পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাচ দিন পুনৰায় ঠিক ঠাক কৰি।
ওঘাপুতি সাজু হ’ল বিশ্বকৰ্ম্মা স্মৰি॥
বিহাদেক আনোতেই বাউলী বতাহ।
এজাক পালেহি সুতা হল পাহ পাহ॥
যেনে তেনে কাহি আনি থলেহি চপাই।
ৰাতিৰে ৰাতিটো দেহি মৰিলে পকাই॥
পাচ দিনা পুৱা পুনু ধৰিলেহি বাতি।
সেৰেলা গঁঠিয়া সুতা ওষা গ’ল ফাটি॥
যেনে তেনে কৰি তেও ভৰাই দেহি ৰাঁচ
চলাওঁতে সেলেকা ৰাচ হল সৰ্ব্বনাশ॥
ওৱা বন দুৱা আৰু গধুলি বন পুৱা।
মাণিকীৰ গাঁত সেই ফলিতাটি লোৱা॥
অ’ত ত’ত কাঠি মাৰি যেনে তেনে কৰি!
ব-বাতি তোলোঁতেই সুতা গ’ল খৰি॥
মেলোঁতে তৰোঁতে সুতা হল ঠানবান।
মাণিকীৰ হ’ল দেহি মৰাৰ সমান॥
আক তাক মাতি আনি যোৰালে আধেক।
পৈয়েকে পাতিলে শাল সিয়ো হল ঠেক॥
দুনাই খনাই পুনু জুখি মাখি দিলে।
সাত জনী শিপিনীয়ে দাঙিব পাৰিলে॥
হেকেৰ পেকেৰ কাৰ তৰিলে শালত।
তাঁত গৈ লাগিল গৈ ঘৰৰ চালত॥