পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২ )

কপালৰ ঘামে হ’ল মহাদেবোদ্ভৱ।
কলিজাৰ পৰা হ’ল শকতি বিভৱ॥
মগজুৰ পৰা হ’ল বিদ্যাৰ জনম।
বিদ্যাৰ পৰাই হল যত সমাগম॥
সমাগম হন্তে হল শিপিনী উৎপতি।
যি কালত বিভৱৰ হ’ল উদগতি॥
পাঠক! কল্পনা বলে ক’ৰক বিচাৰ।
আমাৰ শিপিনী বাই ক’ত অৱতাৰ॥
ঈশ্বৰৰ কণ্ঠ লোমাৱলী হন্তে সূতা৷
মুক্ত জন্ম তৰুতৃণ পত্ৰ বীজলতা॥
কণ্ঠৰ মঙহ হন্তে জনমিছে জানি।
সুতা গৰ্ভা পৃথিবীত আছে যত প্ৰাণী॥
যতেক দেখিছাঁ যন্ত্ৰ ব্ৰহ্মাৰ স্ৰজন।
তাঁত শাল গঢ়শাল আদি অগণন॥
সৃজনৰ মুল ব্ৰহ্মা কাৰঙৱ পালোঁতা।
নাশনে মহেশ্ব মূৰ্ত্তী শকতি ৰাখোঁতা॥
এৰিলোঁ পাঠক ইমানতে ইতিহাস।
শিপিনীক চাবলৈ আছে অভিলাশ॥
ক্ষমিবা পাঠক মোৰ হ’লে ভূল চুক।
ৰিযম জীবন যুঁজে ঠেলা দিছে মোক॥
হে মাতৃ কবিশ্বৰি! কৰিবাঁ সহায়।
মগজত বল মোৰ অকণিকে নাই॥