পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৭
পঞ্চদশ আধ্যা ।


কৰিলে, এই কথা ভাবিলে অবাক হব লাগে। ধন্য আসাম জননী, তুমি শঙ্কৰদেৱক গৰ্ভত ঠাই দি নিজেও ধন্য হলা!

 শঙ্কৰদেৱে তীৰ্থভ্ৰমণ কৰি থাকোঁতে জগন্নাথ, মথুৰা, বৃন্দাৱন, পুষ্কৰ আদি তীৰ্থতো কোনোক কোনোক শৰণ দি যে শিয্য কৰিছিল, সেই কথা তেওঁৰ জীৱনচৰিএ লেখক সাৰ্ব্বভৌম ভট্টাচাৰ্য্যই লেখিছে, “বৃন্দাবন নামে এক মহন্ত আছিল। শঙ্কৰক লাগ পাই তেহন্তে ভজিল॥ ৰামকান্ত নামে শিষ্য মথুৰা পুৰত। শঙ্কৰক গুৰু মানি শৰণ লৈলন্ত।॥ ৰাধা নামে এক সন্ত আছিল গোকুলে। শঙ্কৰক গুৰু মানি সিয়ো ভক্ত ভৈলে॥ সন্ন্যাসী ত্ৰিজটা নামে ব্ৰজত আছিল। শঙ্কৰক গুৰু মানি হৰিক ভজিল॥ গোপীনাথ নামে সন্ত পুষ্কৰ তৰ্থত। সিজনেও শঙ্কৰক গুৰু মানিলন্ত॥ জগন্নাথ পাণ্ডাসুত বিষ্ণুদত্ত নাম। কৃষ্ণ বদুনাথ কাম এহি দশজন। শঙ্কৰক গুৰু মানি লৈলন্ত শৰণ॥” শঙ্কৰদেৱে নিশ্চয় প্ৰথম বাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে গোকুল, ব্ৰজ আৰু পুষ্কৰত এইবোৰ শিষ্য কৰিছিল; কাৰণ, দ্বিতীয় বাৰ তীৰ্থ লৈ যাওঁতে সেইবোৰ ঠাইলে তেওঁৰ যোৱা নহল। ইয়াৰ দ্বাৰাই দেখা যায় যে শঙ্কৰদেৱৰ ধৰ্ম্মপ্ৰচাৰ কাৰ্য্য দিশতে প্ৰথমে আৰম্ভ হয়।

 আসাম কামৰূপতো শঙ্কৰক ডাঙৰ ডাঙৰ ব্ৰাহ্মণ আৰু গ্ৰহৰিপ্ৰ শিষ্য কিছুমানৰ লেখ সাৰ্ব্বভৌম ভট্টাচাৰ্য্যই দিছে—“তকভানু বিদ্যাপতি ভট্টাচাৰ্য্য বৰ। ৰাঘৱ আচাৰ্য্য বিভূষণ যে ভূধৰ। কবিৰত্ব বিদ্যাৰত্ন উমা বাসুদেৱ। সৰস্বতী শ্ৰীকান্ত গজেন্দ্ৰ মহাদেৱ॥ ৰামচন্দ্ৰ কৃষ্ণচন্দ্ৰ বিষ্ণু নাৰায়ণ। গোপাল জৈমিনীদেৱ