সমললৈ যাওক

পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯২
শঙ্কৰদেৱ।


দৈত্যাৰি ঠাকুৰৰ পুথিৰ কথাতকৈ আমি বৰদোৱাৰ পুথিৰ কথাত বেছি আস্থা স্থাপন কৰিবলৈ বাধ্য হলোঁ। সেইটো যি হওক, সকলো অমিলৰ ভিতৰত এইটো মিল পোৱা যায়, যে কোনো পুথিৰপৰা চৈতন্য আৰু শঙ্কৰৰ ভিতৰত গুৰু শিষ্যৰ সম্বন্ধ বা এজনৰ ধৰ্ম্মপ্ৰণালী আনজনে অৱলম্বন কৰাৰ কোনো কথা পোৱা নাযায়; গতিকে আমি দুইকো সুকীয়া মতৰ ধৰ্ম্মপ্ৰচাৰক বুলি স্বীকাৰ কৰিবলৈ বাধ্য।

 চৈত্যন্যদেৱৰ জীৱনচৰিত গ্ৰন্থত ৺শঙ্কৰদেৱৰ নাম উল্লেখ কৰা নাই আজিলৈকে। আমি চৈতন্য সম্পৰ্কীয় যতবোৰ পুথি দেখিছোঁ, কতে! শঙ্কৰদেৱৰ নাম বা কোনো বিষয় উল্লেখ কৰা দেখা নাই। চৈতন্যচৰিতামৃত গ্ৰন্থত কৃষ্ণদাস কবিৰাজে তন্ন তন্নকৈ চৈতন্যৰ ভক্তসকলৰ নাম দিছে; সৰু, বৰ, বামুণ, কায়স্থ, ম্লেচ্ছ, নীহ কুলীয়া, সকলোবোৰ উল্লেখ কৰিছে; কিন্তু শঙ্কৰ দেৱৰ কোনো উল্লেখ নাই৷ তাত ভক্তিকল্পতৰু বৰ্ণনাত চৈতন্য স্কন্ধৰ অনেক শাখা প্ৰশাখা ভক্তৰ নাম পোৱা যায়। ঠায়ে ঠায়ে শঙ্কৰ, দামোদৰ, মাধৱ নামৰ ভক্তৰো উল্লেখ দেখা যায়, কিন্তু সেই সকল যে আমাৰ আসামৰ শঙ্কৰ, মাধব আৰু দামোদৰ নহয় তাৰ এশাৰী পঢ়িলেই বুজিব পাৰি।

 যেনে, “দামোদৰ পণ্ডিত শাখা গাঢ় প্ৰেমচন্দ্ৰ। প্ৰভুৰ উপৰে যেহো কৰে বাক্যদণ্ড॥ দণ্ড কথা কহিব আগে বিস্তাৰ কৰিয়া৷ দণ্ডে তুষ্ট তাৰে প্ৰভু পাঠাইল নদীয়া। তাহাৰ অনুজ শাখা শঙ্কৰ পণ্ডিত। প্ৰভুৰ পাদোপধান যাঁৰ নাম বিদিত। “কুলীন গ্ৰামেৰ সত্যদাস ৰামানন্দ। যদুনাথ পুৰুষোত্তম শঙ্কৰ