতত পৰে তেনেহ’লে তেওঁৰ প্ৰতিভাৰ মৰ্যাদা বজাই নেৰাখিব আৰু আগেয়ে যি উপকাৰ কৰিছিল তাৰ সলনি পাৰ্যমানে এণ্ড্ৰিয়াৰ অমঙ্গল সাধিবলৈ যত্ন কৰিব। সন্মানৰ উজ্জ্বল ওখ শিখৰৰ পৰা বাগৰি এণ্ড্ৰিয়া দুৰ্যশ আৰু দৰিদ্ৰতাৰ এন্ধাৰ বাটৰ বাটৰুৱা হ’ল।

 তিৰোতাৰ বাবে আদৰ্শ আকাঙ্ক্ষা সম্পদ ত্যাগ কৰিও যদি তিৰোতাৰ মন পালেহেঁতেন, তথাপি দুৰ্ভগীয়া মনলৈ শান্তি আহিলহেঁতেন। কিন্তু লুক্ৰেজীয়াৰ হিয়া মৌ-পিয়াসকলৰ গুঞ্জনত মতলীয়া; এণ্ড্ৰিয়া কেৱল ধন ঘটি অনা চপনীয়াহে মাথোন।

 দিন যাবলৈ ধৰিলে। নিজৰ অতীত, বিশেষতঃ ফৰাছী ৰজাৰ প্ৰতি নিজৰ অসজ ব্যৱহাৰৰ সোঁৱৰণিত শিল্পীৰ হিয়া বিদাৰি কেতিয়াবা দীঘল হুমুনিয়াহ উঠে। সোণৰ শিকলিত বান্ধ খোৱা অপ্ৰকাশিত প্ৰতিভাৰ কৰুণ বিননি কবিৰ কল্পনাগ্ৰাহ্য— চৰিতলেখকৰ বিশ্লেষণৰ সামগ্ৰী নহয়। ধূলিত লুটি-বাগৰ খোৱা পপীয়া তৰাৰ দৰে [ ২৬ ] এণ্ড্ৰিয়াৰ নিষ্প্ৰভ প্ৰতিভাৰ আত্ম-লাঞ্ছনাত ব্যথিত হৈ ইংৰাজ কবি ব্ৰাউনিঙে এটি অপূৰ্ব কবিতা লিখিছে। তাৰ সাৰমৰ্ম তলত দিয়া হ’ল।

 হেমন্ত কাল। বাহিৰা প্ৰকৃতিত কোনো উন্মাদনা নাই। সন্ধিয়া সময়। এন্ধাৰ-পোহৰ মিহলি হৈ সমুখৰ মৰেলো পৰ্বতক পাতল ধোঁৱাই আগুৰিছে। এণ্ড্ৰিয়া চিত্ৰশালাৰ খোঁটালিত বহি আছে, ওচৰত ঘৈণীয়েক। বেৰত ৰাফেলৰ চিত্ৰ এখন আঁৰি থোৱা। বাটৰ পৰা সুহুৰিৰ শব্দ আহি মাজে মাজে কাণত পৰে। সুহুৰিৰ শব্দত লুক্ৰেজীয়া উচপিচকৈ চঞ্চল হৈ উঠে। গিৰিয়েকক আগেয়ে কৈ থোৱা হৈছে যে সুহুৰি বজোৱাজন লুক্ৰেজীয়াৰ সম্বন্ধীয়া ভায়েক। সম্বন্ধীয়াসকলক বিনা বানচে এন্ড্ৰিয়াই চিত্ৰ আঁকি দিব লাগে। আগেও দিছে। আজিও সেই লৈয়েই লুক্ৰেজীয়াৰ ঠেহ।

 বাহিৰৰ নিবিড় প্ৰকৃতিৰ নিস্তব্ধতাই আহি এণ্ড্ৰিয়াৰ মন আক্ৰমণ কৰিছে। মনত আশা নাই, উদ্বেগো নাই। মৰেলো পৰ্বতখন যেন চুঁচৰি আহি তেওঁৰ হিয়াত থিতাপি লৈছে। লুক্ৰেজীয়াৰ ঠেহত অতীত, বৰ্তমান, ভৱিষ্যৎ— আটাইবোৰ স্মৃতি, চেতনা আৰু সপোন লগ লাগি মনত এটি বিৰাট নিষ্ফলতা জগাই তুলিছে। স্বৰ্গতোক্তিৰ সুৰেৰে লুক্ৰেজীয়াক লক্ষ্য কৰি এণ্ড্ৰিয়াই ক’ব লাগিছে—

 “বাৰু আমি আৰু কাজিয়া নকৰোঁহঁক, নাই নকৰোঁ। অ’ মোৰ লুক্ৰেজীয়া এবাৰলৈ তুমি ধৈৰ্য ধৰি শুনা। এবাৰ শান্তভাৱে মোৰ ওচৰত বহা, মোৰ কথা শুনা। সকলো কাম তোমাৰ মতেই চলিব। বাৰু, মোৰ পিনে মুখ ঘূৰাইছা, তোমাৰ মনো ঘূৰিছেনে? তেনেহ’লে তোমাৰ বন্ধুৰ সম্বন্ধীয়াজনৰ কামো মই কৰি দিম, তেওঁৰ ইচ্ছামতে দিয়া বানচেই হ’ব আৰু সেইখিনি আনি তোমাৰ অকণিহঁতৰ মুঠিত সুমুৱাই দিম। হ’বনে? তোমাৰ বন্ধুৰ বন্ধুক সন্তুষ্ট কৰিম, কিন্তু কাইলৈ প্ৰিয়তমে! বহুত সময়ত মোৰ মনত ভাগৰ লাগে, আজি আন আন দিনতকৈয়ো মন বেছি ভাৰাক্ৰান্ত। মোৰ ভাব, যদি মই তোমাৰ ওচৰত বহিবলৈ পাওঁ, তোমাৰ হাত মোৰ মুঠিৰ ভিতৰত, দুয়োৰো, এক মন-প্ৰাণ, বিবাহিত পুৰুষ-তিৰোতাৰ দৰে সন্ধিয়া কালডোখৰ যদি এইদৰে নিয়াব পাৰো, নিবিড় শান্তিত কাইলৈ পুৱা কামলৈ মোৰ নতুন বল নতুন শক্তি সঞ্চাৰ হ’ব। দুয়ো চেষ্টা কৰি চাওঁহঁকচোন! মোৰ ওচৰত থকা সময়খিনি মিছাতে যোৱা যেন ভাবিছা? তোমাক আৰ্হি কৰিয়েই আমাক লগা পাঁচোখন চিত্ৰ আঁকিব পাৰিম। বেলেগ আৰ্হি নালাগে। ভাল, সেইদৰেই চাই থাকা, অ’ মোৰ নাগিনী নাগ-পাশধাৰিণী, তুমি মোৰ জোন, তুমি আটাইৰে জোন, সকলোৱে তোমাৰ আৰ্হিৰ গঢ়োৱা মূৰ্তিকেই নিজৰ বুলি সাবটি লয়। তুমি হাঁহিছা? এৰা, মোৰ চিত্ৰ সম্পূৰ্ণ হ’লেই!

 “এই যে হেমন্তৰ সন্ধিয়া দেখিছা, ই মোৰ জীৱন-প্ৰবাহৰ দৃশ্য-মূৰ্তি আৰু ওৰে [ ২৭ ] জীৱন, ওৰে জীৱন-প্ৰবাহ কেৱল হেমন্ত-সন্ধিয়াৰ মূৰ্তি-চিত্ৰ মাথোন! অ’ মোৰ প্ৰিয়ে, আমি ঈশ্বৰৰ হাতৰ পুতলা মাথোন! তেওঁ আমাক যেনেকৈ চলাইছে সেইটো কেনে অনাভুৱা যেন লাগে৷ নিজক এনে মুকলিমূৰীয়া ভাবো অথচ এনেকৈ শিকলিৰে মেৰ খাই আছে। তেঁৱেই শিকলি দিছে, বাৰু শিকলি থাকক।

 তুমি মোৰ শিল্প-কুশলতা বুজি নোপোৱা। বুজিবলৈয়ো চেষ্টা নকৰা কিন্তু আনে কি কয় বুজিব পাৰা। সৌ যে বেৰত আঁৰি থোৱা ৰাফেলৰ অঙ্কিত মাতৃ-মূৰ্তি দেখিছা— কি সুন্দৰ, কি অপৰূপ! চিত্ৰ তেনেকুৱাই হ’ব লাগে। কিন্তু তথাপি এই চিত্ৰৰো অকণমান দোষ আছে। মোক পেন্সিল এডাল দিয়া, বাহুখন এইদৰে থাকিব লাগিছিল। কিন্তু এই চিত্ৰৰ ভিতৰেদি যি তেজঃপুঞ্জ ফুটি ওলাইছে, যি বিশ্বমানৱ হৃদয়স্পৰ্শী সৌম্য কৰুণাৰ প্ৰভা বিৰিঙি ওলাইছে; সেই প্ৰভা, সেই তেজ মোৰ অনুভূতিৰ বহুত ওপৰত।

 “আনে যি চিত্ৰ কঠোৰ পৰিশ্ৰম কৰি মূৰৰ ঘাম মাটিত পেলায়ো আঁকিব নোৱাৰে, সেই চিত্ৰ অতি অৱলীলাক্ৰমে মই বাওঁহাতেৰে আঁকি দিব পাৰো। সেইটো অহঙ্কাৰ নহয় তথাপি মই সিহঁতৰ বহুত তলত। সিহঁতৰ কঠোৰ শ্ৰমত যি অন্তৰৰ সংযোগ, যি খৰতৰ তেজৰ চলাচল, আশা-নিৰাশাৰ যি তুমুল সংগ্ৰাম, তাৰ ভিতৰেদিয়েই সিহঁতে ঈশ্বৰে দিয়া শক্তিৰ সফলতা লাভ কৰে। সেই শক্তিৰ সহস্ৰ কণাৰ একণায়ো মোৰ হাত নচলায়। সিহঁতে কামত সম্পূৰ্ণতা লাভ কৰিব নোৱাৰে, কিন্তু শক্তিৰ সফলতা লাভ কৰিছে। মোৰ কাম অভ্ৰান্ত, সম্পূৰ্ণ, কিন্তু মোৰ শক্তি জড়, সুপ্ত।”

 “মোক কি লাগে, মই কি কৰিব পাৰো মই জানো জানিলেই বা কি হুমুনিয়া কাঢ়িলেই বা কি লাভ! মোৰ জীৱনত হেমন্তৰ সন্ধিয়াই বোল বেলাইছে। তুমি মোৰ কামত উদ্যম সঞ্চাৰ কৰাহেঁতেন, যদি কেতিয়াবা ক’লাহেঁতেন— ‘গৌৰৱ আৰু ঈশ্বৰৰ কৰুণাক লক্ষ্য কৰি কাম কৰা, লাভ-লোকচানৰ চিন্তা মনলৈ নানিবা’— কেতিয়াবা যদি তোমাৰ সুন্দৰ মুখেৰে এইদৰে ক’লাহেঁতেন, ৰাফেলৰ ওখ আসনত তুমি মই— দুয়ো উঠিব পাৰিলোহেঁতেন! তোমাৰ সৌন্দৰ্যৰ লগত যদি তোমাৰ হিয়া মনৰ যোগ থাকিলেহেঁতেন— কেতবোৰ তিৰোতাৰ থাকে, ৰাফেল, মাইকেল, এঞ্জেলো তেওঁলোকৰ আসন ল’ব পাৰিলোহেঁতেন। নহ’বও পাৰে, সকলো বিধাতাৰ নিৰ্দেশ।

 “তোমাৰেই বা দোষ কি? সকলো শক্তিৰ ভঁৰাল নিজৰ অন্তৰেই। ৰাফেল, এঞ্জেলো— তেওঁলোকৰ দেখো তিৰোতাই নাছিল। মই দেখিছো সংসাৰত যি ভাল কাম কৰিব পাৰে, সি নকৰে, যাৰ কৰিবলৈ একান্ত আগ্ৰহ, সি নোৱাৰে। তথাপি ইচ্ছা আৰু শক্তি ইয়ো আধা সফলতাই!

 “ফৰাছী ৰাজসভাত যেতিয়া আছিলো, ৰজা ফ্ৰান্সিছে যেতিয়া এখন ৰাজবাহু [ ২৮ ] মোৰ কান্ধত থৈ কামত উৎসাহ দিছিল, মোৰ হৃদয়ৰ অন্তৰতম প্ৰদেশত যেতিয়া তোমাক গৌৰৱমণ্ডিত কৰাৰ ইচ্ছা ফল্গুনদীৰ দৰে বৈ আছিল, তেতিয়া ৰাফেলৰ তেজঃপুঞ্জৰ উষ্ণতা কেতিয়াবা কেতিয়াবা অনুভৱ কৰিছিলো। তুমি অধীৰ নোহোৱাহেঁতেন! থাওক, তুমি মাতি পঠিয়ালা, মই আহিলো।

 “মাজে-সময়ে ৰাতি যেতিয়া চিত্ৰ অঁকাৰ পৰা ক্লান্ত চকুৰে ঘৰৰ বেৰৰফালে চাওঁ, ইটাবোৰৰ পৰা প্ৰদীপ্ত জুই জ্বলি উঠা যেন দেখো। ইটাবোৰৰ পৰা যেন চূণ-চুৰকি খহি পৰিছে, তাৰ ঠাইত যেন প্ৰচণ্ড ভাস্কৰ বৰণীয়া সোণ লেও খাই আছে। ৰজা ফ্ৰান্সিছে ছবি কিনিবলৈ আগধন বুলি দিয়া সোণ!

 “তুমি ছট্‌ফটাইছা কিয়? তোমাৰ সম্বন্ধীয়া ভাইজন আহিছে? তোমাক বাহিৰলৈ মাতিছে। অকলে, মোৰ লগত নহয়? জুৱাখেলৰ ধাৰ সাধিবলৈ আহিছে? সেই কাৰণে হাঁহিছিলো? ভাল তোমাৰ হাঁহিৰেই নিজক বেচিছো। যেতিয়ালৈ হাত, চকু আৰু অকণমানিও হিয়াৰ স্পন্দন থাকে তেতিয়ালৈকে কামেই মোৰ গতি, মোৰ পুতলাৰ বেছ শোধাব লাগিব। সন্ধিয়াৰ বাকীখিনি তুমি কোৱাৰ দৰে এলাহতে বহি কটাওঁ, ফৰাছী দেশলৈ উভতিব পাৰিলে কি কৰিলোহেঁতেন তাৰেই সপোন দেখো!

 “আজি মই বুঢ়া বয়সৰ দৰে নিৰ্বিকাৰ নিস্তব্ধ। মোৰ অনুতাপ নাই, জীৱনত কোনো সালসলনিও ঘটাব নোখোজো, অতীত জীৱন ছায়া-পথৰ দৰে উদ্ভাসিত হৈ পৰি আছে, তাক আৰু সলাব লাগিছে কিয়? ফৰাছী ৰজাৰ টকা লৈছিলো, প্ৰলোভনত পৰি খৰচ কৰিছো, ঘৰ বান্ধিছো—পাপেই কৰিছো আৰু ক’বলগীয়া কি আছে? আই-বোপাই খাবলৈ নাপাই মৰিল, মোৰ ধন আছিল জানো? তুমিয়েই জানা ধন কেনেকৈ আহে। সকলোৱে নিজ নিজ ভাগ্যফল ভোগ কৰিব লাগে। তেওঁলোক জন্মত দুখীয়া, কৰ্মত দুখীয়া আৰু দুখতেই মৰিছে। মই পৰিশ্ৰম কৰিছিলো, সেই অনুসাৰে মোৰ উপাৰ্জন হোৱা নাই।

 “আজি ভাবিছো, তুমি মোক যথেষ্ট ভাল পাইছা। তাতে মই সন্তুষ্ট থকা উচিত। আৰু কি লাগে? হয়তো স্বৰ্গ ৰাজ্যত আকৌ মোৰ প্ৰতিভাৰ জোখাৰে কাম কৰিবলৈ সুচল আহিব। স্বৰ্গৰ দেৱ-মন্দিৰত চিত্ৰ আঁকিবলৈ দেৱদূতে ৰাফেল, এঞ্জেলো, লিওনাৰ্ডো আৰু মোক —চাৰিওকো চাৰিখন দেৱাল ভগাই দিব। প্ৰথম তিনিওজনৰেই তিৰোতা নাই, মোৰ আছে। তাতে সেইদেখি তেওঁলোকে মোক চেৰ পেলাব, কিয়নো তুমি মোৰ লুক্ৰেজীয়া আছা— মোৰে অভিমত অনুসাৰে।

 “আকৌ ‘সম্বন্ধীয়া’ ভাইৰ সুহুৰি, যোৱা মোৰ সোণাই!”

 ওপৰত তুলি দিয়া কথাবোৰ কবিৰ কল্পনাপ্ৰসূত হ’লেও এণ্ড্ৰিয়াৰ অন্তৰৰ পোৰণি সম্পূৰ্ণভাৱে প্ৰকাশ কৰে। নিজৰ শক্তিৰ সম্পূৰ্ণ; জোখ উপলব্ধি কৰিব পৰা প্ৰতিভাশালী [ ২৯ ] পুৰুষৰ অপ্ৰকাশিত প্ৰতিভাৰ ব্যৰ্থতাত কি নৈৰাশ্য, কি অশান্তি, কি ক্ষোভ! এই ব্যৰ্থতাৰ কাৰণ কোন? যাৰ ৰূপত মন-প্ৰাণ গৌৰৱ মৰ্যাদা সম্পদ সকলো বিসৰ্জন দিছে, কিন্তু যাৰ মনত তেওঁৰ মূল্য কেৱল ‘সম্বন্ধীয়া’সকলক দিব পৰা জোখাৰে টকা আৰ্জিব পৰা ক্ষমতা অনুসাৰে।

 ১৫২৩ খ্ৰীষ্টীয় শকত ফ্লোৰেন্স নগৰত প্লেগ মহামাৰিয়ে আহি দেখা দিলত এণ্ড্ৰিয়াই মুগলো নামক ঠাইলৈ সপৰিবাৰে যাত্ৰা কৰে। তাত মঠাধিশ্ৰিতা ভিক্ষু-ভিক্ষুণীসকলৰ বাবে যীশুখ্ৰীষ্ট চৰিতবিষয়ক কেতবোৰ ছবি আঁকে। মঠৰ কাম কৰি অঁতালত ৰং আৰু চিত্ৰৰ আহিলা-পাতি বহুত অতিৰিক্ত হৈ থাকিল। এণ্ড্ৰিয়াই এদিন লুক্ৰেজীয়াক মাতি ক’লে, “তুমি এখন্তেক ধীৰভাৱে মোৰ ওচৰত বহা; এইবোৰ ৰং যে বেছিকৈ আছে তাৰে তোমাৰ ছবি এখন আঁকিম। এই বয়সতো তোমাৰ চকুৰ জেউতি কেনেকৈ লৰচৰ নোহোৱাকৈ আছে মানুহে দেখক আৰু আগৰ ছবিবোৰতকৈ এইখনত তোমাৰ চেহেৰাৰ কি পৰিৱৰ্তন ঘটে সেইটোৱেই ৰিজাবলগীয়া।” কিন্তু লুক্ৰেজীয়াৰ মন আন কিবা ভাবত তোল-পাৰ— শান্তভাৱে বহি থাকিব নোৱাৰে।

 চিৰ-নৈৰাশ্যপীড়িত এণ্ড্ৰিয়াৰ মনত ভৱিষ্যদ্বাণীৰ দৰে উদয় হ’ল— তেওঁৰ আৰু সংসাৰত সৰহ দিন নাই। এহাতেৰে দাপোণ আৰু আন হাতেৰে তুলিকা ধৰি নিজৰ চিত্ৰ এনে হুবহু কৰি আঁকিলে— সেইটো যেনিবা তেওঁৰ জীৱন্ত-মূৰ্তি। তেওঁ মৰাৰ পিছত ছবিখন ভালেমান দিনলৈ লুক্ৰেজীয়াৰ হাতত আছিল।

 ইয়াৰ কিছুদিন পিছত এণ্ড্ৰিয়াৰ নৰিয়া হ’ল। তেওঁ শয্যাত পৰিয়েই ভাবিলে তেওঁৰ নিস্তাৰ নাই। তেওঁৰ নৰিয়াৰ কোনো ঔষধ বিচাৰি পোৱা নগ’ল। লুক্ৰেজীয়াই পাৰেমানে বেমাৰীৰ পৰা আঁতৰে আঁতৰে থাকে, কেনেবাকৈ তেওঁৰো গাত ব্যাধি সোঁচৰে বুলি। কোনোৱে গম নোপোৱাকৈয়ে মঠৰ ভিক্ষুসকলে তেওঁক সমাধিস্থ কৰে। সৰুকালত ভাৰাতীয়া হিছাপে যেতিয়া এণ্ড্ৰিয়াই কাম কৰি ফুৰে তেতিয়া তেওঁৰ প্ৰতিভাক লক্ষ্য কৰি মাইকেল এঞ্জেলোৱে এদিনাখন ৰাফেলক কৈছিল, “ৰাফেল, এই নগৰত যে অকণমানি ল’ৰা এটি ঘুৰ্মুটিয়াই ফুৰা দেখা, সি তোমাৰ দৰে ৰজা-মহাৰজাৰ আশ্ৰয়ত থাকি ডাঙৰ কামত হাত দিবৰ সুবিধা পোৱাহ’লে তোমাৰ কপালৰ ঘাম ভৰিত পৰিলহেঁতেন।”

 এণ্ড্ৰিয়াৰ ভাগ্যতো ৰজা-মহাৰজাৰ কৃপা লাভ ঘটিছিল। ‘স্বপ্নো নু মায়া নু মতিভ্ৰমো নু’ –কিন্তু সপোননে মায়ানে মতিভ্ৰম! কিহৰ বাবে তেওঁৰ জীৱন বিৰাট নিষ্ফলতাত পৰিণত হ’ল?