পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শিপিনী কীৰ্ত্তন
⸻⸻⸻
শ্ৰীশ্ৰীসৰস্বতী মাতাৰ শ্ৰীচৰণ ভৰষা।

বিশ্ব ময় ঈশ্বৰৰ অনন্ত মহিমা।
ঈশ্বৰ অব্যক্ত তাৰ কি আছে উপমা॥
নিৰাকাৰ নিৰাময় নাই ৰূপাৰূপ।
অনন্ত আতমা তেঁও পৰ মানু ৰূপ॥
পঞ্চ ভূত ময়েশ্বৰ পঞ্চ গুণান্বিত।
পঞ্চ প্ৰাণ পঞ্চ জ্ঞান মহিমা অন্বিত॥
কোটী কোটী তৰু তৃণ যাৰ লোমোদ্ভৱ।
কোটী কোটী প্ৰাণী যাৰ মাংসে সমোদ্ভৱ॥
ধম্ম পূণ্য কামমূখ্য অহিংলা সদ্ভাৱ।
যি জনৰ সম্মুখোদ হইছেহি স্ৰাৱ॥
পাপ হিংসা নিষ্ঠুৰতা পিঠে জন্ম যাৰ।
পদতলে জনমিলে ৰহস্য বিহাৰ॥
মলে যাৰ পৃথ্বী জন ঘৰ্ম্মে জলচয়।
উপজিলে তেনে জন পৰমাণু ময়॥
ব্ৰহ্মাৰ উৎপতি হল নাভি শত দলে।
বিষ্ণুৰ উৎপতি হ’ল কৰঙণ তলে॥