পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২০ )

হাকিমে শুধিলে “কিয় আনিছনে ধৰি”?
চিপাহিয়ে ক'লে “কৰিছিলে মৰামৰি”॥
“কিয় কৰে মৰামৰি কোনে কি কৰিলে"?
শিপিনীয়ে ক'লে “কাপোৰ চুৰ কৰি নিলে”।
“উলিয়া কাপোৰ বাৰু চাওঁ কেনেকুৱা”।
উলিয়ালে; কাপোৰ দেখি জাল যেনেকুৱা॥
অবাক হাকিম দেহি কাপোৰলৈ চাই।
এনুৱা কাপোৰ কোনো দিন দেখা নাই॥
সহযোগী ডাঙ্গৰীয়া কিবা আছা গুণি।
মেলিছোঁ কাপোৰ কথা ওলাব আপুনি॥
নেলাগে ভাবিব হ'ব নেলাগে অবাক্।
সুকাজী শিপিনী দেহি দীঘলিব নাক॥
কি কৰিছাঁ বিচাৰকে কিয় নিবিচাৰাঁ৷
কেনেকুৱা মকৰ্দ্দমা হ’ব কত ধাৰা॥
দেৱানীনে, ফৌজদাৰী কিবা কালেক্টৰী।
কোন মতে সোধ হ’ব কোৱাঁ খৰকৰি॥
হৈছিলে কাপোৰ কাৰ কোনে পালে ক’ত।
জালনে কাপোৰ কাৰ কেনেকুৱা মত॥
ভাবি গুণ বিচাৰকে লাহে কৰি মাত।
লগালে মাণিকী প্ৰতি “ব’ব জান তাঁত”?
মাণিকীয়ে ক'লে “জাল মুৰতোহে জানো।
ভাল কৰি গুটি ফুল বাচিব নেজানো”॥