পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সাহিত্য আৰু প্ৰেম


দুজনৰ চৰিত্ৰৰ গৌৰৱ আৰু লাঘৱ দেখুৱাবলৈ। পাণ্ডিত্য, গীত, কবিত্ব গুণত আবেলাৰ্ড সেই যুগত অদ্বিতীয় আছিল। তেওঁৰ মানসিক আদৰ্শক চাক্ষুষ প্ৰতিমূৰ্তি দিবলৈহে পিছৰ কালত বিশ্ববিদ্যালয়ৰ গঠন হয় বুলি পণ্ডিতসকলে কয়। কিন্তু এই প্ৰণয়-নাট্যত তেওঁৰ চৰিত্ৰ-মৰ্যাদা ফুটি ওলোৱা নাই। মানুহে সন্দেহ কৰিছিল আৰু হেলইছায়ো ভাবিছিল যে তেওঁৰ প্ৰতি আবেলাৰ্ডৰ যি আকৰ্ষণ সি কামলিপ্সা, বিশুদ্ধ প্ৰেম নহয়। এই প্ৰেম-ঘটনা আবেলাৰ্ডৰ বহু বিদ্যা-ভাৰাক্ৰান্ত মনৰ এটি ক্ষণিক অভিজ্ঞতা মাথোন। হৃদয়ৰ অন্তৰতম প্ৰদেশত তেওঁ বেদনা অনুভৱ কৰিছিলনে নাই তাৰ কোনো উল্লেখ নাই; তেওঁ আত্ম-চৰিতত যি লিখিছে তাতকৈ বেছি ভাবি ল’বৰ কোনো আৱশ্যকতা দেখা নেযায়। ফুচুলনিত যদি হেলইছা মান্তি নহয় তেন্তে শাৰীৰিক বলৰ আশ্ৰয় ল’বলৈয়ো তেওঁ সাজু আছিল। বোধ কৰোঁ এইটো বিশুদ্ধ প্ৰেম নহয়।

 আনফালে হেলইছাৰ প্ৰণয়ৰ লক্ষণৰ কথা নক’লেও হ’ব। তেওঁ নিজেই এই বিষয়ে সকলো কথা কৈছে। আবেলাৰ্ডে আৰু আবেলাৰ্ড-প্ৰেমেই তেওঁৰ জীৱন। আবেলাৰ্ডত বাজে তেওঁৰ বেলেগ অস্তিত্ব নাই। এই প্ৰণয়ৰ লক্ষণ কি? ডাণ্টে-বিয়েট্ৰীছ আখ্যানৰ পৰা পুৰুষৰ নিষ্কাম প্ৰেমৰ স্বৰূপ দেখিবলৈ পোৱা যায়। হেলইছাৰ প্ৰেম সেই শ্ৰেণীৰনে? এই প্ৰশ্নৰ উত্তৰতেই নাৰী-চৰিত্ৰৰ প্ৰকৃতিগত বিশিষ্টতাৰ পৰিচয় পোৱা যাব। কবিৰ টেনিছনে তেওঁৰ এজনী নায়িকাৰ মুখেৰে কোৱাইছে— Who loves me must have a touch of the earth. ‘যি মোৰ প্ৰেম পাব খোজে তেওঁৰ গাত অলপ পৃথিৱীৰ ধূলি থাকিব লাগিব’— অৰ্থাৎ নিষ্কাম দেৱতুল্য মানুহে তিৰোতাৰ মন আকৰ্ষণ কৰিব নোৱাৰে। তিৰোতাৰ প্ৰেম কামনাত আৰম্ভ হৈ নিষ্কামতাত ডাণ্টেৰ প্ৰেমৰ ওখ আসনত উঠিব পাৰে। কিন্তু কামনা ইন্দ্ৰিয়গম্যতা গুৰিতে আছেই। হেলইছাৰ প্ৰেম ইয়াৰেই উদাহৰণ মাথোন। পুৰুষৰ বোধশক্তি বেছি, তেওঁলোকৰ ভাব বুদ্ধিত উদয় হৈ অনুভূতিলৈ আহে কিন্তু তিৰোতাৰ ভাব অনুভূতিত উদয় হৈ তেওঁলোকৰ জীৱন, মন সকলোকে আক্ৰমণ কৰে। তেতিয়া তেওঁলোকৰ ভাবে কেৱল ইন্দ্ৰিয়কেই স্পৰ্শ নকৰে, জীৱনৰ সকলো কামতেই ইয়াৰ অভিব্যক্তি হয়।

 আবেলাৰ্ড অপুৰুষ হোৱাৰ পিছত হেলইছাৰই মন্ত্ৰপূত ওৰণি ল’লে কিয়? সহকাৰীসকলে তেওঁক হকা-বধা কৰিছিল। তেওঁৰ চিঠিৰ পৰা বুজা যায়, তেওঁৰ কাম-বাসনাও তৃপ্ত হোৱা নাছিল। তেওঁ নিজেই কৈছে, ঈশ্বৰৰ প্ৰতি ভক্তিত অভিভূত হৈ সংসাৰলৈ উভতি আহিবৰ পথত ভেটা দিয়া নাই। তেওঁ স্বীকাৰ কৰিছে তেওঁ আবেলাৰ্ডৰ আদেশ মাথোন পালন কৰিছে। তেওঁ আঁজলি ছোৱালীৰ দৰে ক্ষণিক মোহত মুগ্ধ হৈ আমৰণ কাল আবেলাৰ্ডৰ শাসন পালন কৰা নাছিল। সেই সময়ত তেওঁ বিদুষী বুলি পৰিগণিত আছিল। তেওঁৰ চিঠিৰ পৰাই তেওঁৰ বোধশক্তিৰ বিস্তাৰ, যুক্তিৰ তীক্ষ্ণতা