পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৮ )

নিধকৰ ঠিয় চকু পৰিলে হঠাৎ।
লাহেকৈ দিলে সেই কাপোৰত হাত॥
আঁজূৰি আনিলে পাছে লই দিলে লৰ।
ডোমুণীয়ে খেদা দিলে কৰি ধৰ ধৰ॥
খেদা দিওঁতে খেদা দিওঁতে ভাগৰিল ভৰি।
নাটেসৰী দুমুণীয়ে থাকিল তাতে পৰি॥
নিধকে কাপোৰ লই বেগাই দিছে খোজ।
বাটতে ভালুকে দেখি লাগিলেহি যুঁজ॥
টেঙৰ নিধকে দিলে কাপোৰেৰ খেৱ।
অকঁৰা ভালূকে দেহি দিলে ওখ ডেব॥
পৰিলে জালত ঋক্ষ কাও বাও কৰি।
নিধকে মাৰিলে লৰ ভয়ে ভীৰ ধৰি॥
এনেতে এজাক লোকে খৰি লুৰি লুৰি।
ওলালেগৈ ঋক্ষ য'ত আছে জালে পৰি॥
মৰি আছে বুলি জানি ওচৰলৈ গল।
বেঢ়ি কুৰি সকলোৱে কোৱা মেলা হ'ল॥
জালৰ ভালুকে অকস্ মাৎ দিলে জাপ।
লাগিলে এটাৰ দেহি চকুটোতে ঠাপ॥
হ’ল কণা দিহাদিহি পিয়া পিয়ি কৰি।
লৰ দিলে ঘৰলৈ জীৱ গাঁথি কৰি॥
শুনিলে বিয়াধে পাছে ঋক্ষৰ বাতৰি।
কাঙ্কত হিলই লৈ আহিলে গুঁজৰি॥