পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এজনী শিপিনী গৈ গৰকাত ভৰি।
দিওঁতে পৰিলে খহি চিগি গল জৰি॥
এজনীৰ টপিণাতে লাগিলে তোলোথা।
পেঙ্গুৰা তেনেই হই গল ভৰি দুটা॥
তাই এজনী হ’ল ডিঙি ভেঙ্গুৰিয়া।
পাঠক ফুৰুলি মাৰি চাপৰি বাই দিয়া॥


ঘোষা—শালত তাঁত আৰোঁতে  গৰকা ধৰোঁতে
ডিঙি ভেঙ্গুৰিয়া হ'ল ঐ গোবিন্দ ৰাম।
পদ।—ইকাতি সিকাতি কৰি কোনো মতে
দুনাই ধৰিলে উঠি ঐ গোবিন্দ ৰাম।
এটাই কেজনীয়ে মৰা জীয়া কৰি
তাঁতত ধৰি কেঁৰা মুঠি ঐ ঐ॥
আঁৰিলে শালতে লাগিলে চলতে
ভৰি দিলে গৰকাত। ঐ
দিলে মাৰি মাকো কাণত দিয়া বাই
পুতলে লগালে মাত॥
ইফালে যোৰাওঁতে সিফালে নাটনি
দিনত দু আঙুলে বয়।
দিনৰে দিনটো বলে চাৰি দিনত
দুমুঠি দু আঙল হয়॥