সমললৈ যাওক

শঙ্কৰদেৱ/পঞ্চদশ আধ্যা

ৱিকিউৎসৰ পৰা

[ ১৮০ ] পঞ্চদশ আধ্য । শঙ্কৰদেৱ মোটে দুবাৰ তীৰ্থ লৈ গৈছিল। প্ৰথম বাৰৰ কথা ওপৰত কোৱা হৈছে । দ্বিতীয় বাৰ তেওঁ বুঢ়া বয়সত, মাধৱদের ৰামৰয় তাত 'স্নাদি ১০ • ১৫ ভক ?তৰে সৈতে তীৰ্থ লৈ গৈছিল। এই বাৰ তেওঁ চৈতষ্ঠ্যদেৱক পুৰীত লগ পাই আলাপ তাধি কৰিছিল বুলি গুৰু চৰিত্ৰ পুথিত লেখা আছে। আমি পিতৃদেৱত৷ দীননাথ বেজবৰুৱাৰ মুখে শুনিছিলোঁ যে, পুৰীত জগন্নাথন মন্দিৰত এইবাৰ হৰিব্যাস, ৰমানন্দ, শঙ্কৰদেৱ, আৰু চৈতন্যদেৱ চবিউনৰ মিলন হৈছিল। । ও গন্নাথদেৱৰ মন্দিৰৰ ভিতৰত চাৰিউজন ৰ 'হ ৰাতি আলাপ কৰি আছিল। ; কিন্ধ ৰাতিপুৱা যেতিযা মন্দিৰৰ ছৱাৰ মেলি দিলে, তেতিয়া দেখা গলযে কেৱল শঙ্কৰদেৱ ভে মন্দিৰৰ ভিতৰত বহি 'সাচে, আন তিনিজন নাই। পাণ্ডাসকলে কয় তেওঁলোক জগন্নাথদেৱৰ শৰীৰত লয় গল আৰু মহাৰুষীয়া ভকতসকলে কয় যে শঙ্কৰদেৱৰ শৰীৰত লয় গল । এই প্রবাদৰ মুল্য বি হওক, এইটো কি ঠিক বে পুৰীত চৈতন্তদেৱৰ মৃত্যু কেনেকৈ হল কোনেও কব নোৱাৰে। বছতে কয় যে তেওঁ তেওঁৰ উন্মাদ অৱস্থাত কেতিয়াবা গৈ সমুদ্রত শুৰি মৰিল। ওপৰৰ প্রবাদবপৰা এইটো আমি বুজিব পাৰে। যে শঙ্কৰদেৱ এইবাৰ জগন্নাথত থাকোতে চৈতন্যদেৱৰ তিৰোভাব হৈছিল । । চৈতন্টদেৱ তেওঁৰ শেষ জীৱনৰ ১৮ বছৰ পুৰীত [ ১৮১ ] পঞ্চ শ আধ্যা । ১৮১ নিগাজীকৈ থকাৰ কথা তেওঁৰ জীৱনচৰিতবোৰত পোৱা যায় । চৈতন্যদেৱে ২৪ বছৰ বয়সত সন্ন্যাস গ্রহণ কৰে, ৬ বছৰ দাক্ষিণাত্য, বৃন্দাবন, গৌড় প্রভৃতি ঠাইলৈ অহাযোৱ। কৰি কটায়, শেষ ৮ বছৰ পুৰীত কটায়, আৰু ৪৮ বছৰ বয়সত ১৫৩৩ খ্রীষ্টাব্দৰ আহাৰ মাহ, ওকপক্ষ, সপ্তমা তিথি, ৰবিবাৰে তেওঁৰ মৃত্যু ঘটে। ,‘অস্তলীলাৰ ত্ৰ এবে শুন 'ভক্তগণ বৃন্দাবন হৈতে এদি নীলাচল। আাইলা । আঠাৰ বৰ্ষ তাহ৷ বাস । কাহ নহি গৈলা ॥ চৈতষ্ঠ। চৰিতামৃত গ্রন্থ । ইয়াৰ দ্বাৰাই আমি পা যে এ বাৰ স্বৰদেৱ ১৫৩৩ খ্রীস্টাব্দ ত তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈাছল। তেওঁৰ তেতিয়৷ বয়স ৮৪ বছৰ । অনিৰুদ্ধ চিৰিত পুথিত আছে যে নৰনাৰায়ণ ৰজাই আeোম ৰাজ্য এৰি ভাটীৰ ফাললৈ যায়। দ্বিজভূধণ আক দৈত্যাৰিয়ে ও এই কথাকে কয়। ধৈ তাৰি ঠাকুৰৰ পৃথিত তৰছে—নৰনাৰায়ণ নমে আছে এক ৰাজ।। তাৰ বাজে । যাই।ে মন সমস্তে প্ৰজাৰ । দে: সময়ত নৰনাৰায়ণ ৰাজ । মাৰিবে আসাম । ৰাজ্য গৈ: সাজি প্ৰজা ॥" জিভূষণে কয় যে নৰনাৰায়ণৰ বাপেক বিশ্বসিংতই প্রতাপায় তাক ৰাম ধাকে আদি কৰি প্ৰধান ভদকলক আক্ৰমণ কৰিলত তে ওলোক পলাই গৈ গোৰেশ্বৰৰ ৰাজ্যত আছিল গৈ । বিশ্বসিংহ মৰাৰ পিছত যেতিয়া নৰনাৰায়ণ ৰজা হল, তেতিয়াহে তেওঁলোক উভতি আহি নৰনাৰায়ণৰ অস্তুগত হয়হি । নৰনাৰায়ণে সেই ভুয় সকলৰ সহায়ত আহোম ৰাজ্য আক্ৰমণ কৰে। । এই সময়তে শঙ্কৰদেৱে তেওঁৰ শিষ। সকলেৰে দৈতে বেলগুৰি এৰি কেত্রি মৌজাৰ (আজিকালি সৰলক্ষেতি [ [ ১৮২ ] ১৮২ শঙ্কৰদেৱ । সৌজা বোলে) কাগাললৈ আহে। মি, গেইটে নৰনাৰায়ণৰ এই আক্ৰমণৰ তাৰিখ ১৪৬৮ শক (১৫৪৬ খৃষ্টাব্দ) বুলি তেওঁৰ বুৰঞ্জীত লেখিছে। শঙ্কৰদেৱৰ জন্মৰ শক ১৩৭১ হলে, এই সময়ত অর্থাৎ তেওঁ উনিৰ । আহোম-ৰাজ্য এৰি ভাটীৰ কোচ ৰাজ্যলৈ আহোতে তেওঁৰ বয়স ৮৭ বছৰ। ; আৰু অনিৰুদ্ধই দিয়া শক ১৩৮৫ সঁচা হলে ৮৩ বছৰ হয় । নৰনাৰায়ণে আহোম ৰাজা জাক্ৰমণৰ তাৰিখ ১৪৬৮ শক গুধ হলে, আক শঙ্কৰদেৱে সেই শকতে আহোম ৰাজ্য এৰি কোচ ৰাজ্যবৈ যোৱাটো নিতুল হলে, তেওঁ পাটবাউসীৰপৰা দ্বিতীয় বাৰ তীর্থভ্ৰমণ কৰিবলৈ যাওঁতে নদীয়াত বা পুৰীত (নদীখাত তো হবই নোৱাৰে, কাৰণ । চৈত তেওঁৰ জীৱনৰ শেষ ওঠৰ বছৰ পুৰীত নিগাজীকৈ আছিল। চৈত্যৰে সৈতে সাক্ষাৎ হোৱাটো অসম্ভৱ হয় , কাৰণ চৈতন্তাৰ মৃত্যু ১৪ ৫৫ শকত হৈছিল । অৱশ্যে মিষ্টৰ গেইটে দিয়া এই তাৰিখ ভুল ঘদি কব নোৱাৰে। কিন্তু এক পক্ষৰ তল নিশ্চয় । বৰদোৱাৰ পুথিত কিংবা শম্বৰদেৱৰ আন জীৱনীত, অথবা মহাপুৰুষীয়া সত্ৰত চৰিত্ৰ তোলোতে, নৰনাৰায়ণে আহোমৰ দেশ আক্ৰমণ কৰা বছৰতশঙ্কৰদেৱ আহোম ৰাজ্য এৰি ভাটীলৈ যোৱাৰ কথ নকয় । আহোম ৰজাৰ দৌৰাত্ম্যত বিৰক্ত হৈ, অ্যাক ঘাইকৈ জোৱায়েক হৰিক আহোমে কাটিলত শঙ্কৰদেৱে মনত যৎপৰোনাস্তি শোক পাই । আহোম-ৰাজ্য এৰিলে ; আৰু সম্ভৱতঃ নৰনাৰায়ণে আহোম-ৰাজ্য আক্ৰমণ কৰা । বছৰৰৰ আগেয়েই । শঙ্কৰদেৱে দ্বিতীয় বাৰ তীৰ্থ লৈ যাওঁতে চৈতনাক লগ । পাইছিল, এই কথা সকলে চৰিত্ৰ-পুথিত আছে, আৰু সৰ [ ১৮৩ ] সাধুৰ মুখত আছে , আৰু এই লগপোৱা যে পুৰীত হৈছিল তাত ভুল নাই, কাৰণ চৈতন্যদেৱে তেওঁৰ জীৱনৰ শেষ ১৮ বছৰ পুৰীৰপৰা কলৈকো লৰচৰ কৰা নাছিল॥ শঙ্কৰদেৱে তেওঁৰ জীৱনৰ ৮৩|৮৪ বছৰত। ১৪৫৫ শক ) চৈতন্যক পুৰীত লগ পোৱা, আৰু পুৰীত চৈতন্য শঙ্কৰৰ গাত লয় যোৱা বুলি কোৱা মহাপুৰুষীয়া প্ৰবাদ, যাৰ আচল মানে শঙ্কৰদেৱ পুৰীত থাকোঁতেই চৈতন্যৰ তিৰোতাৰ ঘটা কথাত অবিশ্বাস কৰিবৰ আৱশ্যক নাই, কাৰণ, সি বৰ প্ৰচলিত। আমি মাত্ৰ নৰনাৰায়ণৰ আক্ৰমণৰ কেইবা বছৰৰ আগেয়ে শঙ্কৰে আহোম ৰাজ্য এৰি যোৱা বুলি কওঁ। আৰু যহি হে আমাৰ এই অনুমান ঠিক নহয় তেন্তে মিষ্টৰ গেইটে দিয়া নৰনাৰায়ণৰ আক্ৰমণৰ শক যে নিৰ্ভুল এই কথাও আমাৰ বৰ সন্দেহ হয়। এটা কথা আমি এই খিনিতে কওঁ, যে শব্দ বদেৱে বেলগুৰি এৰি ভাটিয়াই যোৱাৰ যিটো তাৰিখ বৰদোৱাৰ পুথিৰপৰা সংগ্ৰহ কৰি পিচত দিছোঁ, সেইটোতও শঙ্কৰদেৱৰ তেতিয়া ৮২।৮৩ বছৰ হোৱাটো ওলাইছে।

 শঙ্কৰদেৱে দুবাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱা কথা শঙ্কৰদেৱৰ এটাই কেইখন চৰিত্ৰ পুথিতে আছে; আৰু সন্ত সাধুসকলে মুখেৰে তোলা চৰিত্ৰতো সেই কথা কয় , গতিকে সি প্ৰমাণিত বুলি ধৰিব লাগিব। শঙ্কৰদেৱে প্ৰথম বাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাৰ আগেয়ে যদিও তেওঁ এজন আৰ্হি গৃহস্থী আৰ্হি ভুয়াঁ বিষযভোগী ডাঙৰ লোক আছিল, তথাপি তেওঁ শাস্ত্ৰ চৰ্চ্চা, জ্ঞান চৰ্চ্চা আৰু ধৰ্ম্মত অনুৰক্তি আদিতো ভূঞাসকলৰ ভিতৰত আদৰ্শ পুৰুষ আছিল। তীৰ্থ ভ্ৰমণৰ পছত, আগৰেপৰা তেওঁৰ ধৰ্ম্মপ্ৰৱণ মন আক বেছিকৈ ধৰ্ম্মপ্ৰৱণ [ ১৮৪ ] হল, তাক আগৰেপৰা পৰৰ হিত চিন্তাত মন বিশেষকৈ আৰু সেই কাৰ্য্যত ব্ৰতী হল। পৰকালৰ সম্বল ধম্মচিন্তা হিন্দুব প্ৰধান চিস্তা। নিজেও ঈশ্বৰ চিন্তা ঈশ্বৰউপাসনাৰ দ্বাৰাই সংসাৰ-সাগৰ পৰা হম, আৰু লোককো তৰিবৰ উপায় দিম, এই ভাবেৰে অনুপ্ৰাণিত হৈ শঙ্কৰদেৱে ধম্মপ্ৰচাৰত মনপ্ৰাণ সমৰ্পণ কৰিছিল তেও শিৰোমণি ভূঞা কুসুম্বৰৰ বৰ পুতক, নিজেও শিৰোমণি ভূঞা। তেওঁৰ বিষয়বাসনা দাস-দাসী ঐশ্বৰ্য্য বিভূতি ৰজাৰ নিচিনা, ক্ষমতা অধিকাৰতো তেও ৰজাৰ নিচিনা। গ্ৰহ সকলোবোৰ তেও তৃণবৎ পৰিত্যাগ কৰি, ধৰ্ম্মচচ্চা আৰু ঈশ্বৰ চিন্তাত নিজৰ মন সমপন কৰি দুখীয়া শ্ৰীৰাম, বলোৰাম, সব্বজয় আতৈৰে সৈতে গীত পদ ভটিমা চপয় পাই হৰিকীৰ্ত্তন কৰি কাল কটাহ নিজক ধন্য মনিছিল।

 তীৰ্থপয্যটন কৰিবলৈ যোৱাৰ আগেয়ে যদিও তেও বিষ্ণুৰ অৱতাৰ ৰাম, কৃষ্ণ, জগন্নাথ আদিৰ উপাসক আছিল, তীৰ্থৰ পৰা উভতি আহি তেওঁ ঘাইকৈ কৃষ্ণভক্তি প্ৰাচাৰত মনোনিবেশ কৰিছিল। এই বাৰতে প্ৰথম বাৰ তেও ওপৰাউপৰিকৈ ছবাৰ বৃন্দাবনলে গৈ কৃষ্ণ ভক্তিত অত্যন্ত অনুৰক্ত হৈ পৰিছিল ,আৰু বৃন্দাবনলৈ যোৱাৰ মানেও সিয়েই। পিছত ভাগৱত শাস্ত্ৰবিহিত ভাগৱ৩ী ধৰ্ম্ম, একমাত্ৰ কৃষ্ণৰ পূজা, সেৱা, ভক্তি, অৰ্চ্চনা প্ৰচাৰ কৰিলে। ‘শ্ৰৱণ, কীৰ্ত্তন, স্মৰণ, বিষ্ণুৰ অচৰ্চন, পদসেৱন। দাস্য, সখিত্ব, বন্দন বিষ্ণুত কৰিব দেহা অৰ্পণ॥” এহ নৱবিধ ভাগবতী ভক্তি প্ৰবৰ্ত্তন কৰিলে। ভূয়াঁসকলৰ ভিতৰত শক্তিপূজা প্ৰচলিত আছিল , শঙ্কৰদেৱ কিন্তু তীৰ্থলৈ [ ১৮৫ ] পঞ্চদশ আধ্য । ১৮৮ যোৱাৰ আগৰেপৰা, আৰু পিছ ৩ তো নিশ্চয়কৈয়ে, সেই পূজাব বিৰোধী আছিল। । পীত, পদ, ভটিমাচপয় অ্যাদি গাই, ঘোল তাল লৈ হৰিনাম কীৰ্ত্তন কৰি বা প্ৰচাৰ কৰিবৰ প্ৰণালী নিশ্চয় তেওঁ বৃন্দব: , মথুৰাউড়িষ্য, বাব।ণদীৰপৰা শিকি আহি আসামত চলছিল । কীৰ্ত্তনত আছে : বেগা বাৰাণসী ঠাৱে ঠাৱে ক‘বৰ গাত শিষ্ট সবে ৱে ॥ •থাপিা গ৷ জ্বাগি ফুটিল তাৰ । (অর্থাৎ শঙ্কৰে ৰচনা কৰা গীত পদ ; • আল কতো অসমীয়া বামুণসকলৰ) হৰি কীৰ্ত্তনক কৰে ধিক । । এ থিানতে এড কপ মন কৰিব লগীধ ঘে ওপৰৰ এত কেধাকি পল্পত বঙ্গদেশৰ নাম নাই । পোল ত'ল বজ্ঞান সংকীৰ্ত্তন কৰ। প্রণালা ও যে বঙ্গদেশে অ ন দেশৰপৰা ধাৰ কৰা সেইটো ও সম্মাবপৰা বুজিব পাৰি। সংস্থত টিপ মাঠিত নাট ক ৰ্ব ভাৱনা কৰা প্ৰণালীৰ ( idea ) ভাবও যে পশ্চিমৰ স্বামলীল আদি ভাৱ পৰা তেওঁ পোৱ৷ সেইটোও বুজিব পাৰি। । বঙ্গাদ৭৩ তেনে ভাৱনাৰ প্ৰণালী যে নাছিল সেইটোও চৈতন্থাৰ ধৰ্ম্মপ্ৰচাৰৰ ইতিহাসৰপৰাই বুন্মিব। পাৰি। । নামঘৰ মণিকূট সাজি সত্ৰ পাতি নাম কীৰ্ত্তন কৰি থাকি ধর প্ৰচাৰ কৰাটো ও তেওঁ পশ্চিমত আক বেহাৰত । আগৰ কালত প্ৰচলিত বৌদ্ধবিহাৰপৰা পোৱাটো অনুমান হয় । চৈত্যই তেনেকৈ সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰা নাছিল। শঙ্কৰ- ঘেৱৰ ধৰ্ম প্ৰচাৰৰ প্ৰণালীৰ এনেবোৰ বিশেষত্বৰপৰ। স্পষ্টকৈ দেখা যায় যে তেওঁ সেই বিষয়ত বঙ্গদেশ আক চৈতনাৰ ওচৰত । সমূলি ধকৱা নাছিল । ৰামৰায়কে আদি কৰি জ্ঞাতি আৰু ভকতসকলৰ অনুৰোধত তেওঁ প্ৰথমতে চিত্নযাত্ৰা ভাৱনা পাতি [ ১৮৬ ] সাত দিন সাত ৰাতি ভাৱনা কৰে। এই ভাৱনাৰ নিমিত্তে বৈকুণ্ঠ গোলোকধামৰ চিত্ৰপট শঙ্কৰদেৱে নিজ হাতে আঁকিছিল। আসামত খোলৰ ব্যৱহাৰ নাছিল। শঙ্কৰদেৱে কপিলীনৈৰ মুখৰ কুমাৰক মাতি আনি নমুনা দেখুৱাই প্ৰথমতে তাৰ হতুৱাই খোল গঢ়ালে; শালমৰা গাৱঁৰ মুচীয়াৰ মাতি আনি খোলছিয়ালে; খোলৰ মিঠা মাত উলিয়াবৰ নিমিত্তে কৰ্কৰা ভাত আৰু লোৰ গুৰিৰে তাৰ মুখত কেনেকৈ ঘুণ দিব লাগে সেইটো দেখুৱাই দিলে; মন্দিৰা খুটিতাল, বৰতাল, ভোৰতাল আদি বহুবিধ তাল প্ৰস্তুত কৰালে; সভাঘৰ সজাই সাত বৈকুণ্ঠৰ সাতোটা থাক কৰি, অৰ্থাৎ “ষ্টেজ” কৰি, যাত্ৰাৰ কাৰ্য্য আৰম্ভ কৰিলে; নিজে খোল লৈ বায়ন হৈ ভায়েক বনগঞা গিৰীক গায়ন পাতি সৰ্ব্বজয় আৰু কমলিধৰা পৰমানন্দক নতুৱা পাতি যাত্ৰা কৰিলে; সভা শোভা কৰিবৰ নিমিত্তে মতা, চক্ৰবান, ফুলজালি প্ৰভৃতি নিয়মিত জোখত প্ৰস্তুত কৰালে; প্ৰথমে ন ধেমালি তাৰ পিছত নট ধেমালি, ৰাগ-ধেমালি, সৰু-ধেমালি বৰ ধেমালি আদি বাজনা ৰজাই শেহত ঘোষা–ধেমালি গাই বজাই বাজনা শেষ কৰিলে। শঙ্কৰদেৱে নিজে বায়ুমণ্ডল ৰাগ দিছিল।

 এইবোৰৰপৰা ফটফটীয়াকৈ দেখিবলৈ পোৱা যায় যে শঙ্কৰদেৱৰ প্ৰতিভা কেনে সৰ্ব্বতোমুখী আছিল। মাধৱদেৱে যে “জয় গুৰু শঙ্কৰ সৰ্ব্ব গুণাকৰ” বুলি তেওঁক "গুণমালা” বৰ্ণনা কৰিছিল, সেইটো এক তিল মানো অতিৰঞ্জিত নহয়। এক শঙ্কৰদেৱেই আসামক কত ৰকমে ঐশ্বৰ্য্যশালী কৰি অলঙ্কত [ ১৮৭ ] কৰিলে, এই কথা ভাবিলে অবাক হব লাগে। ধন্য আসাম জননী, তুমি শঙ্কৰদেৱক গৰ্ভত ঠাই দি নিজেও ধন্য হলা!

 শঙ্কৰদেৱে তীৰ্থভ্ৰমণ কৰি থাকোঁতে জগন্নাথ, মথুৰা, বৃন্দাৱন, পুষ্কৰ আদি তীৰ্থতো কোনোক কোনোক শৰণ দি যে শিয্য কৰিছিল, সেই কথা তেওঁৰ জীৱনচৰিএ লেখক সাৰ্ব্বভৌম ভট্টাচাৰ্য্যই লেখিছে, “বৃন্দাবন নামে এক মহন্ত আছিল। শঙ্কৰক লাগ পাই তেহন্তে ভজিল॥ ৰামকান্ত নামে শিষ্য মথুৰা পুৰত। শঙ্কৰক গুৰু মানি শৰণ লৈলন্ত।॥ ৰাধা নামে এক সন্ত আছিল গোকুলে। শঙ্কৰক গুৰু মানি সিয়ো ভক্ত ভৈলে॥ সন্ন্যাসী ত্ৰিজটা নামে ব্ৰজত আছিল। শঙ্কৰক গুৰু মানি হৰিক ভজিল॥ গোপীনাথ নামে সন্ত পুষ্কৰ তৰ্থত। সিজনেও শঙ্কৰক গুৰু মানিলন্ত॥ জগন্নাথ পাণ্ডাসুত বিষ্ণুদত্ত নাম। কৃষ্ণ বদুনাথ কাম এহি দশজন। শঙ্কৰক গুৰু মানি লৈলন্ত শৰণ॥” শঙ্কৰদেৱে নিশ্চয় প্ৰথম বাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে গোকুল, ব্ৰজ আৰু পুষ্কৰত এইবোৰ শিষ্য কৰিছিল; কাৰণ, দ্বিতীয় বাৰ তীৰ্থ লৈ যাওঁতে সেইবোৰ ঠাইলে তেওঁৰ যোৱা নহল। ইয়াৰ দ্বাৰাই দেখা যায় যে শঙ্কৰদেৱৰ ধৰ্ম্মপ্ৰচাৰ কাৰ্য্য দিশতে প্ৰথমে আৰম্ভ হয়।

 আসাম কামৰূপতো শঙ্কৰক ডাঙৰ ডাঙৰ ব্ৰাহ্মণ আৰু গ্ৰহৰিপ্ৰ শিষ্য কিছুমানৰ লেখ সাৰ্ব্বভৌম ভট্টাচাৰ্য্যই দিছে—“তকভানু বিদ্যাপতি ভট্টাচাৰ্য্য বৰ। ৰাঘৱ আচাৰ্য্য বিভূষণ যে ভূধৰ। কবিৰত্ব বিদ্যাৰত্ন উমা বাসুদেৱ। সৰস্বতী শ্ৰীকান্ত গজেন্দ্ৰ মহাদেৱ॥ ৰামচন্দ্ৰ কৃষ্ণচন্দ্ৰ বিষ্ণু নাৰায়ণ। গোপাল জৈমিনীদেৱ [ ১৮৮ ] দেৱ জনাৰ্দ্দন॥ তাৰাসৱে আপোন কুশল চিন্তা কৰি। শঙ্কৰক গুৰু মানি ভজিলন্ত হৰি॥ জ্যোতিষ প্ৰধান শিৱ কাম নৰোত্তম। চক্ৰধৰ সূয্য সূৰ্য্যশৰ্ম্মা নাম•• সৰ্ব্বকালে গ্ৰহ উপাসক সৰ্ব্বজন শঙ্কৰক গুৰু মানি লৈলন্ত শৰণ।”

 পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ আৰম্ভনতে সাব্বভৌম ভট্টাচাৰ্য্যই বন্দনা লেখিছে জয় নমো নিজ ব্ৰহ্ম কৃষ্ণ ইষ্ট দেৱ। তোমাৰ চৰণে কৰোঁ লক্ষ কোটি সেৱ॥৷ শ্ৰীমন্ত শঙ্কৰ সন্ত মুৰ্ত্তি অৱতাৰ। তোমাৰ চৰণে কৰোঁ কোটি নমস্কাৰ॥ নমো মৎস্য কুৰ্ম্ম আদি অৱতাৰ যত প্ৰণামো মাধৱ আদি সমস্ত ভকত॥ অনন্ত কন্দলি আদি ভক্ত বিপ্ৰাণে॥। প্ৰণাম কৰোঁহো পৰি সবাৰো চৰণ॥”

 অনন্ত কন্দলি যে শঙ্কৰদেৱৰ ভক্ত শিষ্য আছিল, তেওঁৰ সমসাময়িক সাৰ্ব্বভৌম ভটাচাৰ্য্যৰ এই পদ পঢিলে আৰু সন্দেহ নাথাকে।

 শঙ্কৰদেৱে দ্বিতীয় বাৰ তীৰ্থভ্ৰমণ কৰিবলৈ যাওঁতে যে চৈতন্যক পুৰীত লগ পাইছিল, এই কথা আমি ওপৰত কৈ আহিছোঁ। এই বাৰ শঙ্কৰদেৱ পূৰীত থাকোঁতেই চৈতন্য দেৱৰ মৃত্যু বা তিৰোভাব হোৱা কথাও আমি আগত কৈ আহিছোঁ। শঙ্কৰদেৱৰে সৈতে চৈতন্যদেৱৰ সি কথাবাৰ্ত্তা হৈছল, তাৰ বিবৰণ বৰদোৱাৰ গুৰু-চৰিত্ৰ পুথিত এই দৰে আছে –

 "জগন্নাথ প্ৰভুৰ নাট মন্দিৰত নটীৰ নাচ গোৱাত চৈতত। গোসাঁই আক শঙ্কৰ গোসাঁই দুইজন বহি আমোদ দেখিছে।

অন্নপূৰ্ণাৰ মন্দিৰত ভোগ সিন্ধ হব লাগিছে। ভোগ এটি উফৰি [ ১৮৯ ]
পঞ্চদশ আধ্যা।

পাণ্ডাৰ হাতত পৰাত প্ৰসাদ পেলালেও দোষ, থবলৈকো নেপায়, থালে ও অৱশেষ হয় , ভাবি চিন্তি উপয নাপাই প্ৰসাদ টি গালে। । সেই আর্টিক। 'তাৱশেষ বুলি মহাপ্রভুত নপ ই আন এfট আাটিকা চৰটি প্ৰসাদ লগড়ে প্ৰভুৰে ঙ তক অৰ্থ "শটি গ্রহণ কৰিলে। । ইদিকে সমাজ ত নটা লহঙ্গা খহিছে। fভতৰৰ খটনাৰ fিবষণব ফ্রা হৈ শঙ্কৰদেৱে ঈষৎ হাস্ত কৰিছে । তাকে দেখ শ্ৰীকৃষ্ণচৈতন্ত ক প্ৰভুহে স্কৰদেৱক কৈছে । সমি» কত হ1হা কৰ। ভ'ল নহয় । গুৰু জন কলৈ , • সমাজৰ ব বাত নাই, ভিতৰত বুজ ল ওক । এই কথা শুনি অন্নপূণাৰ স নব ই খবৰ কৰি সমস্ত ঘটনা জানিব পাৰি। শঙ্কৰদেৱৰ শঙি দেম্বি বিস্ময। মানিছে । এই প্রকাৰে। ঈশ্বৰ পুৰুধ জ:ঞ্জন) সদালাপ কৰি কিছুদিন আছে, ক্ষেত্রস্থানপৰা বৃন্দাবনলৈ যাৱব উচ্ছ৷ হোৱাত কোনো এদিন ভকতসকল। সহিতে চৈতৱা গোদাইৰ মন্দিৰলৈ যাবলৈ সাজু হৈ মাধৱদেৱত কৈছে। বৰাৰ পো, ফকৰা দিবলৈ প্ৰস্তুত হবা। মাধৱে । গুৰুদেৱত জনাইছে, আপোনাৰ দাসে গুৰুৰ কৃপা থাকিলে কোনো কথালৈ ভয় নকৰে তেওঁলোকে ফকৰা দিয়ে যদি তোমাৰ দাসৰ মুখৰপৰাও বাহিৰ হব। চৈত্যদেৱৰ নিত্যানন্দ, শঙ্কৰদেৱৰ । বলোৰাম আলধৰা। নিতাইয়ে ফকৰা দিছে , কেন দেশৰ বৈৰাগী কোন দেশে যান্য । কোন মুখে ভিক্ষা মাগি কোন মুখে থায় ?" বলোৰামে উত্তৰ দিছে, "পূব দেশৰ বৈৰাগী পশ্চিম দেশে যায়। গুৰুৰ মুখে । ভিক্ষা মাগি নিজ মুখে খায় ৷ আকে নিত্যানন্দে কৈছে, ‘কোন দেশৰ বৈৰাগী, কি বুলি কাঢ়িছে ৰাও । সকলো জগৎ হৰিময় দেখে৷ কত দি আছিলা৷ পাও 7’ [ ১৯০ ] বলোৰামে উত্তৰ দিছে,—"পূব দেশৰ বৈৰাগী ৰাম বুলি কাঢ়িছে ৰাও। হৃদয় মাজে ঈশ্বৰ কৃষ্ণ আপুনি বিচাৰি চাও॥’ এই দৰে ফকৰা শেষ হলত গুৰুঈশ্বৰ চৈতন্যদেৱৰ মন্দিৰত প্ৰবেশ হৈছে। আসন দি সম্ভাষণ কৰি সিদ্ধ অন্ন সমুখত দিছেহি। শঙ্কৰদেৱে পকান্ন দেখি কেচা হওক বুনি। কোৱাত সমস্ত অন্ন ব্যঞ্জন কেচা হৈছে। গৌৰাঙ্গ প্ৰভুৰে দেখি শঙ্কৰদেৱক ঈশ্বৰ-শক্তি বুলি প্ৰশংসা কৰি অতি সমাদৰে বিদায় দিছে।” ওপৰত দিয়া এই কথা আমি পিতৃদেৱতাৰ মুখেও শুনিছিলোঁ॥ এই কথাৰপৰা শঙ্কৰদেৱ আক চৈতন্যদেৱৰ ভিতৰত গুক শিষ্য বা বহুত দিনৰ আগৰে পৰা চিনাকী থকা এনে কোনো ভাবৰ আভাষ পোৱা নাযায়; বৰং দুইজন স্বাধীন ভাৱৰ ধৰ্ম্মপ্ৰচাৰক এনেটোহে বুজা যায়। দৈত্যাৰি ঠাকুৰে কৰা চৰিত্ৰ পুথিত আছে যে শঙ্কৰদেৱে দ্বিতীয় বাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে বাটত চৈতন্যৰ মঠ পাইছিল। শঙ্কৰ অহা শুনি চৈতন্যদেৱ মঠৰ ভিতৰৰপৰা ওলাই আহি শঙ্কৰৰ ফালে চাই থাকি তেওঁৰ চকুৰ লো বৈ গৈছিল; কিন্তু দুইৰো ভিতৰত কোনো কথা নহল, প্ৰভাতে উঠিয়া নিত্যে গমন কৰন্ত। কৃষ্ণচৈতন্ত্যৰ গৈয়া থানক পাইলন্ত॥ পথত চলন্তে শিক্ষা দিলন্ত লোকক। নকৰিব কেহেঁ৷ নমস্কাৰ চৈতন্যক॥ যিটোজনে নমস্কাৰ কৰে চৈতন্যক। উলটায়া তেঁহো প্ৰণামন্ত সিজনক॥ মনে নমস্কাৰ তাঙ্ক কৰিব৷ এতেকে। এহি বুলি শিখাইলন্ত লোক সমস্তকে॥ কৃষ্ণচৈতন্য আছা মঠৰ ভিতৰ। ব্ৰহ্মচাৰী কহিলন্ত অসিছা শঙ্কৰ॥ শঙ্কৰৰ নাম শুনি কৃষ্ণচৈতন্যৰ। মিলিল আনন্দ বাজ ভৈলন্ত মঠৰ॥ দুৱাৰ মুখত ৰহি আছিলন্ত [ ১৯১ ] চাই। দুয়ো নয়নৰ নীৰ ধাৰে বহি যাই॥ শঙ্কৰৰো নয়নৰ নীৰ বহে ধাৰে। পথহন্তে নিৰখিযা আছন্ত সাদৰে॥ কতোক্ষণে দুইকো দুই চাই প্ৰেম মনে। পশিলা মঠত গৈয়া শ্ৰীকৃষ্ণচৈতন্যে॥ নামাতিলা দুইকো দুই নিদিলা উত্তৰ। পৰম হৰিষ মনে চলিলা শঙ্কৰ॥"

 দৈত্যাৰি ঠাকুৰ ৰচিত সংক্ষেপ শঙ্কৰচৰিত্ৰ পুথিৰ ইে কথাৰে সৈতে ওপৰৰ কথাৰ অলপ অমিল হয়। ওপৰৰ কথাত শঙ্কৰেৰে সৈতে পুৰীত চৈতন্যৰ আলাপ পৰিচয় আদি হোৱ৷ৰ কথা ভালকৈয়ে লেখা আছে; ইয়াৰ কৈছে যে, দূৰৰপৰা দেখা হৈছিল, আলাপ নহল। দৈত্যাৰি ঠাকুৰৰ পুথিত এই বাৰৰ আৰু প্ৰথম বাৰৰো শঙ্কৰদেৱ পুৰীত থকাৰ কথাৰ ভালকৈ বৰ্ণনা নাই, মাথোন কিঞ্চিৎ অভাষ পোৱা যায়। এই নিমিত্তে অতি সংক্ষেপ এই পুথিৰ কথা এৰি বৰদোৱাৰ পুথিৰ কথা মানি লবৰ পক্ষে আমি কোনো আপত্তি নেদেখোঁ। বিশেষ, বৰপেটা কমলাবাৰী সত্ৰাদিত সন্তসাধুৰ মুখে বৰদোৱাৰ চৰিত্ৰত পোৱা কথাকে শুনিবলৈ পোৱা যায়। দৈত্যাৰিয়ে লেখা, শঙ্কৰে বাটত চৈতন্যৰ মঠ পোৱা কথা মানিবলৈ গলে আক অলপ লেঠা লাগে। চৈতন্যদেৱ তেওঁৰ জীৱনৰ শেহৰ ওঠৰ বছৰ পুৰীত নিগাজীকৈ থকাৰ কথা চৈতন্যচৰিত্ৰ পুথিত আছে, সেই কথা আমি ওপৰত কৈ আহিছোঁ। তেন্তে পুৰীৰপৰা আহোঁতে বা পুৰীলৈ যাওঁতে বাটত চৈতন্য আক তেওঁৰ মঠ কৰপৰা ওলাল? এই মঠ যদি পুৰীৰ ভিতৰতে, তেন্তে এই আসোঁৱাহ মাৰিব পাৰি; কিছু তেওঁৰ লেখাৰপৰা সেইটো স্পষ্ট নহয়, বৰং বাটত কৰবাত হে বুলি কোৱা যেন লাগে। দেইদেখি [ ১৯২ ] দৈত্যাৰি ঠাকুৰৰ পুথিৰ কথাতকৈ আমি বৰদোৱাৰ পুথিৰ কথাত বেছি আস্থা স্থাপন কৰিবলৈ বাধ্য হলোঁ। সেইটো যি হওক, সকলো অমিলৰ ভিতৰত এইটো মিল পোৱা যায়, যে কোনো পুথিৰপৰা চৈতন্য আৰু শঙ্কৰৰ ভিতৰত গুৰু শিষ্যৰ সম্বন্ধ বা এজনৰ ধৰ্ম্মপ্ৰণালী আনজনে অৱলম্বন কৰাৰ কোনো কথা পোৱা নাযায়; গতিকে আমি দুইকো সুকীয়া মতৰ ধৰ্ম্মপ্ৰচাৰক বুলি স্বীকাৰ কৰিবলৈ বাধ্য।

 চৈত্যন্যদেৱৰ জীৱনচৰিত গ্ৰন্থত ৺শঙ্কৰদেৱৰ নাম উল্লেখ কৰা নাই আজিলৈকে। আমি চৈতন্য সম্পৰ্কীয় যতবোৰ পুথি দেখিছোঁ, কতে! শঙ্কৰদেৱৰ নাম বা কোনো বিষয় উল্লেখ কৰা দেখা নাই। চৈতন্যচৰিতামৃত গ্ৰন্থত কৃষ্ণদাস কবিৰাজে তন্ন তন্নকৈ চৈতন্যৰ ভক্তসকলৰ নাম দিছে; সৰু, বৰ, বামুণ, কায়স্থ, ম্লেচ্ছ, নীহ কুলীয়া, সকলোবোৰ উল্লেখ কৰিছে; কিন্তু শঙ্কৰ দেৱৰ কোনো উল্লেখ নাই৷ তাত ভক্তিকল্পতৰু বৰ্ণনাত চৈতন্য স্কন্ধৰ অনেক শাখা প্ৰশাখা ভক্তৰ নাম পোৱা যায়। ঠায়ে ঠায়ে শঙ্কৰ, দামোদৰ, মাধৱ নামৰ ভক্তৰো উল্লেখ দেখা যায়, কিন্তু সেই সকল যে আমাৰ আসামৰ শঙ্কৰ, মাধব আৰু দামোদৰ নহয় তাৰ এশাৰী পঢ়িলেই বুজিব পাৰি।

 যেনে, “দামোদৰ পণ্ডিত শাখা গাঢ় প্ৰেমচন্দ্ৰ। প্ৰভুৰ উপৰে যেহো কৰে বাক্যদণ্ড॥ দণ্ড কথা কহিব আগে বিস্তাৰ কৰিয়া৷ দণ্ডে তুষ্ট তাৰে প্ৰভু পাঠাইল নদীয়া। তাহাৰ অনুজ শাখা শঙ্কৰ পণ্ডিত। প্ৰভুৰ পাদোপধান যাঁৰ নাম বিদিত। “কুলীন গ্ৰামেৰ সত্যদাস ৰামানন্দ। যদুনাথ পুৰুষোত্তম শঙ্কৰ [ ১৯৩ ] পঞ্চদশ আধ্যা ১৯৩ বিদ্যানন্দ ৷” ‘শঙ্কধাৰণ্য-ধTEাষা বৃক্ষেৰ এক শাখা । মুকুন্দ । কংশানাথ ৰূদ্ৰ উপশ্যপায় লেখা £” গোবিন্দ ম।ধৱ বামুদেৱ । তিন ভাই। । ঘাস ভাৰ কীৰ্ত্তনে ন'১ে চৈত নিতান্ধ । “পৰণা নন দী আৰ স্বৰূপ দামোদৰ । গদাধৰ ক্ৰগদানন ইঙ্ক ৰ বক্রেশ্বৰ ॥” “পীতাম্বৰ মাধবাচায্য দাস দামেদ। গ্ৰন্থৰ মুকুন্দ। জ্ঞানদাস মনোহৰ । আন কি তিক ত" মানুহ ভকতনীৰে। নাম আছে - মাধবাদেবী শিথি-মাহিতাৰ ভগিশী। এবাধা দাবী মধ্যে ধাৰ । মাম গণি ” “তাৰ ভগিনী দময়গুী প্রভৃৰ প্রিয় দাসী । প্রত্ৰ ভোগৰ সামগ্রী কৰে ধাবমাসি।" অথচ আযাব আসামৰ । । মহাপুৰুষ অদ্বিতীয় ধাৰ্ম্মিক, বিদ্বান, ধন, মানী, শিৰোমণি ভূয়ী শবদেৱৰ হে উল্লেখ নাই । এইটে। শঙ্কৰদেৱ চৈতন্টদেৱৰ শিষ্য বুলি মাজতে উলিৱ ভেটিনথক। কথাৰ বিৰুদ্ধে যোৱা এটা ডাঙৰ কথা নহয় নে ? শঙ্কৰদেৱে চৈ তঃ ৰপৰা অলপো সহায় পোৱাৰ প্ৰমাণ নাই; বৰং নোপোৱাটে।ৰ হে আছে। চৈতন্থাৰপৰা কিব৷ সহায় পোৱাৰ কথা কৈ শঙ্কৰঃদয়ে একে৷ লেখি থৈ যোৱা নাই। তেওঁৰ ৰচিত কোনো পুথিত চৈতৰ ৰ নাম নাই। শঙ্কৰদেৱৰ সমগ্ৰত লিখা। অসমীয়। কোনো পুথিতে চৈতন্থাৰ উল্লেখ নাই । শঙ্কৰদেৱৰ পিছত বচিত তেওঁৰ জীৱন-চৰিত্ৰ পুথিত যি উল্লেখ আছে তাৰ বিষয়ে আমি ওপৰত কৈছে। । তাৰ বাহিৰেও যত যত অলপ অচৰপ । উল্লেখ আছে, তাকো তলত দিলোঁ। আহোম ৰজাৰ বাৰে বাৰে অষ্টায় অত্যাচাৰ বাৱহাত বিৰক্ত হৈ আহোমৰ ৰাজ্য এৰি ভটীয়াই গৈ যেতিয়া শঙ্কৰদেৱে ১৩ [ ১৯৪ ] ১৯৪ শঙ্কৰদেৱ পালঙ্গাদিৰ চূণপোৰাত সত্ৰ পাতি আছিল, ভৱানন্দ নামে ধনী। । সাউদ এজনক তেওঁ তাতে ভকত কৰে! সেই সময়ত সেই ফালে চৈতন্য প্ৰচাৰিত ধৰ্ম্মক ভুই চাৰিয়ে ধৰা আতৰ পোৱা যায় । ভাৱনাই ও সেই পন্থীয় লোকৰ পল ‘যোল নাম" গ্রহণ কৰিব খুজিছিল। এনেতে তেওঁ শম্বৰদেৱৰ নাম শুনি শঙ্কৰদেৱৰ ওচৰলৈ আহি শঙ্কৰত শৰণ লয় । এতিয়াদেখ ; যা ওক এস্টটে। সুমন কোন ফকত ? সেইটে) । উলিয়াব পাৰিলেই ২, তথ্য প্রচাৰি স্বত্ব লানি-আসামত । সথাং সেই েইকালৰ কামৰূপৰ অ’ত তত । অলপ-অচৰপ সোমোৱৰ কালটে জানৰ পন! যাব । আকবধের ৬০ পছৰ অলপুখুৰী 9, ৭ বছৰ বৰদোসা জন্মাত্মপৰা "মছিল । । ১৭ বড় বয়সত তেওঁ কছাৰাৰ ভস্মত ঘৰদোহ এৰি উত্তৰ পাবলৈ ভাগি গৈ গাংমো : স? পান্তি থাকে। গীনোত তেওঁ ৫ বছৰ থাকে জাক তাতে তেওঁৰ বৰ পুতেক ৰমানন্দৰ জন্ম হয়। ডফলাৰ উপদ্ৰৱত । শঙ্কৰদেৰে গ{ংমোঁ এৰিব চাঙ্গনিত সত্ৰ পাতি ছমাহ থাকে। তেওঁ সেই ঠাই ভাল নেপাত তাক এৰি ধুৰ গাট বা বেলগুৰিলৈ গৈ তাতে সত্ৰ-স ত) পাfত ধৰ্ম প্ৰচাৰ কৰি থাকে। ধুৱাহাটতে শঙ্কৰ দাধৱৰ মিলন হয়, আৰু যাধৰে শঙ্কৰেখে সৈতে বাধ কৰি পৰাস্ত হৈ শকৰ শিষ্যত্ব গ্রহণ কৰে । । তাতে শঙ্কৰদেৱৰ কবিগ নামে কলাএটা জন্ম হয়। । তাতে কম্মুিলী ডাঙৰ হয়। তাতে কঙ্কিণীক বিবাই কৰিবলৈ শৱদেৱে মাধৱদেৱক ধৰে, আৰু মাধৱদেৱ অনাহি স্তর । শঙ্কৰদেৱ ধুৱাহাটত থাকোতেই, আহোম ৰজাৰ হাতী ধৰিবৰ মন হলত, ৰজাই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ হাতী ধৰিবৰ নিমিত্তে লোকজন পাঠয়ালে। সন্ধিকৈয়ে সেই [ ১৯৫ ] পঞ্চদশ অধ্য । ১৯৭৫ কাৰ্য্যৰ প্ৰধান ভাৰ গ্ৰহণ কৰি গৈছিল । সকলো তৃএসকলৰ গাত হাতী খেদ পাল পৰিল { । *াস্কৰ বংশৰ ভু এাসকগেও এফালে পাল পাইছিল তুর্ভাগ্যবশতঃ গেদা হাতী এওঁলোকৰ পালেদি ভাগি গল । সেইদেখি সন্ধিকৈয়ে ভূয়সকলক ধৰাই নিবলৈ । কোটাৱাল পঠিয়াই শঙ্কৰদেৱকে তল {ক‘ধ দিকলক ধৰাই নিলে। crল গাৱত ৰজাৰ আগত বিমাৰ হৈ টে চলেংক নির্দোষী প্রমাণ হলত তেওঁলোকক এৰি দিয়া হল। কিন্তু চেঙেলায যা ভূয়ী কেজনমানক ৰজাই লিগিৰ কৰি ৰাখিলে ৷ |ঙ্কৰ জোৰহাটেদি উই‘হ ভটীয়াই আৰ্পে'বে ই যজ্ঞ'ৰ বন্ধ ৰী এজনাৰ মুত্যু হয়। জন বুঢ়া মানুহে শঙ্কৰদেৱক এট' চাটে । ভেটি দিছিল ; সেই টোক বজাৰ মায়হে ধৰি নি কুৱৰীৰে সৈতে মৈদামত পুচিলে । শঙ্কৰদেৱে এই কথা দেরি বা র ব্যৱহাৰ তেওঁ গত ঘুণ হৈ সো |া জাঁ এাৰ ভাটীলৈ তখছি বলৈ সঙ্কল্প কৰিলে। । শঙ্কৰ উভতি ত|হি ধুৱাহাটতে কিছুদিন আছে । এনেতে গণীযা মানুহৰ কথা । শুনি আকৌ শঙ্কৰদেৱকে প্ৰমু প্য কৰি ভয়াসকলক ধৰাই নিবলৈ এটাই মাgহ পঠিয়ালে। শঙ্কৰদেৱ ভকতসকলেৰে সৈতে পলল , কিন্তু মাধৱদেৱ আৰু শঙ্কৰদেৱৰ জোৱায়েক হৰি ধৰা পৰিল । তৰি সোৱ'Yইক বজাই কটালে, আৰু মাধৱদেৱক এবছৰ বন্দী কৰি ৰাখি এৰি দিলে। ( বৰদোৱাৰ পুথিৰ মতে )। শঙ্কৰ । এওঁলোকলৈ অপেক্ষা কৰি তেতিয়া ও ধুৱাহাটতে আছিল । মাধৱ দের উভতি গৈ শঙ্কৰদেয়ৰে সৈতে দেখা কৰাৰ পিছত, ৰজাই বুঙ্গ পাত আকৌ শঙ্কৰদেৱক ধৰাই নিবলৈ মানুহ পঠিয়াণও সেই বাতৰি শুনি শকৰে, মাধৱ, জ্ঞাতি কুটুম্ব আৰু ভকতসকলেৰে সৈতে নাৱেবে। ' । [ ১৯৬ ] ৯ © শঙ্কৰদেব } ভাটীয়াই গুচি আহি তাটাৰ ক্ষত্ৰি মৌজাৰ কাপাল নামে ঠাত সত্র পাতি ৰলহি । ক্ষেত্ৰিত তেওঁ ছমাহ আছিল। । তাতে মাধৱদেৱৰ মাক মৰে। তঃৰপৰা শঙ্কৰদেৱ গু'চ গৈ চূণপোৰাত সত্ৰ কৰি ছমাহ থাকে। সেই চূণপোবাতৈ ভৱানন সাউদক [ ঘাৰ নাম শঙ্কৰদেৱে নাৰায়ণ ঠাকুৰ দিছিল ] শঙ্কৰদেৱে শিষ্য কৰে । । চূণ পোৰাত ছমাহ থাকি কুমাৰকুচিলৈ যায, তাত এঘৰ চড়াল বা হিৰা। প্রতিবেগৰ ওচৰত থকাৰ আঙুবিধা হোৱা ত তাপৰ৷ গৈ তেওঁ পাটবাউসীত সত্ৰ কৰে । এতিয়া আমি দেখিলে । যে শঙ্কৰদেৱে কালিপুখুৰীত ...। ৬০ বছৰ । বৰদোৱাত গাংমৌত। চাঙ্গনিত . ছ মাহ থাকে ! মোট ৭২ বছৰ ছমাহ । ইয়াৰপৰা ধুৱাহাটলৈ যায় । তাতে কষ্মিণী ক্যাৰ জন্ম হৈ বিষাৰ সমর হস । সেইদেথি ঘদি ধুৱাহাটত তেওঁ কমপক্ষেও ১০ বছৰ থকাটে৷ ধৰা যায়, তেহে আমি পাওঁ তেওঁৰ ৮২ বছৰ বয়সত তেওঁ ধুরীহাট এৰি কৃপাগলৈ আহে। তেও কাপাণত ছমাহ, চূন্সপোৰাত ছমাহ থাকে ; সেইদেখি তেওঁ ভৱানন্দক শবণ দিয়া কালত ৮৩৮৪ বছৰ বৰসীমা বুলি ধৰিব পাৰি। সেইদেখি শঙ্কৰদেৱৰ প্ৰায় ৮০ বছৰ বয়সৰ কালত চৈত প্ৰচাৰিত ধৰ্ম্ম অলপ-অলপকৈ কামৰূপত সোমোৱাটোৰ আভাষ পোৱা যায়। শঙ্কৰদেৱ যেতিয়া ৮০ বছৰীয়াচৈত্য তেতিয়া ১৩ ৪৪ বছৰ বৰসায়। ২৪ বছৰ বয়সত চৈতই । সন্ন্যাস লৈ ধৰ্ম প্ৰচাৰ কৰে। [ ১৯৭ ] সেইদেখি তাৰ পিছত ২০ বছৰ কালত , চৈতন্য ধৰ্ম্ম নামনি-আসামত অলপ-অচৰপ প্ৰচাৰিত হোৱাটো একো অসম্ভৱ নহয় । শঙ্কৰদেৱৰ পিছত মাধদেৱৰ সময়তো চৈতন্যপন্থী দুই চাৰিজনক মহাপুৰুষীয়া ধৰ্ম্ম দি মহাপুৰুষীয়া কৰা কথ মাধবদেৱৰ চৰিত্ৰত উল্লেখ আছে ; তেওঁলোকৰ ভিতৰত বৰপেটা সত্ৰৰ ঘাই পুৰুষ মথুৰাদাস আতাই প্রধান ।

⸺⸺


ষোড়শ আধ্যা।

 শঙ্কৰদেৱেও কৃঞ্চভক্তি আৰু হৰিনায়কীৰ্ত্তনমূলক বৈষ্ণৱধৰ্ম্ম প্ৰচাৰ কৰিছিল, চৈতন্যদেৱেও তাকে কৰিছিল। শঙ্কৰদেৱে শিক্ষা দিছিল, --‘হৰি নাম বিনা পাপ-সাগবত, কাহাৰো ন!হি নিস্তাৰ ॥ মহা যোগীজনো, ব্ৰহ্ম চিন্তে যদি, হৰিৰ নাম নলৱে । সিও ভ্ৰষ্ট হুয়া, সংসাৰত পৰে, চাৰি বেদে হেন কৱে ॥ ধৰ্ম্ম অৰ্থ কাম, যিতো অভিলাষে, যি চাৱে মোক্ষৰ পথ সিও হৰিনাম, কীৰ্ত্তন কৰিলে, পাৱে সৱে মনোৰথ ॥ নামৰ মহিমা নাজানি ঋষিয়ে, আন প্ৰায়শ্চিত্ত বিহে । মৃত্যুসঞ্জীবনী নাজানিয়া বৈদ্যে, আন ঔষধক দিয়ে ” “শ্ৰৱণ কীৰ্ত্তনে যাৰ অভ্যাস। নাছাড়ে হৰি তাৰ আমি পাস। ” “সকল ধৰ্ম্মত কৰি বিশিষ্ট । হৰি-কীৰ্ত্ত নেসে ধৰ্ম্ম গৰিষ্ঠ ॥ অনাদৰি আন ধৰ্ম্ম সম্প্রতি । দিওঁ উপদেশ