পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৭
ষোড়শ আধ্যা ।

সেইদেখি তাৰ পিছত ২০ বছৰ কালত , চৈতন্য ধৰ্ম্ম নামনি-আসামত অলপ-অচৰপ প্ৰচাৰিত হোৱাটো একো অসম্ভৱ নহয় । শঙ্কৰদেৱৰ পিছত মাধদেৱৰ সময়তো চৈতন্যপন্থী দুই চাৰিজনক মহাপুৰুষীয়া ধৰ্ম্ম দি মহাপুৰুষীয়া কৰা কথ মাধবদেৱৰ চৰিত্ৰত উল্লেখ আছে ; তেওঁলোকৰ ভিতৰত বৰপেটা সত্ৰৰ ঘাই পুৰুষ মথুৰাদাস আতাই প্রধান ।

⸺⸺


ষোড়শ আধ্যা।

 শঙ্কৰদেৱেও কৃঞ্চভক্তি আৰু হৰিনায়কীৰ্ত্তনমূলক বৈষ্ণৱধৰ্ম্ম প্ৰচাৰ কৰিছিল, চৈতন্যদেৱেও তাকে কৰিছিল। শঙ্কৰদেৱে শিক্ষা দিছিল, --‘হৰি নাম বিনা পাপ-সাগবত, কাহাৰো ন!হি নিস্তাৰ ॥ মহা যোগীজনো, ব্ৰহ্ম চিন্তে যদি, হৰিৰ নাম নলৱে । সিও ভ্ৰষ্ট হুয়া, সংসাৰত পৰে, চাৰি বেদে হেন কৱে ॥ ধৰ্ম্ম অৰ্থ কাম, যিতো অভিলাষে, যি চাৱে মোক্ষৰ পথ সিও হৰিনাম, কীৰ্ত্তন কৰিলে, পাৱে সৱে মনোৰথ ॥ নামৰ মহিমা নাজানি ঋষিয়ে, আন প্ৰায়শ্চিত্ত বিহে । মৃত্যুসঞ্জীবনী নাজানিয়া বৈদ্যে, আন ঔষধক দিয়ে ” “শ্ৰৱণ কীৰ্ত্তনে যাৰ অভ্যাস। নাছাড়ে হৰি তাৰ আমি পাস। ” “সকল ধৰ্ম্মত কৰি বিশিষ্ট । হৰি-কীৰ্ত্ত নেসে ধৰ্ম্ম গৰিষ্ঠ ॥ অনাদৰি আন ধৰ্ম্ম সম্প্রতি । দিওঁ উপদেশ