পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
নাৰী-হৃদয়


দুৰ্বলতাই বোলা, আমাৰ পূৰ্ব প্ৰণয়সুখ এতিয়াও মোৰ মনত কমনীয় আৰু সেই সুখৰ সোঁৱৰণি কেতিয়াও পাহৰিব নোৱাৰো। মই যিফালে যাওঁ পূৰ্বপ্ৰণয়ৰ স্মৃতিয়ে মোক আগুৰি ধৰে, সপোনতো সেইবোৰৰ ছায়ামূৰ্তিয়ে আক্ৰমণ কৰে। উপাসনাৰ পবিত্ৰ মুহূৰ্ততো পূৰ্ব সুখৰ ক্ষীণ মূৰ্তিয়ে মোৰ অন্তৰত ঢৌ তুলি দিয়ে। যেতিয়া মই অনুতাপ জুইৰে দেই-পুৰি মৰিব লাগে তেতিয়াও কি সুখ হেৰুৱাইছো বুলি দীঘল হুমুনিয়াহে কাঢ়ো। কেৱল সম্ভোগ-কেলিয়েই নহয়, সময়, ঠাই আদিৰ স্মৃতিও মোৰ পোত খাই আছে আৰু মোৰ গোটেই শৰীৰ আলোড়িত হৈ উঠে। কোনে মোক এই যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰিব? তুমি শান্তভাৱে ঈশ্বৰ-স্তুতি কৰিব পাৰা। ঈশ্বৰে তোমাক এক অঙ্গ বিকল কৰি তোমাৰ হৃদয়ৰ জ্বালা নুমাইছে। কিন্তু ইন্দ্ৰিয়ৰ ক্ষোভ আৰু সোঁৱৰণিৰ পোৰণিয়ে মোক নৰক-যন্ত্ৰণা ভোগ কৰাব লাগিছে। যিবোৰে মোক কপটাচাৰী বুলি নেজানে সেইবোৰেই মোক সাধু বুলি ভাবে। শৰীৰৰ শুদ্ধিকেই মানুহে পবিত্ৰতা বুলি ভাবে, পবিত্ৰতা মনৰহে শুদ্ধি, শৰীৰৰ নহয়। তোমাৰ কথাতহে ভিক্ষুণীৰ ওৰণি লৈছো, ঈশ্বৰৰ প্ৰতি ভক্তিত নহয়। মোৰ কপটাচাৰে তোমাক বহুদিন প্ৰতাৰণা কৰিছে কিন্তু মোক সবল বুলি নেভাবিবা। মই দুৰ্বলতাৰ প্ৰতিমূৰ্তি, তোমাৰ প্ৰশংসা মোৰ পক্ষে বিপজ্জনক, তোমাৰ প্ৰশংসা ভাল পাওঁ, তোমাক সন্তুষ্ট কৰিবলৈ আকৌ ইচ্ছা ওপজে। সেইদেখি মোক প্ৰশংসা কৰি কোনো কথা নক’বা।”

 ইয়াৰ উত্তৰত আবেলাৰ্ডে ধৰ্মৰ ব্যাখ্যা আৰু সান্ত্বনাপূৰ্ণ চিঠি এখনি দিলে। বহুত কথাৰ মাজত তেওঁ এইটোও লিখিছে যে তেওঁ যি শাস্তি ভোগ কৰিছে তাৰ দ্বাৰাই ঈশ্বৰে তেওঁৰ মন নিজৰ পিনে টানি লৈছে। এদিন বিয়াৰ বান্ধোনত দুয়ো একাত্মা হৈছিল। এতিয়া ঈশ্বৰৰ প্ৰতি ভক্তিত দুয়ো একমন একপ্ৰাণ নহ’বনে? ইত্যাদি।

 ইয়াৰ পিছত দুয়োৰো মাজত যি চিঠি দিয়া-দি হৈছিল তাত পূৰ্ব স্মৃতিৰ কোনো উল্লেখ নাই। দুই পক্ষৰ চিঠিতেই সম্পূৰ্ণ আত্ম-বিলোপ। কেৱল এখন চিঠিত হেলইছাই লিখিছিলে—I will withhold my hand from writing whenever, I am unable to control my words,—“মই যেতিয়া ভাষা সংযত কৰিব নোৱাৰিম তেতিয়া তোমালৈ নিলিখোৱেই।”

 ইয়াৰ পিছৰ চিঠিবোৰত পোৱা যায় আবেলাৰ্ডে যি যি ধৰ্ম-বিষয়ক উপদেশ দিছে হেলইছাই সেইবোৰ কামত খটাবৰ চেষ্টা কৰিছে। ১১৪২ খ্ৰীঃ শকত আবেলাৰ্ডৰ মৃত্যু হয় আৰু সমাধিৰ নিমিত্তে তেওঁৰ শ’ হেলইছাৰ মঠলৈ পঠিওৱা হয়। একৈশ বছৰ পিছত একে বয়সতেই হেলইছাৰ মৃত্যু ঘটে আৰু একে ঠাইতেই তেওঁকো সমাধিস্থ কৰা হয়।

 ওপৰত দিয়া ঘটনাৰ বিৱৰণত আবেলাৰ্ডৰ আত্ম-চৰিত আৰু হেলইছাৰ মূল চিঠিৰ পৰা কথাবোৰ বহুলভাৱে উদ্ধাৰ কৰি দিয়া হৈছে, এই মৰ্মভেদী প্ৰণয়-নাট্যৰ ভাৱৰীয়া