পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৮
শঙ্কৰদেৱ।


দেৱ জনাৰ্দ্দন॥ তাৰাসৱে আপোন কুশল চিন্তা কৰি। শঙ্কৰক গুৰু মানি ভজিলন্ত হৰি॥ জ্যোতিষ প্ৰধান শিৱ কাম নৰোত্তম। চক্ৰধৰ সূয্য সূৰ্য্যশৰ্ম্মা নাম•• সৰ্ব্বকালে গ্ৰহ উপাসক সৰ্ব্বজন শঙ্কৰক গুৰু মানি লৈলন্ত শৰণ।”

 পদ্মপুৰাণৰ স্বৰ্গখণ্ডৰ আৰম্ভনতে সাব্বভৌম ভট্টাচাৰ্য্যই বন্দনা লেখিছে জয় নমো নিজ ব্ৰহ্ম কৃষ্ণ ইষ্ট দেৱ। তোমাৰ চৰণে কৰোঁ লক্ষ কোটি সেৱ॥৷ শ্ৰীমন্ত শঙ্কৰ সন্ত মুৰ্ত্তি অৱতাৰ। তোমাৰ চৰণে কৰোঁ কোটি নমস্কাৰ॥ নমো মৎস্য কুৰ্ম্ম আদি অৱতাৰ যত প্ৰণামো মাধৱ আদি সমস্ত ভকত॥ অনন্ত কন্দলি আদি ভক্ত বিপ্ৰাণে॥। প্ৰণাম কৰোঁহো পৰি সবাৰো চৰণ॥”

 অনন্ত কন্দলি যে শঙ্কৰদেৱৰ ভক্ত শিষ্য আছিল, তেওঁৰ সমসাময়িক সাৰ্ব্বভৌম ভটাচাৰ্য্যৰ এই পদ পঢিলে আৰু সন্দেহ নাথাকে।

 শঙ্কৰদেৱে দ্বিতীয় বাৰ তীৰ্থভ্ৰমণ কৰিবলৈ যাওঁতে যে চৈতন্যক পুৰীত লগ পাইছিল, এই কথা আমি ওপৰত কৈ আহিছোঁ। এই বাৰ শঙ্কৰদেৱ পূৰীত থাকোঁতেই চৈতন্য দেৱৰ মৃত্যু বা তিৰোভাব হোৱা কথাও আমি আগত কৈ আহিছোঁ। শঙ্কৰদেৱৰে সৈতে চৈতন্যদেৱৰ সি কথাবাৰ্ত্তা হৈছল, তাৰ বিবৰণ বৰদোৱাৰ গুৰু-চৰিত্ৰ পুথিত এই দৰে আছে –

 "জগন্নাথ প্ৰভুৰ নাট মন্দিৰত নটীৰ নাচ গোৱাত চৈতত। গোসাঁই আক শঙ্কৰ গোসাঁই দুইজন বহি আমোদ দেখিছে। অন্নপূৰ্ণাৰ মন্দিৰত ভোগ সিন্ধ হব লাগিছে। ভোগ এটি উফৰি