পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩ )

অধৈৰ্য্য অস্থিৰ মোৰ বৃতাহি মনত।
শুভাশুভ জানাজান একো নাই তত॥
জাপত সাগৰ পাৰ হবলৈ আশ।
কিন্তু গৰু খোজ দেখি বুদ্ধি সৰ্ব্বনাশ॥
আকাশত বনাবলৈ অবিশ্ৰান্ত ভাব।
পাখী কথা দূৰে থ’ক লোমৰো অভাব॥
বহিবলৈ ইচ্ছা মোৰ সিংহ আসনত।
দৰিদ্ৰতা অৱস্থাত ইন্দ্ৰিয়ৰ নত॥
এনে মোৰ আশা দেখি আকাশী জোনায়।
কৰিছে বিদ্ৰুপ মোক দিশ পোহসাই॥
চৰায়ে বিবিধ সুৰে মোকেহে বিদ্ৰুপে।
চাৰি ফালে বিদ্ৰুপনি সহোঁ কোন ৰূপে॥
মেলিব নোৱাৰো চকু ঠাট্টাৰ কোবত।
লাজত মুৰ্চ্ছিত হই সোমাওঁ চুকত॥
চুকতে ভেদিছে গই ঠাট্টাৰ শবদ।
নেপাওঁ ঠাহনি হায়! বিষম আপদ॥
হে হৰি কেনেকৈ নো থাকিম ইয়াত?
বিষম বিদ্ৰুপ শেলে ভেদিলে হিয়াত॥
কৰিছে উজনি ভাটি অসহনি প্ৰাণ।
অধম পৰাণ মোৰ গ’লে পাওঁ ত্ৰান॥