সমললৈ যাওক

শিপিনী কীৰ্ত্তন

ৱিকিউৎসৰ পৰা
[  ]

শিপিনী কীৰ্ত্তন।

লিখোঁতা

শ্ৰীবিনন্দ ৰাম গগৈ।
টেঙাখাট।


১ম তাঙৰণ।


প্ৰকাশক।
এজেঞ্চি কোং
পোঃ অঃ ৰিহাবাড়ী, আসাম।

১৯০৭

Printed at the A. B. & T Co., Id, Press by D. C. Ghose.
বেচ— ৶৹ তিনি অনা মাথোন।

[  ]

শিপিনী কীৰ্ত্তন
⸻⸻⸻
শ্ৰীশ্ৰীসৰস্বতী মাতাৰ শ্ৰীচৰণ ভৰষা।

বিশ্ব ময় ঈশ্বৰৰ অনন্ত মহিমা।
ঈশ্বৰ অব্যক্ত তাৰ কি আছে উপমা॥
নিৰাকাৰ নিৰাময় নাই ৰূপাৰূপ।
অনন্ত আতমা তেঁও পৰ মানু ৰূপ॥
পঞ্চ ভূত ময়েশ্বৰ পঞ্চ গুণান্বিত।
পঞ্চ প্ৰাণ পঞ্চ জ্ঞান মহিমা অন্বিত॥
কোটী কোটী তৰু তৃণ যাৰ লোমোদ্ভৱ।
কোটী কোটী প্ৰাণী যাৰ মাংসে সমোদ্ভৱ॥
ধম্ম পূণ্য কামমূখ্য অহিংলা সদ্ভাৱ।
যি জনৰ সম্মুখোদ হইছেহি স্ৰাৱ॥
পাপ হিংসা নিষ্ঠুৰতা পিঠে জন্ম যাৰ।
পদতলে জনমিলে ৰহস্য বিহাৰ॥
মলে যাৰ পৃথ্বী জন ঘৰ্ম্মে জলচয়।
উপজিলে তেনে জন পৰমাণু ময়॥
ব্ৰহ্মাৰ উৎপতি হল নাভি শত দলে।
বিষ্ণুৰ উৎপতি হ’ল কৰঙণ তলে॥

[  ]

কপালৰ ঘামে হ’ল মহাদেবোদ্ভৱ।
কলিজাৰ পৰা হ’ল শকতি বিভৱ॥
মগজুৰ পৰা হ’ল বিদ্যাৰ জনম।
বিদ্যাৰ পৰাই হল যত সমাগম॥
সমাগম হন্তে হল শিপিনী উৎপতি।
যি কালত বিভৱৰ হ’ল উদগতি॥
পাঠক! কল্পনা বলে ক’ৰক বিচাৰ।
আমাৰ শিপিনী বাই ক’ত অৱতাৰ॥
ঈশ্বৰৰ কণ্ঠ লোমাৱলী হন্তে সূতা৷
মুক্ত জন্ম তৰুতৃণ পত্ৰ বীজলতা॥
কণ্ঠৰ মঙহ হন্তে জনমিছে জানি।
সুতা গৰ্ভা পৃথিবীত আছে যত প্ৰাণী॥
যতেক দেখিছাঁ যন্ত্ৰ ব্ৰহ্মাৰ স্ৰজন।
তাঁত শাল গঢ়শাল আদি অগণন॥
সৃজনৰ মুল ব্ৰহ্মা কাৰঙৱ পালোঁতা।
নাশনে মহেশ্ব মূৰ্ত্তী শকতি ৰাখোঁতা॥
এৰিলোঁ পাঠক ইমানতে ইতিহাস।
শিপিনীক চাবলৈ আছে অভিলাশ॥
ক্ষমিবা পাঠক মোৰ হ’লে ভূল চুক।
ৰিযম জীবন যুঁজে ঠেলা দিছে মোক॥
হে মাতৃ কবিশ্বৰি! কৰিবাঁ সহায়।
মগজত বল মোৰ অকণিকে নাই॥

[  ]

অধৈৰ্য্য অস্থিৰ মোৰ বৃতাহি মনত।
শুভাশুভ জানাজান একো নাই তত॥
জাপত সাগৰ পাৰ হবলৈ আশ।
কিন্তু গৰু খোজ দেখি বুদ্ধি সৰ্ব্বনাশ॥
আকাশত বনাবলৈ অবিশ্ৰান্ত ভাব।
পাখী কথা দূৰে থ’ক লোমৰো অভাব॥
বহিবলৈ ইচ্ছা মোৰ সিংহ আসনত।
দৰিদ্ৰতা অৱস্থাত ইন্দ্ৰিয়ৰ নত॥
এনে মোৰ আশা দেখি আকাশী জোনায়।
কৰিছে বিদ্ৰুপ মোক দিশ পোহসাই॥
চৰায়ে বিবিধ সুৰে মোকেহে বিদ্ৰুপে।
চাৰি ফালে বিদ্ৰুপনি সহোঁ কোন ৰূপে॥
মেলিব নোৱাৰো চকু ঠাট্টাৰ কোবত।
লাজত মুৰ্চ্ছিত হই সোমাওঁ চুকত॥
চুকতে ভেদিছে গই ঠাট্টাৰ শবদ।
নেপাওঁ ঠাহনি হায়! বিষম আপদ॥
হে হৰি কেনেকৈ নো থাকিম ইয়াত?
বিষম বিদ্ৰুপ শেলে ভেদিলে হিয়াত॥
কৰিছে উজনি ভাটি অসহনি প্ৰাণ।
অধম পৰাণ মোৰ গ’লে পাওঁ ত্ৰান॥


[  ]

ঘোষা।— ৰাম্ ৰাম্ শিপিনী কোন ফালে যোৱাঁ তুমি
আজি ৰাম্ ৰাম্ শিপিনী কোন ফালে যোৱাঁ
তুমি, সাজি, ৰাম্ ৰাম্ শিপিনী কোন ফালে কোন
ফালে যোৱাঁ তুমি কাজী।

পদ।—আলি বাটে চালি ধৰে সৌ জনী কোন।
ওলায় চা অভজা তাইক মাতি আনা চোন॥
পিন্ধি উৰি গহাই ফিটাই ওলাইছে কলৈনো।
কোনোবা চেঙেৰা ডেকা নুভুলিব জানো॥
পটাহি মেখেলা পিন্ধি গোৰোহা লেটাই।
ভাদৈ ৰিহা মাৰি জানো কোন পিনে যাই॥
কাঢ়িছে কনিয়া খোজ গম ধৰি ধৰি।
পাছলৈ ক্ষণে চকু ডিঙি বেঁকা কৰি॥

অ।—সি জনী মানিকী বাই চাইছে সোহায়।
তললৈ মূৰ কৰি ভৰি চাই চাই॥
ৰ'বা হেৰা বাইদেউ অকনি সময়।
এশাৰি এলাগী কথা কওঁচোন ময়॥

আ।—নোৱাৰো ৰবকে ময় বেলি গল চৰি।
কপাহ বিচাৰি যাওঁ লৰালৰি কৰি॥

অ।—ৰ’বাছো বাইটী ৰ’বা শুনা কাণ পাতি।
দেউতায় ওচৰলৈ পঠিয়াইছে মাতি॥

আ।—নেযাওঁ সোণাই ময় কই দিয়া গই।
দিনটো ইয়াতে যাব কথা হৈ হৈ॥

[  ]

অ—যদিহে নোযোৱাঁ বাই বৰ বেয়া পাব।
দেউতাৰ অতপা খঙ কোনেনো গুচাব॥
মা—হেৰ বন্দি খুণ্ডা খোৱা লাজ নাইকিয়া।
মাটিয়েৰে মজা দিম জনা নাইকীয়া॥
অ—নোযোৱাঁ নেযাবা বাই গালি দিছাঁ কিয়।
তুমি ময় সকলোৰে দুঃখ পোৱা জীৱ॥
মা।—মনে মনে গুছি যাগৈ যদি ভালে থাক।
নেফেদাবি ঘনে ঘনে যাব কাণ নাক॥
অ—যোৱাঁ যোৱাঁ বাইদেও গালি নেপাৰিবাঁ।
শালত তৰিলে তাঁত তেতিয়া জানিবা॥
মা—ভেদেলী চকুৱা যাগৈ কিবাল চিঙিবি।
বুঢ়ি মাৰৰ ভৰি ধৰি ভাল কৰি দিবি॥
অভজা থেকেচা খাই মাণিকী মুখত।
আমোলায় পেলালে মুখ নিমাত লাজত॥
মাণিকী বেগাই গ’ল কপাহ বিচাৰি।
যাওঁতে লাহৰী ভৰি হ'ল ওঘা ঠাৰি॥
ধৰাই মই গৈ পালেগৈ এঘৰ।
কপাহ গিৰীয়া ঘৰ একো নাই থৰ॥
যেই হ'ক সেই হক সুধিলে বাতৰি।
“কপাহ আছেনে” বুলি গেন্ গেন্ কৰি॥
নুশুনিলে ভালকৈ এধা কলা গিৰী।
কিবাহে পোনাই কলে “তুমি হবা তিৰী”॥

[  ]

মাণিকীৰ উঠিল খঙ “বন্দি এধা কটা।
এনেটো নিধক নাই নাক কাণ কটা”॥
এই বুলি উঠি গল গালি পাৰি পাৰি।
অইনো এঘৰ পালে এই ঘৰ যে ভাবি॥
“কপাহ আছেনে” বুলি শুধিলে আকউ।
ঘৈণীয়ে লগালে মাত “ভাত খোৱা নৌ”॥
দুনাই লগালে মাত “কপাহ বিচাৰি।
আহিছো নেলাগে মোক ভাতৰ বাতৰী”॥
বাৰু তেন্তে বহা তাতে উঠো ভাত খাই”।
মাণিকীয়ে কলে “মোৰ দৰকাৰ নাই"॥
ঘৈণীৰ উঠিল খঙ আহিলে ওলায়।
চুৱা হাতে জাৰুটাৰ ললেহি উঠায়॥
ভয়ত মাণিকী বাই বেগাই পলাল।
ওপৰত বনে ছতা এবুকুৱা খাল॥
এটাত পৰিল দেহি ধোমোৰাই খহি।
লাজত মুৰ্চ্ছিত হই আছে তাতে বহি॥
শিপিনীৰ বুদ্ধিবোৰ ফোপ চুঙা বুদ্ধি।
পাঠক ফুৰুলি মাৰা বুদ্ধি হক শুদ্ধি॥



ঘোষা।—শিপিনী কেনেকৈ পৰিলাঁ, খালত ধোমোৰায়
যাওঁতে বুকুৱা, খালত হৰে হৰে ৰাম নাৰায়ণ।

[  ]

পদ।—মাণিকী শিপিনী আছে গুণি গুণি ২
কেনেকৈ উঠিমে বুলি হৰি এ হে। ঘোষা।
কপাহ বিচাৰোঁতে কাজিয়া কৰোতে ২
তেনেই বাউলী চুলি—ঐ ঐ
আলসুৱা ভৰি  কঁপে থৰ ধৰি ২
খোপনি পিছলি যায়।
যেনে তেনে কৰি  অ’তে ত’তে ধৰি ২
ঠিয় দিলে আমোলায়॥
লাজেৰে লাজূকী  গৰা পালে ঢুকি ২
খপিয়াওঁ বুলি সাজু।
এনেতে এজনী মনে মনে গুণি ২
মুতিবলৈ চাই উজু॥
বিচাৰি সিঠায় তললৈ চাই ২
দেখিলে খাল’তী বাই।
কৰি “হায় হায়” মুখলৈ চাই ২
হাতত ধৰি উঠাই॥
তুলিলে বামলৈ লগত ঘৰলৈ ২
লই গ’ল তেতিয়াই।
মাণিকী শিপিনী কপাহ বিচাৰিনী
ভাল নুমুতিলে আই॥
তুলতী জনিয়ে লাহে লাহে নিয়ে ২
টেলেঙনি খাই যায়।

[ ১০ ]

কিছুমান যাই পৰিলে ধৰাই ২
তুলতীৰ ঘৰ পাই।
তুলতী চেনেহী সোধে “আঐ দেহি! ২
ক’ৰবা কেনেকৈ আহি।
আমাৰ পালত পৰিছে ভাগ্যত” ২
বুলিয়ে উঠিলে হাঁহি॥
মাণিক শিপিনী লাজেৰে লাজিনী ২
মোলান পৰিলে মুখ।
হায় নো বিধাতা কপালত লিখোঁতা ২
শিপিনীৰ এনুৱা সুখ॥
তুলতী সাদৰী সোধে লাহে কৰি ২
ক’ৰনো মানুহে দেও।
ইয়ালৈ কেলেই আহিলা হেৰেই ২
নাইনে কি কোনোবা কেও॥
গেনাই গেঁথাই ফোঁপাই জোপাই ২
লাহেকে লগালে মাত।
“মই দুখুনীৰ  দুখতে অধীৰ ২
ৰিহা নাইকিয়া গাত॥
ৰিহাল’মে বুলি কপাহৰে পুলি ২
ছকুৰি ছজোপা ৰুলোঁ।
খুচৰি মুছৰি কিছু কিছু কৰি ২
চকুতে লগ কৰিলোঁ॥

[ ১১ ]

ফুলিলে কপাহ হ’ল পাহে পাহ ২
তাৰে পাহিদেক পালোঁ৷
ধুনিলো যতনে শুকাবৰ মনে ২
টিকলা ৰ’দতে দিলোঁ॥
বাউলী বতাহে আহি পাহে পাহে ২
কৰি নিলে উৰুৱাই।
তাৰে কেবাপাহি যেনে তেনে কাহি ২
আনি থলোঁ সুমোৱাই॥
অ’ ৰাম হৰি।

ঘোষা।—শিপিনীৰে পোকৰতে টোপা খহু হ’ল,
ইবেলি শিপিনী বাইৰ কাপোৰ বোৱা গল।
পদ।—অধৰমী নিগনিয়ে তাকো থ’লে খায়।
ৰিহা লোৱা আশা ফেৰি সমুলিয়ে নাই॥
যিবা হক সিবা হক আহিলোঁ সোহাই।
কপাহ বিচাৰোঁ বুলি ইফালে পোনাই॥
কিলিংষা লাগিলে মোৰ আহোতে ওলাই।
কটাৰ পু অভজা বন্দি দিলে বদিয়াই॥
সুধিলো পোনেই আহি মুখৰ ঘৰতে।
মোকেহে যোৰালে বন্দি কণা গিৰীহঁতে॥
লাজে কাষে মুচকছ আহিলোঁ ওলায়।
দোচুৰা এঘৰ পালো সুধিলো দুনাই॥

[ ১২ ]

“কপাহ আছেনে” বুলি মাতিলে ঘৈণীয়ে।
“বহাঁ তাতে এতিয়ানো ঢৰা কোনে দিয়ে”॥
খাবলৈ বহিছোহি ভাতৰ পাতত।
খন্তেক বহাঁছোঁ দেও খাঁও যত পত”॥
দুখে ভোকে লাল কাল খঙত অস্থিৰ।
কিবাটো ওলাল খঙ উঠিলে ঘৈণীৰ॥
চুৱা মুখে আহি মোক আনিলে খেদাই।
মাৰিলো ভীৰাই লৰ হামখুৰি খাই॥
পৰিলো খালত ময় ধোমোৰাই খহি।
ভাবোতে অস্থিৰ মোক কোনে তুলিবহি॥
ভাগ্য বলে তুমি গই আনলা উঠাই।
দুখৰ বাতৰি মোৰ কবলই নাই”।
লাহেকৈ লগালে মাত ঘৈণীয়ে ঘৰৰ।
“আমাৰে কপাহ আছে নেলাগে পৰৰ॥
বিচাৰি ফুৰিব দেও যত লাগে নিবা”।
মাণিকীয়ে ক’লে “বাৰু কেনেকৈনো দিবাঁ”॥
ঘৈণীয়ে দৰালে দৰ “আধলিত সেৰ।
সিকিত আধেৰ আৰু টকাত দুসেৰ”॥
“দিয়া বাৰু পোৱা মোণ লবা যত হয়”।
দিলে জুখি তেতিয়াই টোপোলাকৈ লই॥
আহিলে মাণিকী বাই ফোঁপাই জোপাই।
ছদিন নুঠিলে দেহি থাকিলে জ্বৰাই॥

[ ১৩ ]

তাৰ পাছে দিন দেক ফুৰিলে বনাই।
ফটা লেংমাই মাৰি গুৰূহা লেটাই॥
এই দৰে লাহে লাহে দেখা দিলে চ’ত।
লাগিলেহি যতপত ধান বও ক’ত॥
খবৰ জবৰ কৰি কাটিলে কপাহ।
জতৰত পকাঁওতেই হল পাহ পাহ॥
দহসেৰ কপাহৰ দহ পোৱা ৰল।
বাকি তেনে তিনি জোখ কাটোতেই গল॥ '
যতপত কৰিতেও উঘালে সোপাই।
ৰাতি পুৱা গিৰীয়েকে দেখে সাৰ পাই॥
খুবুৰি খুকুৰি হ’ল যোঁত জৰি বোর।
মৰাপাটৰ গুণ বুলি নিলে সুতাবোৰ॥
হালোৱা তলিত চাই নহই মৰা গুণ।
বোপটি মাকৰ দেখোঁ সুতাৰেহে গুণ॥
যেই হক সেই হক ললে ডাল দেক॥
ঘৰলৈ তাৰে উভটিলে অৰধেক।
দহোটা ওঘাৰ হ’ল এটা এডোখৰ।
অ’ৰ ত’ৰ মিহলাই তেওঁ কৰি পূৰ॥
পুঁৱতী নিশাই দেহি উঠি সটৰাই।
ঠাই ভেটী লিপি পুচি চোঁতাল অঁতাই॥
ওঘা পুতি তাঁত বাতি কৰিবলৈ ললে।
ধুমুহা বতাহে পাই ভিতৰাই থলে॥

[ ১৪ ]

পাচ দিন পুনৰায় ঠিক ঠাক কৰি।
ওঘাপুতি সাজু হ’ল বিশ্বকৰ্ম্মা স্মৰি॥
বিহাদেক আনোতেই বাউলী বতাহ।
এজাক পালেহি সুতা হল পাহ পাহ॥
যেনে তেনে কাহি আনি থলেহি চপাই।
ৰাতিৰে ৰাতিটো দেহি মৰিলে পকাই॥
পাচ দিনা পুৱা পুনু ধৰিলেহি বাতি।
সেৰেলা গঁঠিয়া সুতা ওষা গ’ল ফাটি॥
যেনে তেনে কৰি তেও ভৰাই দেহি ৰাঁচ
চলাওঁতে সেলেকা ৰাচ হল সৰ্ব্বনাশ॥
ওৱা বন দুৱা আৰু গধুলি বন পুৱা।
মাণিকীৰ গাঁত সেই ফলিতাটি লোৱা॥
অ’ত ত’ত কাঠি মাৰি যেনে তেনে কৰি!
ব-বাতি তোলোঁতেই সুতা গ’ল খৰি॥
মেলোঁতে তৰোঁতে সুতা হল ঠানবান।
মাণিকীৰ হ’ল দেহি মৰাৰ সমান॥
আক তাক মাতি আনি যোৰালে আধেক।
পৈয়েকে পাতিলে শাল সিয়ো হল ঠেক॥
দুনাই খনাই পুনু জুখি মাখি দিলে।
সাত জনী শিপিনীয়ে দাঙিব পাৰিলে॥
হেকেৰ পেকেৰ কাৰ তৰিলে শালত।
তাঁত গৈ লাগিল গৈ ঘৰৰ চালত॥

[ ১৫ ]

এজনী শিপিনী গৈ গৰকাত ভৰি।
দিওঁতে পৰিলে খহি চিগি গল জৰি॥
এজনীৰ টপিণাতে লাগিলে তোলোথা।
পেঙ্গুৰা তেনেই হই গল ভৰি দুটা॥
তাই এজনী হ’ল ডিঙি ভেঙ্গুৰিয়া।
পাঠক ফুৰুলি মাৰি চাপৰি বাই দিয়া॥


ঘোষা—শালত তাঁত আৰোঁতে  গৰকা ধৰোঁতে
ডিঙি ভেঙ্গুৰিয়া হ'ল ঐ গোবিন্দ ৰাম।
পদ।—ইকাতি সিকাতি কৰি কোনো মতে
দুনাই ধৰিলে উঠি ঐ গোবিন্দ ৰাম।
এটাই কেজনীয়ে মৰা জীয়া কৰি
তাঁতত ধৰি কেঁৰা মুঠি ঐ ঐ॥
আঁৰিলে শালতে লাগিলে চলতে
ভৰি দিলে গৰকাত। ঐ
দিলে মাৰি মাকো কাণত দিয়া বাই
পুতলে লগালে মাত॥
ইফালে যোৰাওঁতে সিফালে নাটনি
দিনত দু আঙুলে বয়।
দিনৰে দিনটো বলে চাৰি দিনত
দুমুঠি দু আঙল হয়॥

[ ১৬ ]

এনেকৈ বঁওতে বিহু ছেৰা হ’ল
থলেহি চালতে আঁৰি।
নিগনিয়ে পাই চপাই কোছাই
বিন্ধা দিলে সাৰি সাৰি॥
যেই হকে তেও  বছেৰেক বই
উলিয়ালে যেনে তেনে।
ওচৰৰ শিপিনী  চাবলৈ আহিলে
কাপোৰ্ বা হইছে কেনে॥
জবৰা জাবৰি  ভবৰা ভাবৰি
যেনে কেঁটেলাৰে পিঠি।
বেংচেৰিয়া বাটে  দিলে বাই হাত
সৰকে ঠিয়ই মুঠি॥
ছ দিন ছয় বেলা  ভাবৰি কাটিলে
তথাপি নপৰে ওৰ।
এনেনো কাপোৰ  দেখোঁতে দুৰ্ঘোৰ
দেখি মোহে যাব চোৰ॥
মাণিকী শিপিনী  আছে গুণি গুণি
কাপোৰ আগতে লই।
বেচিলে বা টকা  দি-বা কিনিব
ভাবোতে ভাবলি হই॥
আজলি বিলতে  জালে পাতিলে গৈ
কাঁজলি সোমাই গ’ল।

[ ১৭ ]

গাগল পিঠীয়া বৰালি গৰুৱা
পথালি দি পাৰে হ’ল॥
উপায় নেপাই  আনিলে চপাই
বামলৈ তোলোঁতে হায়!
লোচূকা ককালত,  মূচুকা লাগিলে
এনে জালে মানুহ খায়॥
থ-থ মাণিকী  নেলাগে পাতিব
এনোৱা পাহীলা জাল৷
ঘৰলই নিয়ে  জেওৰা ভেটিবি
তেও হ’ব এটা ভাল॥
চপাই কোছাই  ৰ’দতে শুকাই
বোকোচাতে বান্ধি আনি।
থলেহি ঘৰতে  শুবৰে পৰতে
মনে মনে আছে গুণি॥
কতনা দুখেৰে  কপাহ আনিলোঁ
কতনা দুখেৰে কাটি।
কতনা দুখেৰে  কপোৰ কৰিলোঁ
লবলৈ নোৱাৰি ৰাতি‘॥’
অ’ ৰাম হৰি।

[ ১৮ ]

ঘোষাা।—শিপিনী এ গাত-ল কাপোৰ্ খন এন্ধাৰত
জিলিকি যাব।
পদ।—কিনো দূৰদশা অভাগী কপালে
কণিতো কুহুমে নাই।
ছমাহ লোনে পুৰি ছপোৱা পালোঁ ময়
হ’ল নৰা খেৰৰ ছাই॥
আলহি আহিলে  দিলে ধাৰী পাৰি
ওপৰত পাৰিলে তাকে।
পিঠি সেৰা সেৰা হবলৈ ধৰিলে
ইকাতি সিকাতি পাকে॥
আলহি বোপাই ভাল ধাৰী পাই
পিঠিকো বন্ধালোঁ যেৰা।
নুশুবা নুশুবা শিপিনী কাপোৰত
উঠাঁ উঠাঁ তাৰ পৰা॥
মাণিকী শিপিনী  আছে গুণি গুণি
কাপোৰ আগতে লই।
যদি জোঁৱাই লৰা আহে কাহানিবা
ওলামে মূৰতে লই॥
ঈশ্বৰৰ ইচ্ছা তাৰ পাছে দিনা
আহিলে ডেকা জোঁৱাই।
ওৰণী লওঁতে চকু পৰিল তাতে
মনে মনে ছল চাই॥

[ ১৯ ]

থাকিলে ক’তনো থয়গৈ ওৰণী
শুবৰে সময় হ’ল।
লাহেকৈ গুছাই দাঁৰতে থলেগৈ
শুবলৈ কোঠালৈ গ’ল॥
উঠি জোঁৱায়েকে ওৰণী খনিকে
লাহেকৈ টোপোলা বান্ধি।
লই গুছি গ’লে ৰাতি পুৱা হ’লে
খোজকো নেপালে চান্দি॥
এ-হেই।

ঘোষা।—শিপিনী এহে, জোঁৱায়েৰে চোৰ ৷ জোখা
লগা জোঁৱাই পালি ভাল ভাগ্য তোৰ হে
জোঁৱায়েসে চোৰ।
পদ।—কাপোৰ লই জোঁৱায়েকে বেগাই দিলে খোজ
হে জোঁৱায়েৰে চোৰ।—ঐ
বাটতে লাগিলে গৈ দুমুণীৰে যুঁজ॥ ঐ ঐ
যুঁজোতে যুঁজোতে দেহি ডেকা জোঁৱাই ল’ৰা।
ভৰিতে মোচোকা খাই হ’ল এধা খোৰা॥
কটাৰ জী বেটী দুমুণীয়ে কাপোৰ নিলে কাঢ়ি।
বাটতে নিধকে পাই পেলালে মোহাৰি॥
নাটেসৰী দুমুণীয়ে ভালকেহে পালে।
নিধকৰ ডিঙিত ধৰি চুমা দুটি খালে॥

[ ২০ ]

নিধকৰ ঠিয় চকু পৰিলে হঠাৎ।
লাহেকৈ দিলে সেই কাপোৰত হাত॥
আঁজূৰি আনিলে পাছে লই দিলে লৰ।
ডোমুণীয়ে খেদা দিলে কৰি ধৰ ধৰ॥
খেদা দিওঁতে খেদা দিওঁতে ভাগৰিল ভৰি।
নাটেসৰী দুমুণীয়ে থাকিল তাতে পৰি॥
নিধকে কাপোৰ লই বেগাই দিছে খোজ।
বাটতে ভালুকে দেখি লাগিলেহি যুঁজ॥
টেঙৰ নিধকে দিলে কাপোৰেৰ খেৱ।
অকঁৰা ভালূকে দেহি দিলে ওখ ডেব॥
পৰিলে জালত ঋক্ষ কাও বাও কৰি।
নিধকে মাৰিলে লৰ ভয়ে ভীৰ ধৰি॥
এনেতে এজাক লোকে খৰি লুৰি লুৰি।
ওলালেগৈ ঋক্ষ য'ত আছে জালে পৰি॥
মৰি আছে বুলি জানি ওচৰলৈ গল।
বেঢ়ি কুৰি সকলোৱে কোৱা মেলা হ'ল॥
জালৰ ভালুকে অকস্ মাৎ দিলে জাপ।
লাগিলে এটাৰ দেহি চকুটোতে ঠাপ॥
হ’ল কণা দিহাদিহি পিয়া পিয়ি কৰি।
লৰ দিলে ঘৰলৈ জীৱ গাঁথি কৰি॥
শুনিলে বিয়াধে পাছে ঋক্ষৰ বাতৰি।
কাঙ্কত হিলই লৈ আহিলে গুঁজৰি॥

[ ২১ ]

দেখিলেহি ভালুকক জালে পৰিথকা।
ওফৰালে হিলৈ ঋক্ষ হল থকা ৰকা॥
এৰুৱাই ভালুকক জাল খন নিলে।
জাল দেখি ছিকাৰীৰ আনন্দ মিলিল॥
অ'ত ত'ত পাতি ফুৰে পহু লাগক বুলি।
এদিনা কোনোবা চোৰে লই গ'ল তুলি॥
আগ গুৰি চাই চোৰে বেচিবলৈ নিলে।
গৰাকী শিপিনীৰ তাতে চকুটো পৰিলে॥
এ-হে-ৱা।

ঘোষা।—কেনেনো শিপিনী, কাপোৰ চোৰ ধৰিণী,
কাপোৰৰে গুণে তোক সবে পাব চিনি।
পদ।—লাগিলে কাজিয়া তাতে কাপোৰৰ গুণে
মাণিকীয়ে ক'লে “তোক্ কাপোৰ দিলে কোনে”?
চোৰে বোলে “এনেকুৱা দেখিছ কাপোৰ।
জাল বুলি জনা নাইনে? কণা চকু তোৰ”।
মাণিকীয়ে মহা খঙে দাঙিলে লাখুটি।
চোৰে পাছে ঘপৰাই ধৰিলে গৈ পুতি॥
মহাযুঁজ হে্ঙগাম্ টনাটনি হ’ল।
বজাৰৰ সকলোৱে ওচৰ চাপি গ'ল॥
এৰুৱালে সকলোৱে ধৰাধৰি কৰি।
চিপাহিয়ে দেখি দুয়োতাকে নিলে ধৰি॥

[ ২২ ]

হাকিমে শুধিলে “কিয় আনিছনে ধৰি”?
চিপাহিয়ে ক'লে “কৰিছিলে মৰামৰি”॥
“কিয় কৰে মৰামৰি কোনে কি কৰিলে"?
শিপিনীয়ে ক'লে “কাপোৰ চুৰ কৰি নিলে”।
“উলিয়া কাপোৰ বাৰু চাওঁ কেনেকুৱা”।
উলিয়ালে; কাপোৰ দেখি জাল যেনেকুৱা॥
অবাক হাকিম দেহি কাপোৰলৈ চাই।
এনুৱা কাপোৰ কোনো দিন দেখা নাই॥
সহযোগী ডাঙ্গৰীয়া কিবা আছা গুণি।
মেলিছোঁ কাপোৰ কথা ওলাব আপুনি॥
নেলাগে ভাবিব হ'ব নেলাগে অবাক্।
সুকাজী শিপিনী দেহি দীঘলিব নাক॥
কি কৰিছাঁ বিচাৰকে কিয় নিবিচাৰাঁ৷
কেনেকুৱা মকৰ্দ্দমা হ’ব কত ধাৰা॥
দেৱানীনে, ফৌজদাৰী কিবা কালেক্টৰী।
কোন মতে সোধ হ’ব কোৱাঁ খৰকৰি॥
হৈছিলে কাপোৰ কাৰ কোনে পালে ক’ত।
জালনে কাপোৰ কাৰ কেনেকুৱা মত॥
ভাবি গুণ বিচাৰকে লাহে কৰি মাত।
লগালে মাণিকী প্ৰতি “ব’ব জান তাঁত”?
মাণিকীয়ে ক'লে “জাল মুৰতোহে জানো।
ভাল কৰি গুটি ফুল বাচিব নেজানো”॥

[ ২৩ ]

হাকিমে বুলিলে “এই খন বলি কিবা”?
মাণিকীৰে “কাপোৰ” বুলি কামুৰিছে জিবা॥
হাকিমে হুকুম দিলে জালোৱা ডোমক।
“নি তঁহতি তত কৰ এই কাপোৰক”॥
জাল বুলি সবে ক’ব তথাপি কাপোৰ।
বুলি মাণিকীয়ে কই ধৰিছেহি চোৰ॥
কাপোৰ লৈ ডোমে শীঘ্ৰে প্ৰমাণ লৈ গ’ল।
খেৱ দিলে নদী মাজে টনাটনি হ’ল॥
টানি নিলে ঘঁৰিয়ালে আনিব নোৱাৰি।
এৰি দিলে ঘঁৰিয়ালে কাপোৰ নিলে কাঢ়ি॥
আৰো গল তাৰো গ’ল সকলোৰে গ’ল।
পাঠক ফুকলি মাৰাঁ সমাপতি হ’ল॥
আহা হা হা হা উব্ধ তানা না না না॥


পাঠক! শিপিনীৰ ৰহস্য দেখি কেইটিমান
গীত গাই তামাচা কৰিবৰ মন গল। খং
নেখাবা দেই!—

১। “তামোল খাওঁৱে পতি তিতা মোৰ বিধতা
হায় হায় দেহি ৰিধতা ছালি খাওঁৱে পতি তিতা।
বিদা-বিদা লগাই কাপোৰ বব পাৰো ময়
হায় হায় দেহি বিধতা চোৰে নিয়ে বুলি চিতা”॥
২। চেৱ বাঁহী মৰা নাচনি।

[ ২৪ ]

আজলী শিপিনী পাঠক পাঠিকা অতি কিৰিপিনী
পাঠক পাঠিকা কপাহৰ নেজানে পাঠক পাঠিকা
মোল।—

কাঁটোতে বাচোঁতে পাঠক পাঠীকা শালতে তৰোঁতে
পাঠক পাঠিকা শিপিনীৰ ওলালে পাঠক পাঠিকা
জোল॥—

৩। চেৱ—আগ ঠেলা যোজোনা পাছ ঠেলা নাচনি ও
ঢোল।—

ইয়াঁ তামোলৰে শিয়া দেহি শিপিনী ঐ
চিয়াঁ তামোলৰে শিয়া।
একেটা যে মহুৰা পকাব যে পৰা নাই
জতৰ টি যে এহেলৈ দিয়াঁ॥




(লগত ঢোল)

ঘিন ঘিনি টিঘিন্ দাং ঘিন্ দাং দাং খেতি ঘিনি
টিঘিন্ দাং ঘিন্ দাং দাং ঘিন্ ঘিনি টিঘিন্ দাং
খেতি ঘিনি টিঘিন্ দাং ঘিনিট্।

[ ২৫ ]

৫। শিপিনী শিপিনী এটাইবোৰ শিপিনী জানানে ২
কেনেনো শিপিনী ভাল।
গৰকা মাৰোঁতে চেৰেকাই মুতিলে জানানে ২
সিজনী শিপিনী ভাল॥


অন্ত।


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )