পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫ )

ঘোষা।— ৰাম্ ৰাম্ শিপিনী কোন ফালে যোৱাঁ তুমি
আজি ৰাম্ ৰাম্ শিপিনী কোন ফালে যোৱাঁ
তুমি, সাজি, ৰাম্ ৰাম্ শিপিনী কোন ফালে কোন
ফালে যোৱাঁ তুমি কাজী।

পদ।—আলি বাটে চালি ধৰে সৌ জনী কোন।
ওলায় চা অভজা তাইক মাতি আনা চোন॥
পিন্ধি উৰি গহাই ফিটাই ওলাইছে কলৈনো।
কোনোবা চেঙেৰা ডেকা নুভুলিব জানো॥
পটাহি মেখেলা পিন্ধি গোৰোহা লেটাই।
ভাদৈ ৰিহা মাৰি জানো কোন পিনে যাই॥
কাঢ়িছে কনিয়া খোজ গম ধৰি ধৰি।
পাছলৈ ক্ষণে চকু ডিঙি বেঁকা কৰি॥

অ।—সি জনী মানিকী বাই চাইছে সোহায়।
তললৈ মূৰ কৰি ভৰি চাই চাই॥
ৰ'বা হেৰা বাইদেউ অকনি সময়।
এশাৰি এলাগী কথা কওঁচোন ময়॥

আ।—নোৱাৰো ৰবকে ময় বেলি গল চৰি।
কপাহ বিচাৰি যাওঁ লৰালৰি কৰি॥

অ।—ৰ’বাছো বাইটী ৰ’বা শুনা কাণ পাতি।
দেউতায় ওচৰলৈ পঠিয়াইছে মাতি॥

আ।—নেযাওঁ সোণাই ময় কই দিয়া গই।
দিনটো ইয়াতে যাব কথা হৈ হৈ॥