পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৪
শঙ্কৰদেৱ ।


হল, তাক আগৰেপৰা পৰৰ হিত চিন্তাত মন বিশেষকৈ আৰু সেই কাৰ্য্যত ব্ৰতী হল। পৰকালৰ সম্বল ধম্মচিন্তা হিন্দুব প্ৰধান চিস্তা। নিজেও ঈশ্বৰ চিন্তা ঈশ্বৰউপাসনাৰ দ্বাৰাই সংসাৰ-সাগৰ পৰা হম, আৰু লোককো তৰিবৰ উপায় দিম, এই ভাবেৰে অনুপ্ৰাণিত হৈ শঙ্কৰদেৱে ধম্মপ্ৰচাৰত মনপ্ৰাণ সমৰ্পণ কৰিছিল তেও শিৰোমণি ভূঞা কুসুম্বৰৰ বৰ পুতক, নিজেও শিৰোমণি ভূঞা। তেওঁৰ বিষয়বাসনা দাস-দাসী ঐশ্বৰ্য্য বিভূতি ৰজাৰ নিচিনা, ক্ষমতা অধিকাৰতো তেও ৰজাৰ নিচিনা। গ্ৰহ সকলোবোৰ তেও তৃণবৎ পৰিত্যাগ কৰি, ধৰ্ম্মচচ্চা আৰু ঈশ্বৰ চিন্তাত নিজৰ মন সমপন কৰি দুখীয়া শ্ৰীৰাম, বলোৰাম, সব্বজয় আতৈৰে সৈতে গীত পদ ভটিমা চপয় পাই হৰিকীৰ্ত্তন কৰি কাল কটাহ নিজক ধন্য মনিছিল।

 তীৰ্থপয্যটন কৰিবলৈ যোৱাৰ আগেয়ে যদিও তেও বিষ্ণুৰ অৱতাৰ ৰাম, কৃষ্ণ, জগন্নাথ আদিৰ উপাসক আছিল, তীৰ্থৰ পৰা উভতি আহি তেওঁ ঘাইকৈ কৃষ্ণভক্তি প্ৰাচাৰত মনোনিবেশ কৰিছিল। এই বাৰতে প্ৰথম বাৰ তেও ওপৰাউপৰিকৈ ছবাৰ বৃন্দাবনলে গৈ কৃষ্ণ ভক্তিত অত্যন্ত অনুৰক্ত হৈ পৰিছিল ,আৰু বৃন্দাবনলৈ যোৱাৰ মানেও সিয়েই। পিছত ভাগৱত শাস্ত্ৰবিহিত ভাগৱ৩ী ধৰ্ম্ম, একমাত্ৰ কৃষ্ণৰ পূজা, সেৱা, ভক্তি, অৰ্চ্চনা প্ৰচাৰ কৰিলে। ‘শ্ৰৱণ, কীৰ্ত্তন, স্মৰণ, বিষ্ণুৰ অচৰ্চন, পদসেৱন। দাস্য, সখিত্ব, বন্দন বিষ্ণুত কৰিব দেহা অৰ্পণ॥” এহ নৱবিধ ভাগবতী ভক্তি প্ৰবৰ্ত্তন কৰিলে। ভূয়াঁসকলৰ ভিতৰত শক্তিপূজা প্ৰচলিত আছিল , শঙ্কৰদেৱ কিন্তু তীৰ্থলৈ