পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নাৰী-হৃদয়


বল্কলম’— এতিয়াও তেওঁৰ ভৰ যৌবন; এই বয়সতেই বুঢ়াকালৰ উপযোগী ওৰণি ল’ব কেলেই? কিন্তু হেলইছাই অকণো বিচলিত নহৈ চকুৰ পানী মচি, “অ’ মোৰ মহামহিমান্বিত স্বামী, তোমাক এইদৰে দুৰ্দশাগ্ৰস্ত কৰিবলৈ অপৰাধিনীয়ে কিয় বিয়াৰ প্ৰস্তাবত সন্মতি দিছিলো? সেই অপৰাধৰ দণ্ড নিজ হাতে তুলি ধৰিছো, তুমি গ্ৰহণ কৰা।” এইবুলি মন্দিৰৰ থাপনাৰ ওচৰলৈ গৈ নিজ হাতে মন্ত্ৰপূত ওৰণি তুলি লৈ পৰিদৃশ্যমান জগতৰ ওপৰত আঁৰ-কাপোৰ টানি দিলে।

 ‘দুৰ্ভাগ্যৰ সোঁৱৰণি’ বোলা আত্ম-চৰিতত আবেলাৰ্ডৰ বিষয়ে আন আন কথাও আছে। সেইবোৰৰ উল্লেখ অপ্ৰাসঙ্গিক। ছেণ্ট ডেনিছৰ মঠৰ পৰা আহি আবেলাৰ্ডে আৰ্ডিসোঁ নৈৰ পাৰত পেৰাক্লিট বুলি বেলেগ এটি মঠ স্থাপন কৰিলে আৰু এইটো মঠ হেলইছা আৰু সহধৰ্মচাৰিণীসকলক এৰি দি তেওঁ আন এটি মঠলৈ গ’ল। এই মঠতেই ‘দুৰ্ভাগ্যৰ সোঁৱৰণী’ লেখা হয়।

 পেৰাক্লিট মঠৰ পৰা আঁতৰাৰ পিছত কেতিয়াবা কাচিৎহে আবেলাৰ্ডে তালৈ গৈছিল। কিয়নো তেওঁ তালৈ গ’লেই জনসাধাৰণৰ মাৰ যোৱা পুৰণি সোঁৱৰণি তেওঁৰ বিষয়ে সজাগ হৈ উঠে। হেলইছা বিদূষী আছিল। অলপ সময়ৰ ভিতৰতেই তেওঁ মঠাধিকাৰিণী হ’ল আৰু সকলোৱে তেওঁৰ জ্ঞাননিষ্ঠা আৰু আধ্যাত্মিকতাৰ শলাগ ল’বলৈ ধৰিলে। তেওঁ বাহিৰলৈ নোলায়, সকলো সময় ধ্যান-ধাৰণাতেই কটালে।

 কিন্তু তেওঁৰ ধ্যান-ধাৰণাৰ উপাস্য-বস্তু কি আছিল? তেওঁ পৰলোকৰ কথাকেই ভাবিছিলনে? এদিনাখন কেনেবাকৈ ‘দুৰ্ভাগ্যৰ সোঁৱৰণি’খনি তেওঁৰ হাতত পৰিল। পুথিখন পঢ়ি সন্ন্যাসী আবেলাৰ্ডলৈ যি এখন দীঘলীয়া চিঠি লিখিলে, তাৰ পৰাই নাৰী জীৱনৰ গৰিমা আৰু দুৰ্বলতা ওলাই পৰে। হেলইছাৰ চিঠিখন কল্পনাৰ ৰহণ সানি ছন্দোবন্ধ কৰি নানান কবিয়ে প্ৰসিদ্ধি লাভ কৰিছে। তলত তাৰ সাৰাংশ তুলি দিয়া হ’ল।

 সন্ন্যাস-ব্ৰত গ্ৰহণ কৰিলে লৌকিক জগতৰ সম্বন্ধ এৰি দি সন্ন্যাসী-সন্ন্যাসিনীয়ে ধৰ্ম-ভাই-ভনী সম্বন্ধ পাতি লোৱাৰ নিয়ম আছিল; কিন্তু হেলইছাই যিখন চিঠি লিখিছিল তাত তেওঁ আবেলাৰ্ডেক এইদৰে সম্বোধন কৰিছিল—

 To her husband, rather to a friend— ‘তেওঁৰ স্বামীলৈ, অ’ নহয়, তেওঁৰ ধৰম ভাইলৈ’। “অ’ মোৰ প্ৰিয়তম, তুমি যিখন আত্ম-চৰিত তোমাৰ কোনোবা বন্ধুক বিপদত ধৈৰ্য ধৰিবলৈ আদেশ দি ৰচনা কৰিছা, সেইখন মোৰ হাতত পৰিছেহি। তোমাৰ কথাবোৰে মোৰ সোঁৱৰণিত বিষাদৰ ঘোৰ কালিমা ঢালি দিছে। কিয়নো সেইবোৰে অতীতৰ শোকাৱহ প্ৰেমৰ কাহিনী আৰু তোমাৰ অছেদ-অভেদ দুৰ্দশাৰ বাতৰিক আকৌ সজীৱ কৰি তুলিছে। তোমাৰ ‘সোঁৱৰণি কোনেও শুকান চকুৰে পঢ়িব নোৱাৰে। তুমি বন্ধুলৈ দীঘলীয়া চিঠি লিখি তেওঁক সান্ত্বনা দিবলৈ চেষ্টা কৰিছা, তুমি নতুনকৈ মঠ এটি