পৃষ্ঠা:শিপিনী কীৰ্ত্তন.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১)

তাৰ পাছে দিন দেক ফুৰিলে বনাই।
ফটা লেংমাই মাৰি গুৰূহা লেটাই॥
এই দৰে লাহে লাহে দেখা দিলে চ’ত।
লাগিলেহি যতপত ধান বও ক’ত॥
খবৰ জবৰ কৰি কাটিলে কপাহ।
জতৰত পকাঁওতেই হল পাহ পাহ॥
দহসেৰ কপাহৰ দহ পোৱা ৰল।
বাকি তেনে তিনি জোখ কাটোতেই গল॥ '
যতপত কৰিতেও উঘালে সোপাই।
ৰাতি পুৱা গিৰীয়েকে দেখে সাৰ পাই॥
খুবুৰি খুকুৰি হ’ল যোঁত জৰি বোর।
মৰাপাটৰ গুণ বুলি নিলে সুতাবোৰ॥
হালোৱা তলিত চাই নহই মৰা গুণ।
বোপটি মাকৰ দেখোঁ সুতাৰেহে গুণ॥
যেই হক সেই হক ললে ডাল দেক॥
ঘৰলৈ তাৰে উভটিলে অৰধেক।
দহোটা ওঘাৰ হ’ল এটা এডোখৰ।
অ’ৰ ত’ৰ মিহলাই তেওঁ কৰি পূৰ॥
পুঁৱতী নিশাই দেহি উঠি সটৰাই।
ঠাই ভেটী লিপি পুচি চোঁতাল অঁতাই॥
ওঘা পুতি তাঁত বাতি কৰিবলৈ ললে।
ধুমুহা বতাহে পাই ভিতৰাই থলে॥