পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
সাহিত্য আৰু প্ৰেম


সাজি আমাক ইয়াত থাকিবলৈ দিছা। কিন্তু আমি কেনেকৈ চলিব লাগে তাৰ চেষ্টা কৰা নাই। আনৰ কথা এৰি দিলেও মোক তুমি আওহেলা কৰা কেনেকৈ? বিয়াৰ বান্ধোনত তুমি আৰু মই একাত্ম হৈ গ’লো, এতিয়াও তোমাকেই আশ্ৰয় কৰি আছো। মোৰ সদ্‌গতিৰ কাৰণেও কেতিয়াবা চিঠি এখনি লিখিব নোপোৱানে?

 “প্ৰিয়তম, তোমাক হেৰুৱাই মই কি নেহেৰুৱাইছো, তুমি জানা; কোনেই বা নেজানে? বিশ্বাসঘাতকতাৰ পাশৱিক নিৰ্যাতনত তোমাকো হেৰুৱালো, নিজকো হেৰুৱালো। মোৰ শোক যিমান বেছি, তিমানেই তুমি মোক সান্ত্বনা দিব লাগিছিল। তুমিয়েই মোক শোক-তাপত দেইপুৰি মাৰিব পাৰা, তুমিয়েই মোক সান্ত্বনা দি আনন্দতো ৰাখিব পাৰা।”

 মোৰ প্ৰতি তোমাৰ এইটো কৰ্তব্যও— তুমি মনত আঘাত পাবা বুলি তোমাৰ আদেশ সম্পূৰ্ণভাৱে পালন কৰি মোৰ জীৱন জলাঞ্জলি দিছো। নহয়, ইয়াতকৈয়ো মই বেছি কৰিছো— মোৰ প্ৰেমে বলিয়ালিত পৰিণত হৈ যি প্ৰতীকৰ পৰা সুখ-সম্ভোগ বিচাৰে সেই প্ৰতীকৰেই আশা এৰি দিলে যেতিয়া এই সাজ-পাৰৰ লগে লগে হিয়াৰো অধিকাৰী হৈ থাকিব পাৰা। ঈশ্বৰে জানে, মই কেৱল তোমাকহে বিচাৰিছিলো; তোমাৰ আন যি আছিল তাক মই বিচৰা নাই। মই তোমাৰ লগত বিয়াৰ সম্বন্ধ বিচৰা নাই; যৌতুক বিচৰা নাই; তোমাৰ ইচ্ছাকেহে পালন কৰিছো। পত্নী-সম্বন্ধ পবিত্ৰ হ’ব পাৰে, বেছি শক্তিশালী হ’ব পাৰে; কিন্তু মোৰ মানত ‘ৰক্ষিতা’ সম্বন্ধ— যদি খং নকৰা— তোমাৰ লগত অভিসাৰিকা সম্বন্ধহে মোৰ প্ৰিয়তৰ লাগিছিল। তোমাৰ মনত মোৰ অৱস্থা যিমানেই হীন হয় তিমানেই তোমাৰ অনুগ্ৰহৰ পাত্ৰী হৈ যেন ভাবিছিলো, তিমানেই তোমাৰ গৌৰৱ ক্ষুণ্ণ নকৰাকৈ তোমাৰ সেৱা কৰিব পাৰিম বুলি ভাবিছিলো। যদি ৰোমৰ সম্ৰাট অগাষ্টাছে মোক অৰ্দ্ধ সাম্ৰাজ্যেশ্বৰী পাতিম বুলি বিয়া কৰাব খুজিলেহেঁতেন তথাপি ঈশ্বৰক সাক্ষী ৰাখি মই ক’ব পাৰো, তোমাৰ লগত ৰক্ষিতা সম্বন্ধহে মোৰ মনঃপুত হ’লহেঁতেন। চহকী আৰু শক্তিমান হ’লেই মানুহ শ্ৰেষ্ঠ নহয়। চহকী হোৱাটো সৌভাগ্য হ’ব পাৰে, কিন্তু তোমাৰ হৈছে গুণীৰ অৱস্থা। যি তিৰোতাই দুখীয়াতকৈ চহকী স্বামীহে বিচাৰে, তেওঁক স্নেহ নিদি টকাহে দিব লাগে। তোমাৰ প্ৰতি মোৰ প্ৰীতি ভ্ৰমবিমুক্ত; সম্ৰাট বা পণ্ডিত কোন তোমাৰ সমান যশস্বী হ’ব পাৰে? কোন নগৰ বা কোন দেশে তোমাৰ দৰ্শন অভিলাষ নকৰে? তুমি যেতিয়া সভা-মণ্ডপত থিয় হোৱা কোনে তোমাৰ ক্ষণিক দৃষ্টি পাবলৈ ডিঙি নেমেলে? কোন কুমাৰীয়ে তোমাৰ বিৰহৰ উদ্বেগ আৰু তোমাৰ উপস্থিতিত তপত তেজৰ সঞ্চাৰ অনুভৱ নকৰে? কোন সম্ৰাজ্ঞী মোৰ সুখ আৰু সম্ভোগত ঈৰ্ষান্বিত হোৱা নাছিল? তোমাৰ দুটি গুণ আছিল, যি সকলো তিৰোতাৰে মন আঁজুৰি আনিব পাৰিছিল— তোমাৰ গীত আৰু কবিত্ব-শক্তি। জটিল