পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯১
পঞ্চদশ আধ্যা


চাই। দুয়ো নয়নৰ নীৰ ধাৰে বহি যাই॥ শঙ্কৰৰো নয়নৰ নীৰ বহে ধাৰে। পথহন্তে নিৰখিযা আছন্ত সাদৰে॥ কতোক্ষণে দুইকো দুই চাই প্ৰেম মনে। পশিলা মঠত গৈয়া শ্ৰীকৃষ্ণচৈতন্যে॥ নামাতিলা দুইকো দুই নিদিলা উত্তৰ। পৰম হৰিষ মনে চলিলা শঙ্কৰ॥"

 দৈত্যাৰি ঠাকুৰ ৰচিত সংক্ষেপ শঙ্কৰচৰিত্ৰ পুথিৰ ইে কথাৰে সৈতে ওপৰৰ কথাৰ অলপ অমিল হয়। ওপৰৰ কথাত শঙ্কৰেৰে সৈতে পুৰীত চৈতন্যৰ আলাপ পৰিচয় আদি হোৱ৷ৰ কথা ভালকৈয়ে লেখা আছে; ইয়াৰ কৈছে যে, দূৰৰপৰা দেখা হৈছিল, আলাপ নহল। দৈত্যাৰি ঠাকুৰৰ পুথিত এই বাৰৰ আৰু প্ৰথম বাৰৰো শঙ্কৰদেৱ পুৰীত থকাৰ কথাৰ ভালকৈ বৰ্ণনা নাই, মাথোন কিঞ্চিৎ অভাষ পোৱা যায়। এই নিমিত্তে অতি সংক্ষেপ এই পুথিৰ কথা এৰি বৰদোৱাৰ পুথিৰ কথা মানি লবৰ পক্ষে আমি কোনো আপত্তি নেদেখোঁ। বিশেষ, বৰপেটা কমলাবাৰী সত্ৰাদিত সন্তসাধুৰ মুখে বৰদোৱাৰ চৰিত্ৰত পোৱা কথাকে শুনিবলৈ পোৱা যায়। দৈত্যাৰিয়ে লেখা, শঙ্কৰে বাটত চৈতন্যৰ মঠ পোৱা কথা মানিবলৈ গলে আক অলপ লেঠা লাগে। চৈতন্যদেৱ তেওঁৰ জীৱনৰ শেহৰ ওঠৰ বছৰ পুৰীত নিগাজীকৈ থকাৰ কথা চৈতন্যচৰিত্ৰ পুথিত আছে, সেই কথা আমি ওপৰত কৈ আহিছোঁ। তেন্তে পুৰীৰপৰা আহোঁতে বা পুৰীলৈ যাওঁতে বাটত চৈতন্য আক তেওঁৰ মঠ কৰপৰা ওলাল? এই মঠ যদি পুৰীৰ ভিতৰতে, তেন্তে এই আসোঁৱাহ মাৰিব পাৰি; কিছু তেওঁৰ লেখাৰপৰা সেইটো স্পষ্ট নহয়, বৰং বাটত কৰবাত হে বুলি কোৱা যেন লাগে। দেইদেখি