পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সাহিত্য আৰু প্ৰেম


 ডেকা কালত পেৰিছ নগৰত শাস্ত্ৰৰ ব্যাখ্যা কৰি যেতিয়া আবেলাৰ্ডে গৌৰৱৰ জেউতি চৰাইছিল, তেতিয়া সেই নগৰত হেলইছা নামেৰে এজনী অসামান্য বিদুষী ছোৱালী আছিল। ছোৱালীজনী ফুলবাৰ্ট নামৰ দদায়েকৰ লগত আছিল। দদায়েকৰো ইচ্ছা, ছোৱালীজনীক যেন সেই সময়ত চলিত সকলো দৰ্শন, অলঙ্কাৰ আদি শাস্ত্ৰত অদ্বিতীয় কৰি গঢ়ি তোলে।

 আবেলাৰ্ডে ইমান দিন সংযতভাৱেই জীৱন-যাপন কৰিছিল। কিন্তু উজান বয়স আৰু সুখ্যাতিৰ তেজ তপতোৱা প্ৰভাৱত মনৰ বান্ধ মুকলি কৰি দি প্ৰেমৰ পাত্ৰী এজনীৰ সন্ধানত মন দিলে। হেলইছাৰ জ্ঞানস্পৃহাৰ কথাৰ বুজ পাই নিজৰ দেখনিয়াৰ শৰীৰ আৰু যশস্যাৰ আশ্ৰয় কৰি হেলইছাক প্ৰেমৰ শিকলিৰে বান্ধিবৰ উপায় সাজিবলৈ ধৰিলে। আপোন ঘৰত থাকিলে পঢ়া আৰু গৱেষণাৰ ক্ষতি হয় বুলি ফুলবাৰ্টৰ ঘৰত থাকিবলৈ তেওঁ বন্দৱস্ত কৰাই ল’লে। ফুলবাৰ্ট যদিও বৰ কৃপণ আছিল, তথাপি ভতিজা-জীয়াৰীক শিকোৱালৈ তেওঁৰ ইমান আগ্ৰহ যে আবেলাৰ্ডক নিজ ঘৰত থাকিবলৈ দি হেলইছাক তেওঁত শোধাই দিলে। তেওঁ যেনছাত্ৰক শিকোৱাত বাজে আন সময়খিনি ছোৱালীজনীক শিকোৱাত নিয়োগ কৰে, দিনে-ৰাতি যি কোনো সময়তে ছোৱালীৰ ওচৰলৈ তেওঁৰ গতি অবাধ থাকিব আৰু আৱশ্যক হ’লে পঢ়া-শুনাত আওহেলা কৰা বুলি তেওঁ ছোৱালীক শাস্তিও দিব পাৰিব। দদায়েকৰ এই সৰলতাত বিদগ্ধ পণ্ডিত মুগ্ধ হ’লেও তেওঁৰ কামুক অন্তৰাত্মা এই প্ৰস্তাৱত লেলিহান হৈ উঠিল। আবেলাৰ্ডে অকপটভাৱে আত্ম-চৰিতত লিখিছে যে কামবৃত্তি চৰিতাৰ্থ কৰিবৰ অৰ্থে এই সুযোগৰ সম্পূৰ্ণ সুবিধা ল’বলৈ তেওঁ সাজু আছিল। যদি কথাত বশ নহয়, তেনেহ’লে শাস্তি প্ৰয়োগ তেওঁৰ ক্ষমতাৰ ভিতৰতেই আছিল। কবিয়ে গাইছে, ‘অপথে পদমৰ্পয়ন্তি হি শ্ৰুতান্বিতোহপি ৰজোনিমীলিতাঃ’, বেদ-বিজ্ঞান পাৰ্গত পণ্ডিতেও ৰজোগুণত অন্ধলা হৈ আওবাটত খোজ দিয়ে।

 কিন্তু ইমানলৈ যাব নেলাগিল। মূৰৰ ওপৰৰ এডুখৰি ছালেই দুয়োৰো হিয়া দুখনিক এখনি কৰি তুলিলে। মেলা পুথি মেলাই থাকিল, দৰ্শন শাস্ত্ৰৰ ঠাই প্ৰেমালাপে ল’লে, জটিল সূত্ৰৰ ঠাই চুমাই অধিকাৰ কৰিলে আৰু উদ্ভাসিত চকুত জ্ঞানৰ দীপ্তিৰ ঠাইত প্ৰেমৰ স্নিগ্ধপ্ৰভা জিলিকিবলৈ ধৰিলে। দদায়েকে সন্দেহ কৰিব বুলি কেতিয়াবা ধেমালিকৈ মৰিওৱাৰ ভাও দিব ধৰিলে।

 কিন্তু কাৰ্যত তেওঁৰ মনৰ বৈলক্ষণ্য প্ৰকাশ পাবলৈ ধৰিলে। ছাত্ৰসকলৰ প্ৰতি আওহেলা, বক্তৃতাতো পুৰণি কথাৰেই পুনৰুক্তি আৰু কবিতা ৰচনাতো দৰ্শনৰ বিশদ ব্যাখ্যাৰ ঠাইত প্ৰেমৰ গুণ-গৰিমাই ঠাই ল’লে। আবেলাৰ্ডৰ কবিতাই চাৰিওফালৰ পৰাই সমাদৰ পালে; কিন্তু ছাত্ৰসকলৰ অন্তৰৰ পৰা দীঘল আৰু তপত হুমুনিয়াহ ওলাবলৈ ধৰিলে ‘পতত্যধো ধাম বিসাৰি সৰ্ব্বতঃ’—সকলো দিশ পোহৰ কৰি উল্কাৰ দৰে তেওঁৰ দীপ্তি