পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
নাৰী-হৃদয়


তলমুখে পৰিবলৈ ধৰিলে। দদায়েকত বাজে আন সকলোৰে কথাৰ বুজ পালে; শেহত দদায়েকেও নেজানি নেথাকিল। প্ৰেমিক-প্ৰেমিকা আঁতৰা-আঁতৰি হ’ব লগাত পৰিল। বিৰহ-যন্ত্ৰণাৰ মাজতো ইটোৰ-সিটোৰ দুৰ্গতিৰ কথা ভাবি বিমোৰ।

 ইয়াৰ অলপ পিছতেই হেলইছাই বৰ আনন্দেৰে আৱেলাৰ্ডলৈ লিখি পঠালে যে তেওঁ অন্তঃসত্ত্বা হৈছে আৰু এতিয়া কি কৰিব পৰামৰ্শ সুধিলে। এদিন দদায়েক ফুলবাৰ্ট ঘৰত নথকাত আগেয়ে কোৱামতে আবেলাৰ্ডে হেলইছাক নিজৰ জন্মভূমি ব্ৰিটনি বোলা ঠাইলৈ লৈ গ’ল আৰু ভনীয়েকৰ তত্ত্বাৱধানত ৰাখিলে। তাতেই হেলইছাৰ ল’ৰা এটি উপজিল।

 ইফালে দদায়েক আহি শুদা ঘৰ দেখি বলিয়া হ’ল। আবেলাৰ্ডক মাৰ-ধৰ কৰিলে জানোচা হেলইছাক তেওঁৰ কুটুমসকলে অত্যাচাৰ কৰে, এই ভয়তেই মনৰ খং মনতে মাৰ নিয়াবলৈ ধৰিলে। শেষত আবেলাৰ্ডে দদায়েকৰ দুখত নিজেই কাতৰ হৈ তেওঁক গৈ ক’লে, এই ঘটনাত শোক কৰিবলগীয়া কথা একো নাই আৰু ইয়াত অস্বাভাৱিকতাৰো লেশ মাত্ৰ নাই। তেওঁ ছোৱালীজনীক বিধিমতে বিয়া কৰিব। কিন্তু বিয়াৰ কথাত যেনে দদায়েকে হাঁহি মুখেৰে মান্তি হ’ল; কিন্তু অন্তৰত প্ৰতিহিংসাৰ জুই জ্বলি উঠিল।

 মধ্যযুগত নিয়ম আছিল যে যিসকলে অধ্যাপনাৰ ব্ৰত গ্ৰহণ কৰে, তেওঁলোকে কৌমাৰ্য অৱলম্বন কৰিব। যদিওবা কেতিয়াবা ভৰি পিছলে সেইটো সিমান ধৰিবলগীয়া নাছিল। কিন্তু বিয়াৰ বান্ধোনত সোমালে, অধ্যাপনাৰ কামত ব্যাঘাত হয় বুলি সেই দিনৰ ধৰ্ম-প্ৰতিষ্ঠানবিলাকৰ ভৱিষ্যৎ উন্নতিত বাধা জন্মে। আবেলাৰ্ডে ভৱিষ্যতৰ উন্নতিৰ কথা তাচ্ছিল্য কৰি, ধৰ্মপত্নী কৰিবলৈ হেলইছাক ঘৰৰ পৰা অনালে।

 ইমানখিনিলৈ ঘটনাত সাধাৰণ প্ৰেম-কাহিনীত বাজে আন কথা চকুত নপৰে। কিন্তু বিয়াৰ প্ৰস্তাৱৰ বিৰুদ্ধে হেলইছাই যি অভিনৱ যুক্তিৰ অৱতাৰণা কৰিলে তাৰ পৰা তেওঁৰ চৰিত্ৰৰ মহত্ত্ব ফুটি ওলাল।

 বিদুষী হেলইছাই বিয়াৰ প্ৰস্তাৱত আপত্তি তুলিলে, প্ৰথমতঃ, দদায়েকৰ স্বভাৱ তেওঁ ভালকৈ জানে। বিয়াৰ চেলু লৈ দদায়েকে আবেলাৰ্ডৰ ওপৰত প্ৰতিশোধ ল’বলৈ চেষ্টা কৰিব। দ্বিতীয়তঃ বিয়াৰ পৰা তেওঁৰ যি ভৱিষ্যৎ উন্নতিৰ ভেটা হ’ব তাত তেওঁ নিজকেই গৌৰৱান্বিত বুলি ভাবিব কেনেকৈ? আবেলাৰ্ডৰ প্ৰতিভা জগতৰ হিতৰ বাবে, তেওঁৰ ভৱিষ্যৎ ঠাই ধৰ্ম-প্ৰতিষ্ঠানৰ ওখ শিখৰত। এনে এজন পুৰুষক নিজৰ কৰি ঘৰৰ চাৰি চুকত সুমুৱাই ৰাখিলে জগতৰ শাও তেওঁৰ ওপৰত নপৰিবনে? যদিওবা আবেলাৰ্ডে জগতৰ আশা আৰু নিজৰ ভৱিষ্যৎ গৌৰৱক তুচ্ছ-জ্ঞান কৰি ঘৰুৱা জীৱনকে ডাঙৰ পাতিব খোজে, তাৰ পৰাই বা তেওঁৰ সুখ-শান্তি কি হ’ব? তিৰোতা-সেৱা আৰু শাস্ত্ৰ-চৰ্চা সমানে সমানে নচলে। এফালে শিক্ষাৰ কাম, আনফালে ঘৰুৱা জঞ্জাল; এফালে শাস্ত্ৰৰ