পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৮ )

কিছুমান যাই পৰিলে ধৰাই ২
তুলতীৰ ঘৰ পাই।
তুলতী চেনেহী সোধে “আঐ দেহি! ২
ক’ৰবা কেনেকৈ আহি।
আমাৰ পালত পৰিছে ভাগ্যত” ২
বুলিয়ে উঠিলে হাঁহি॥
মাণিক শিপিনী লাজেৰে লাজিনী ২
মোলান পৰিলে মুখ।
হায় নো বিধাতা কপালত লিখোঁতা ২
শিপিনীৰ এনুৱা সুখ॥
তুলতী সাদৰী সোধে লাহে কৰি ২
ক’ৰনো মানুহে দেও।
ইয়ালৈ কেলেই আহিলা হেৰেই ২
নাইনে কি কোনোবা কেও॥
গেনাই গেঁথাই ফোঁপাই জোপাই ২
লাহেকে লগালে মাত।
“মই দুখুনীৰ  দুখতে অধীৰ ২
ৰিহা নাইকিয়া গাত॥
ৰিহাল’মে বুলি কপাহৰে পুলি ২
ছকুৰি ছজোপা ৰুলোঁ।
খুচৰি মুছৰি কিছু কিছু কৰি ২
চকুতে লগ কৰিলোঁ॥