পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৩
পঞ্চদশ আধ্যা


সাধুৰ মুখত আছে , আৰু এই লগপোৱা যে পুৰীত হৈছিল তাত ভুল নাই, কাৰণ চৈতন্যদেৱে তেওঁৰ জীৱনৰ শেষ ১৮ বছৰ পুৰীৰপৰা কলৈকো লৰচৰ কৰা নাছিল॥ শঙ্কৰদেৱে তেওঁৰ জীৱনৰ ৮৩|৮৪ বছৰত। ১৪৫৫ শক ) চৈতন্যক পুৰীত লগ পোৱা, আৰু পুৰীত চৈতন্য শঙ্কৰৰ গাত লয় যোৱা বুলি কোৱা মহাপুৰুষীয়া প্ৰবাদ, যাৰ আচল মানে শঙ্কৰদেৱ পুৰীত থাকোঁতেই চৈতন্যৰ তিৰোতাৰ ঘটা কথাত অবিশ্বাস কৰিবৰ আৱশ্যক নাই, কাৰণ, সি বৰ প্ৰচলিত। আমি মাত্ৰ নৰনাৰায়ণৰ আক্ৰমণৰ কেইবা বছৰৰ আগেয়ে শঙ্কৰে আহোম ৰাজ্য এৰি যোৱা বুলি কওঁ। আৰু যহি হে আমাৰ এই অনুমান ঠিক নহয় তেন্তে মিষ্টৰ গেইটে দিয়া নৰনাৰায়ণৰ আক্ৰমণৰ শক যে নিৰ্ভুল এই কথাও আমাৰ বৰ সন্দেহ হয়। এটা কথা আমি এই খিনিতে কওঁ, যে শব্দ বদেৱে বেলগুৰি এৰি ভাটিয়াই যোৱাৰ যিটো তাৰিখ বৰদোৱাৰ পুথিৰপৰা সংগ্ৰহ কৰি পিচত দিছোঁ, সেইটোতও শঙ্কৰদেৱৰ তেতিয়া ৮২।৮৩ বছৰ হোৱাটো ওলাইছে।

 শঙ্কৰদেৱে দুবাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱা কথা শঙ্কৰদেৱৰ এটাই কেইখন চৰিত্ৰ পুথিতে আছে; আৰু সন্ত সাধুসকলে মুখেৰে তোলা চৰিত্ৰতো সেই কথা কয় , গতিকে সি প্ৰমাণিত বুলি ধৰিব লাগিব। শঙ্কৰদেৱে প্ৰথম বাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাৰ আগেয়ে যদিও তেওঁ এজন আৰ্হি গৃহস্থী আৰ্হি ভুয়াঁ বিষযভোগী ডাঙৰ লোক আছিল, তথাপি তেওঁ শাস্ত্ৰ চৰ্চ্চা, জ্ঞান চৰ্চ্চা আৰু ধৰ্ম্মত অনুৰক্তি আদিতো ভূঞাসকলৰ ভিতৰত আদৰ্শ পুৰুষ আছিল। তীৰ্থ ভ্ৰমণৰ পছত, আগৰেপৰা তেওঁৰ ধৰ্ম্মপ্ৰৱণ মন আক বেছিকৈ ধৰ্ম্মপ্ৰৱণ