পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৫ )

গাগল পিঠীয়া বৰালি গৰুৱা
পথালি দি পাৰে হ’ল॥
উপায় নেপাই  আনিলে চপাই
বামলৈ তোলোঁতে হায়!
লোচূকা ককালত,  মূচুকা লাগিলে
এনে জালে মানুহ খায়॥
থ-থ মাণিকী  নেলাগে পাতিব
এনোৱা পাহীলা জাল৷
ঘৰলই নিয়ে  জেওৰা ভেটিবি
তেও হ’ব এটা ভাল॥
চপাই কোছাই  ৰ’দতে শুকাই
বোকোচাতে বান্ধি আনি।
থলেহি ঘৰতে  শুবৰে পৰতে
মনে মনে আছে গুণি॥
কতনা দুখেৰে  কপাহ আনিলোঁ
কতনা দুখেৰে কাটি।
কতনা দুখেৰে  কপোৰ কৰিলোঁ
লবলৈ নোৱাৰি ৰাতি‘॥’
অ’ ৰাম হৰি।