পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৬ )

ঘোষাা।—শিপিনী এ গাত-ল কাপোৰ্ খন এন্ধাৰত
জিলিকি যাব।
পদ।—কিনো দূৰদশা অভাগী কপালে
কণিতো কুহুমে নাই।
ছমাহ লোনে পুৰি ছপোৱা পালোঁ ময়
হ’ল নৰা খেৰৰ ছাই॥
আলহি আহিলে  দিলে ধাৰী পাৰি
ওপৰত পাৰিলে তাকে।
পিঠি সেৰা সেৰা হবলৈ ধৰিলে
ইকাতি সিকাতি পাকে॥
আলহি বোপাই ভাল ধাৰী পাই
পিঠিকো বন্ধালোঁ যেৰা।
নুশুবা নুশুবা শিপিনী কাপোৰত
উঠাঁ উঠাঁ তাৰ পৰা॥
মাণিকী শিপিনী  আছে গুণি গুণি
কাপোৰ আগতে লই।
যদি জোঁৱাই লৰা আহে কাহানিবা
ওলামে মূৰতে লই॥
ঈশ্বৰৰ ইচ্ছা তাৰ পাছে দিনা
আহিলে ডেকা জোঁৱাই।
ওৰণী লওঁতে চকু পৰিল তাতে
মনে মনে ছল চাই॥