পোহৰ আনোতা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
পোহৰ আনোতা
লেখক জয়ন্ত কুমাৰ শৰ্মা
[ i ]
Pohar Anota (page 1 crop).jpg

একাংকিকা নাট

পোহৰ আনোতা

লিখক— শ্ৰীজয়ন্ত কুমাৰ শৰ্মা

[ ii ]
 
মুখ্য পৃষ্ঠাপোষক:

শ্ৰীঅৱনীকান্ত ধিং বি, এ, চি (অনাৰ্চ)
নলবাৰী (শান্তিপুৰ)
ৱাৰ্ড নং— ৭

 
প্ৰকাশক:

শ্ৰী সুৰেশ বৰুৱা

 

প্ৰথম প্ৰকাশ— ১৯৮৮ ইং চন

 

মুল্য— ৩.০০ টকা

 

কমলা প্ৰেছ, পাঠশালা

 

[ iii ]
 

প্ৰকাশকৰ একাষাৰ

 ‘কাব্যেষূ নাটকং ৰম্যম্— কাব্যৰ ভিতৰত নাটকেই মনোৰম। নাটক দৃশ্যকাব্য। আধুনিক কাব্যৰ অসংখ্য সংজ্ঞাৰ জোৱাৰত নাটক কিমানখিনি কাব্যৰ ভিতৰত আছে নাজানোঁ, কিন্তু নাটক যে, সৰ্বকালৰ সকলো লোকৰ বাবে আটাইতকৈ জনপ্ৰিয় কলা— তাত কোনো সন্দেহ নাই। যুগে যুগে নাটকৰ পৰিবৰ্তন হৈছে, পৰিবৰ্তন হৈছে ইয়াৰ বিষয়বস্তুৰ, আংগিকৰ উপস্থাপন ৰীতিৰ আৰু লগতে দৰ্শক বৃন্দৰ মনস্তত্বৰো। অবাচীন কালৰ অতি ব্যস্ত মানুহৰ প্ৰয়োজন কম সময়তে সুক্ষ্ম আনন্দানুভুতি দিব পৰা কলা আৰু সেইবাবেই একাংকিকা নাটকৰ প্ৰতি মানুহৰ আকৰ্ষনো বাঢ়ি আহিছে। প্ৰতিবছৰে বাঢ়ি অহা একাংকিক নাটকৰ প্ৰতিযোগীতা প্ৰতিযোগী দল তথা দৰ্শকেই ইয়াৰ প্ৰমাণ। কিন্তু চাহিদা অনুসাৰে উন্নত একাংকিকা নাটকৰ অভাবে। এই কথাকেই অনুধাবন কৰি এলানি মানবিশিষ্ট একাংকিক নাটক প্ৰকাষ কৰিবলৈ লোৱা হৈছে। শ্ৰী জয়ন্ত কুমাৰ শৰ্মাৰ ‘পোহৰ আনোতা’ এই লানি নাটকৰ প্ৰথম অৰ্ঘ্য। এই ক্ষেত্ৰত নাট্যপ্ৰেমী ৰাইজৰ সহায়-সহযোগে পৰম কৃতাৰ্থ কৰিব।

 এইখনি একাকিকা প্ৰকাশৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে সহায় সহযোগ তথা উৎসা-উদপনা আগবঢ়োৱা বাবে আৱাহন [ iv ] থিয়েটাৰ প্ৰযোজক শ্ৰীযুত কৃষ্ণ ৰয়, কহিনুৰ থিয়েটাৰৰ প্ৰযোজক শ্ৰীযুত ৰতন লহকৰ, জীবেশ্বৰ ডেকা, সুৰেন মহন্ত, ভবেশ বৰুৱা, শিশীৰ ভট্ট, অৰুণ বেজবৰুৱা, প্ৰানজিৎ দাস নগেন ভূঞা, গোপেশ বৰুৱা, হৰবল্লভ বৰুৱা গণেশ বৰুৱা এই সকলোবোৰ ধন্যবাদৰ পাত্ৰ। নমস্কাৰস্তে—

১৯৮৮ ইং চন শ্ৰী সুৰেশ বৰুৱা
বামাখাটা, অসম
 

[  ]
 

পোহৰ আনোতা

 
চৰিত্ৰ সমূহ:— (ক) প্ৰমিথিউছ (খ) জিউছ (গ) হাৰ্কিউলিছ (ঘ) পলাচ এথেনা (ঙ) ঈগল (চ) মানৱ
পোহৰ:— দুটা Spot light আৰু এটা Flood light dimmer সহ।
শব্দ:— হাৰমনিয়াম, তবলা, গীটাৰ আদি সাধাৰণ বাদ্যযন্ত্ৰ।
পৰিচালক:— (চৰিত্ৰ সমূহৰ মাজত এজন) শ্ৰদ্ধেয় দৰ্শক মণ্ডলী, আমি অজি যিখন নাটক মঞ্চস্থ কৰিব খুজিছোঁ সেইখন হৈছে প্ৰাচীন গ্ৰীক ৰূপক যাৰ এক অনবদ্য চৰিত্ৰ প্ৰমিথিউছৰ কাহিনীৰ ওপৰত ইয়াত প্ৰমিথিউছৰ চৰিত্ৰ ৰুপায়ণ কৰিব _ _ _ _ _ য়ে, জিউছুৰ চৰিত্ৰ ৰূপায়ণ কৰিব _ _ _ _ _ _ _ _ _ _ য়ে, _ _ _ _ _ _ _ _ _ _ ইত্যাদি। শিল্পীসকলৰ নাম ক’ব আৰু তেওঁলোকে নমস্কাৰ দিব। গ্ৰীচৰ ৰূপকথামতে মহাজ্ঞানী টাইটান প্ৰমিথিউছে মহাকালৰ নিৰ্দেশত মানুহৰ সৃষ্টি কৰে। মানৱ সভ্যতাৰ বিকাশৰ বাবে তেওঁ মানুহক জ্ঞান আৰু বিকাশৰ প্ৰতীক অগ্নি প্ৰদান কৰে আৰু তাৰ বাবে ভয়ংকৰ শাস্তি ভোগ কৰে। যদিও ই এখন দেশৰ বা এটা সভ্যতাৰ [  ] ৰূপকথাৰ কাহিনীহে তথাপি ইয়াত এক সৰ্বকাল আবেদনময়ী সাৰ্বজনীনতা আছে। ঘুণেধৰা পুৰণি সমাজক ভাঙি নতুনৰ সৃষ্টিৰ প্ৰয়াস কৰা কালজয়ী শিল্পীসকল যুগে যুগে লাঞ্ছিত হৈ আহিছে। যীশুখৃষ্ট, মহম্মদ গেলিলিও, চক্ৰেটিছ আদি বাঞ্জাবিজয়ী বিপ্লবীসকলৰ কথা আপোনাসবে নিশ্চয় জানে। আমিও সেই সাৰ্বজনীনতাকেই প্ৰকাশ কৰিব খুজিছোঁ। এই নাটকৰ মাজেদি। নমস্কাৰ। [প্ৰস্থান]

 (পৰিচালকৰ বাহিৰে বাকীবোৰে এজন এজনকৈ আগেয়ে প্ৰস্থান কৰিব। পৰিচালকে প্ৰস্থান কৰাৰ লগে লগে বন্ধ মঞ্চৰ ভিতৰত প্ৰমিথিউছৰ তীব্ৰ যন্ত্ৰণাময় চিঞৰ শুনা যায়। মঞ্চ মুকলি হয়। ১নংত প্ৰমিথিউছক শিকলিৰে বান্ধি থোৱা অৱস্থাত ঈগলে অক্ৰমণ কৰি থাকে। প্ৰমিথিউছে চিঞৰি থাকে। কৰুণ music. প্ৰমিথিউছক ফ’কাচ কৰা light নুমাই ২নংত হাৰ্কিউলিছক ফ’কাচ কৰা হয়)

হাৰ্কিউলিছ— [সন্দেহযুক্ত দৃষ্টিৰে] কোন? কোনে ক’ত চিঞৰিছে? সন্মুখত এয়া দুৰ্গম স্কইথিয়া পৰ্বত। ইয়াত কোন থাকিব পাৰে। মানুহনে শাপভ্ৰষ্ট কোনো দেবতা? [পুনৰ চিঞৰ শুনা যায়] সেয়া, আকৌ চিঞৰিছে। কোন? কো-ও-ও-ন [ডাঙৰকৈ] [প্ৰমিথিউছক পুনৰ focus কৰা হয় [  ] ঈগলে অক্ৰমণ কৰি থাকে]
সৌৱা, সৌজন। [খুব বেগেৰে প্ৰমিথিউছৰ ওচৰলৈ যায়]
অচিৰিত! কি ভয়াবহ ঘটনা! ঈগলটাৱে এই মানুহজনক আক্ৰমণ কৰিছে।

(হাৰ্কিউলিছে গদাৰে ঈগলটো আক্ৰমণ কৰে। কিছুসময়ৰ যুদ্ধৰ পিছত ঈগলৰ মৃত্যু। হাৰ্কিউলিছে গদাৰে শিকলি চিঙি প্ৰমিথিউছক মুক্ত কৰে]

প্ৰমিথিউছ— (দুৰ্বল মাতেৰে) হাৰ্কিউলিছ।
হাৰ্কিউলিছ— (আচৰিত হৈ) কোন? কোন অপুনি?
প্ৰমিথিউছ— মই প্ৰমিথিউছ।
হাৰ্কিউলিছ— প্ৰমিথিউছ। মানৱ জাতিৰ সৃষ্টিকৰ্তা আৰু ইয়াক অগ্নিৰ উত্তাপ আৰু জেউতিৰে অজ্ঞান অন্ধকাৰৰ পৰা মুক্ত কৰোতা মহামান্য প্ৰমিথিউছ।
প্ৰমিথিউছ— (বিষন্ন হাঁহি) এৰা।
হাৰ্কিউলিছ— কিন্তু, কিন্তু আপোনাৰ এনে অৱস্থা কেনেকৈ হ’ব পালে।
প্ৰমিথিউছ— কম হাৰ্কিউলিছ, তোমাক সকলো কথাই কম।

 [দুয়ো Freez হয়। flesh back. পোহৰ লাহে লাহে কমি মঞ্চ আন্ধাৰ হয়। হাৰ্কিউলিছৰ প্ৰস্থান। ঈগলৰ প্ৰস্থান। প্ৰমিথিউছে ১নং আৰু ২নংৰ মাজত back screen ৰ পিনে আঠু কাঢ়ি থাকে। low voiceত [  ] background music. নেপথ্যত নাৰীকণ্ঠ— সৃষ্টিৰ আদিম পুৱা (তেজৰে কমলাপতিৰ সুৰ) বিশ্ব তেতিয়াওঁ নিৰ্জনতাৰ মাজত। কেউপিনে বিৰাজ কৰিছে নিঃ ছিদ্ৰ গভীৰ আন্ধাৰে। মহাকাল কৈছে]

মহাকাল— (নেপথ্যত) Let there be light.
[লগে লগে পোহৰৰ ডাঙৰ বৃত্ত এটা পিছফালৰ স্ক্ৰীনত পৰে।]
প্ৰমিথিউছ— প্ৰভু।
মহাকাল— মই পৃথিবী সৃষ্টি কৰিলোঁ।
প্ৰমিথিউছ— হয় প্ৰভু।
মহাকাল— মই পৃথিবীত বাস কৰাৰ বাবে জীৱ জন্তু চৰাই চিৰিকতি, কীট-পতংগ, গছ-গছনি আদিৰ সৃষ্টি কৰিলোঁ। তুমি সৃষ্টি কৰা সৰ্বাংগসুন্দৰ জীৱ শ্ৰেষ্ঠ মানুহ।
প্ৰমিথিউছ— কিন্তু মই এই জটিল কাম কৰিব পাৰিমনে প্ৰভু।
মহাকাল— তুমি পাৰিবই লাগিব প্ৰমিথিউছ।

[Spot লাহে লাহে Dim হয় flood light জ্বলি উঠে।]

প্ৰমিথিউছ— (দৰ্শকৰফালে ঘূৰি) এৰা, মই সৃষ্টি কৰিম সেই সৰ্বাংগসুন্দৰ মানুহ, যি হ’ব জিউছৰ দৰে শক্তিমান, এথেনাৰ দৰে জ্ঞানী আৰু ভেনাছৰ দৰে সুন্দৰ। অজ্ঞানতাৰ অন্ধকাৰৰ মাজৰ পৰা [  ] মানুহে বিকাশ লাভ কৰিব আগুৱাই যাব সভ্যতাৰ এক অত্যুচ্চ শিখৰলৈ। এই মানুহ এদিন জ্ঞান-বিজ্ঞান আৰু শৌৰ্য্য-বীৰ্য্যত দেবতাৰ সমকম হ’ব। আৰু তেতিয়াই মোৰ সাধনাই সফলতা লাভ কৰিব। হে প্ৰভু, ইয়াকে কৰিবলৈ মোক শক্তি দিয়া।
[ওপৰলৈ হাতযোৰ কৰি freeze হয়। light কমি আহে। ২নং জিউছক fews কৰা হয়।]
জিউছ— আচৰিত! মোৰ সিংহাসন আজি কিয় কঁপি কঁপি উঠিছে? বুকুখন কিয় কঁপি উঠিছে? চকুৰে আজি যেন অস্পষ্ট দেখিছোঁ। দেৱ সমাজৰ মই অদ্বিতীয় শক্তিমান সম্ৰাট, স্বৰ্গ-মত্য-পাতালৰ গৰাকী। মোৰ আদেশত বতাহ বলে, বৃষ্টিপাত হয়, বজ্ৰই গৰ্জি উঠে। তথাপি আজি যেন ভয় লাগিছে। [চিঞৰি] এথেনা।
এথেনা— পিতা। [প্ৰৱেশ]
জিউছ— মোৰ সিংহাসন আজি কিয় কঁপি উঠিছে। চাৰিওপিনে মই এক ভয়ংকৰ বিপদৰ যেন আগজাননী পাইছোঁ।
এথেনা— আজি মানুহৰ জন্ম হৈছে পিতা।
জিউছ— মানুহ!!
এথেনা— হয় পিতা। মহাকালৰ অপূৰ্ব সৃষ্টি এই মানুহ। মহাকালৰ নিৰ্দেশত মহাজ্ঞানী টাইটান প্ৰমিথিউছে মানুহ সৃষ্টি কৰিছে। বল-বুদ্ধি, শৌৰ্য্য-বীৰ্য্য, জ্ঞান [  ] গৰিমাত মানুহ হব দেবতাৰ সমকক্ষ।
জিউছ— দেবতাৰ সমকক্ষ! ইযে এক ভয়ংকৰ কথা।
এথেনা— ভয়ংকৰ কথা?
জিউছ— নিশ্চয়। মৰ্ত্যৰ সামন্য মানুহে স্বৰ্গৰ সিংহাসন অধিকাৰ কৰিব, দেবসম্ৰাট জিউছক প্ৰত্যাহ্বান জনাব বতাহ-বৰষুণ, মাটি-পানী সকলোৰে অধিকাৰী হৈ স্বৰ্গৰ পৰা দেবতা সকলক বিতাৰিত কৰিব— ই কেতিয়াও হ’ব নোৱাৰে।
এথেনা— পিতা। আপুনি তেনেকৈ কিয় ভাবিছে? মানুহ হ’ব বিশ্বৰ অপূৰ্ব সৃষ্টি। সিহতে সভ্যতাৰ পথত অগ্ৰসৰ হ’ব। বিশ্বৰ সবত্ৰ দেবমন্দিৰ সাজি দেবতাৰ পূজা কৰিব, দেবসমাজৰ গুণ-গৰিমা প্ৰচাৰ কৰিব।
জিউছ— তই বুজা নাই এথেনা। বাৰু সকলো জ্ঞানৰ মূল কি? অগ্নি নহয় জানো?
এথেনা— হয়।
জিউছ— শুন এথেনা। এই স্বৰ্গীয় অগ্নিক লোকচকুৰ আতৰ কৰ। ইয়াক লুকুৱাই থ স্বৰ্গৰ এক গোপনতম কক্ষত। চাবি যাতে এই অগ্নি কোনো পধ্যেই মানুহৰ হাতত নপৰে। অন্ধকাৰৰ মাজত মহাকালৰ অপূৰ্ব সৃষ্টিয়ে ককবকাই ফুৰক। হাঃ হাঃ
এথেনা— কিন্তু।
জিউছ— কোনো কিন্তু নাই। মোৰ কথামতে কাম কৰ।
[  ]
এথেনা— সেয়ে হ’ব পিতা। কিন্তু মনত ৰাখিব মহাকালৰ ইচ্ছাক কোনেও ৰুদ্ধ কৰিব নোৱাৰে। সকলো ধৰণৰ বাধাৰ প্ৰাচীৰ ভাঙি শ্ৰেষ্ট জীৱ মানুহে বিশ্বৰ সমগ্ৰ সৃষ্টিৰ মাজত মূৰ্তিমান হৈ জিলিকি উঠিবই।
[প্ৰস্থান]
জিউছ— [অট্টহাসি) হাঃ হাঃ .........
[পোহৰ কমি আহে। ৪নং ত মানুহক ফকাচ কৰা হয়। মানুহজনে মজিয়াত লাহে লাহে সাতুৰি থাকিব আৰু উস্ আস শব্দ কৰি থাকিব]
প্ৰমিথিউছ— [প্ৰৱেশ কৰি] কোন? কোন তুমি? ইমান আন্ধাৰৰ মাজত?
মানুহ— মই। মই মা-নু-হ।
প্ৰমিথিউছ— মানুহ!?
মানুহ— হয় প্ৰভু। অপোনাৰেই সৃষ্টি মানুহ।
প্ৰমিথিউছ— কিন্তু তুমি ইমান অন্ধকাৰৰ মাজত কিয়?
মানুহ— জীৱশ্ৰেষ্ঠ হৈয়ো, মানুহ আজি আন পশুতকৈ কোনো গুণেই শ্ৰেষ্ঠ নহয় প্ৰভু। জ্ঞানৰ পোহৰ আৰু অগ্নিৰ উত্তাপৰ অভাবত মানুহ আজি সৃষ্টিৰ আদিম অৱস্থাতেই স্তব্ধ হৈ আছে। মানুহৰ জাগ্ৰত মস্তিত্ব আজি স্তব্ধ। প্লুটোৰ নৰকৰ অন্ধকাৰৰ মাজত আমি কক্‌বকাই ফুৰিছোঁ। ইয়াৰ পৰা আমাক মুক্তি দিয়া প্ৰভু।
[  ]
প্ৰমিথিউছ— মই বুজিছোঁ হে মোৰ মানসপুত্ৰ। সূৰ্য্যদেৱতাৰ পৰা অনা অগ্নিৰ পোহৰ আৰু উত্তাপ অবিহনে তোমাৰ মুক্তি নাই। যোৱা মোৰ মানসপুত্ৰ অচিৰেই লাভ কৰিবা সূৰ্য্যদেবতাৰ অনুগ্ৰহ। [মানুহৰ প্ৰস্থান] কিন্তু ইযে এক বিপদসংকুল যাত্ৰা। স্বৰ্গৰ এক গোপনতম কক্ষত সূৰ্য্যৰ অগ্নি বিৰাজমান। মোৰ মানসপুত্ৰৰ বিকাশৰ বাবে যিকোনো উপায়ে সেই অগ্নি মই আনিবই লাগিব।
[পিছৰপৰা হাঠৎ পলাচ এথেনাৰ প্ৰবেশ]
এথেনা— মহামান্য প্ৰমিথিউছ।
প্ৰমিথিউছ— [চক্ খাই] কোন? কোন তুমি?
এথেনা— মই পলাচ এথেনা।
প্ৰমিথিউছ— পলাচ এথেনা? জ্ঞানৰ দেবী পলাচ এথেনা?!
এথেনা— হয় মহামান্য প্ৰমিথিউছ। আপোনাৰ সংঘাটৰ কথা মই জানিব পাৰিছোঁ। বিশ্বৰ অপূৰ্ব সৃষ্টি মানুহৰ বিকাশৰ বাবে আজি অগ্নিৰ পোহৰ আৰু উত্তাপৰ প্ৰয়োজন। কিন্তু মহামান্য প্ৰমিথিউছ। আগ্নিযে স্বৰ্গৰ অতি গোপনতম কক্ষত সংৰক্ষিত। আপুনি জিউছৰ তীক্ষ্ণ দৃষ্টিৰ পৰা অগ্নি কেনেকৈ আনিব?
প্ৰমিথিউছ— এৰা দেৱী, ময়ো জানো, অগ্নি আজি অতি সুৰক্ষিত। কিন্তু বহুযুগ আগতে জন্ম লাভ কৰিও মোৰ পুত্ৰ মানুহ আজি সৃষ্টিৰ আদিম অৱস্থাতেই ৰৈ আছে। অন্ধকাৰৰ মাজত সিহঁতে খপজপাই [  ] ফুৰিছে আৰু অজ্ঞানতাই সিহতক আবৰি ৰাখিছে। জ্ঞানৰ দেৱী, তুমিয়েই কোৱাচোন, মোৰ পুত্ৰক মই জানো অগ্নিৰ পোহৰ আৰু উত্তাপৰ পৰা বঞ্চিত কৰি ৰখাৰ অধিকাৰ আছে?
এথেনা— আপুনি ঠিকেই কৈছে মহামান্য প্ৰমিথিউউছ। জ্ঞানৰ দেৱী হিচাপে ময়ো জ্ঞানৰ বিস্তাৰ হোৱাটোকে কামনা কৰোঁ। ময়ো বিচাৰো মানুহ সকলো জ্ঞানৰ অধিকাৰী হওঁক, আৰু বিকাশমুখী মানৱ সভ্যতাৰ প্ৰতিভূ হৈ সৃষ্টিক বিনন্দীয়া ৰূপ দিয়ক। কিন্তু দেৱৰাজ জিউছ ইয়াৰ ঘোৰ বিৰোধী।
প্ৰমিথিউছ— ইয়াৰ কাৰণ কি দেৱী। এই মানুহেই জানো দেৱৰাজকো পূজা নকৰিব? দেবমন্দিৰত জিউছৰ মূৰ্তি জানো প্ৰতিষ্ঠা নকৰিব? জ্ঞান গৰিমাৰে সমুজ্জল হৈ মানুহে নিশ্চয় দেৱ-দেৱী সকলকো সমানৰ উচ্চ-স্তৰলৈ তুলি দিব। তেন্তে দেৱৰাজ জিউছৰ আপত্তিৰ কাৰণ কি?
এথেনা— দেৱৰাজ জিউছৰ ক্ষমতালৈ বৰ লোভ মহামান্য প্ৰমিথিউছ। তেওঁ ভাবিছে মানুহে জ্ঞান-বিজ্ঞান, শৌৰ্য্য-বীৰ্য্য আদি সকলোতে এদিন হয়তো দেবতাক অতিক্ৰম কৰিব। তেতিয়া হয়তো দেব সম্ৰাটৰ দৃঢ় সিংহাসনো থৰ থৰকৈ কঁপি উঠিব। আৰু জিউছৰ যুগ যুগ ধৰি দেৱ সম্ৰাটহৈ থকাৰ কামনা জানো [ ১০ ] তেতিয়া জানো চূড়মাৰ হৈ নাযাব?
প্ৰমিথিউছ— দেৱী, মহাকালৰ যদি সেয়ে ইচ্ছা তাক কোনেও ৰোধ কৰিব নোৱাৰে। অমৰ টাইচীন সকলোতো দেবতাৰ সমকক্ষ। কিন্তু সেইসকলক নিজৰ সিংহাসন নিষ্কণ্টক কৰিবলৈ জিউছে মৰ্ত্যৰ এক অন্ধকাৰ চুকলৈ বিতাৰিত কৰিলে। ইয়ো মহাকালৰেই ইচ্ছা নহয় জানো? কিন্তু মই মোৰ মানব সন্তানৰ বিকাশৰ বাবে জিউছৰ বিৰুদ্ধে যাবলৈ বাধ্য। যিকোনো উপায়ে মই স্বৰ্গৰ অগ্নিস্ফুংলিংগ এটি মৰ্ত্যৰ মানুহৰ হাতত সংপৰ্শ কৰিবই লাগিব। তাৰ বাবে দেৱৰাজ জিউছৰ যিকোনো শাস্তি মই গ্ৰহণ কৰিবলৈ সাজু।
এথেনা— আহক মহামন্য প্ৰমিথিউছ। মই আপোনাক দেখুৱাই দিম সেই গোপনতম কক্ষ যত প্ৰজ্জ্বলিত হৈ আছে অগ্নি। কিন্তু তালৈ আপুনি অকলেই যাব লাগিব।
প্ৰমিথিউছ— কোনো কথা নাই দেবী। মানুহৰ মংগলৰ বাবে আজি মই প্লুটোৰ নৰকলৈ যাবলৈ সাজু আছোঁ ব’ল।
[দুয়োৰে প্ৰস্থান। মঞ্চ এন্ধাৰ হয়। Suspense music পিছৰ Screen ত ৰঙা বৃত্তাকাৰ পোহৰ পৰে। হাতত জোৰলৈ সন্তৰ্পনে প্ৰমিথিউছক আগবাঢ়ি অহা দেখা যায়। মুখত focus লাহে লাহে জোৰডাল [ ১১ ] ৰঙা বৃত্তটোতলগাই দিয়ে। জোৰডাল জ্বলি উঠে। (জোৰ তৈয়াৰ কৰা পৰিকল্পনা পৰিচালকৰ। শক্তিশালী টৰ্চত ৰঙা কাগজ বান্ধি ইয়াক তৈয়াৰ কৰিব পাৰি।) দ্ৰুতবেগেৰে প্ৰমিথিউছৰ প্ৰস্থান। ২নংত আগৰদৰে মানুহক কক্‌বকাই থকা দেখা যায়। উস্ আস্ শব্দ কৰি থাকে।]
প্ৰমিথিউছ— [নেপথ্যত] হে মোৰ মানসপুত্ৰ মানুহ, তুমি ক’ত।
মানুহ— মই ইয়াত প্ৰভু, নিৰন্ধ্ৰ অন্ধকাৰৰ মাজত।
প্ৰমিথিউছ— [প্ৰৱেশ] তুমি আৰু অন্ধকাৰৰ মাজত থাকিব নালাগে হে মানব। তোমাৰ বাবে আজি মই আনিছোঁ সূৰ্য্যদেবতাৰ অগ্নিস্ফুংলিংগ।
মানুহ— অগ্নিস্ফুলিংগ। ক’ত? ক’ত? দিয়া প্ৰভু। এই নিৰন্ধ্ৰ অসীম অন্ধকাৰ আৰু যে অসহ্য।
প্ৰমিথিউছ— লোৱা পুত্ৰ [জোৰডাল দিয়ে flood light মানুহে লাহে লাহে উঠি থিয় হয়] সচাকৈয়ে আজি মই অসীম আনন্দ অনুভব কৰিছোঁ। মোৰ পুত্ৰই আজি জ্ঞানৰ প্ৰসস্ত বাটৰ সন্ধান পাইছে। এই পথেৰে আগুৱাই মানুহে নিশ্চয় এদিন অমৃতৰ সন্ধান লাভ কৰিব।
এথেনা— [প্ৰৱেশ] ময়ো তাকেই বিচাৰো মহামান্য প্ৰমিথিউছ। স্বৰ্গ, মৰ্ত্য, পাতাল সকলোতে জ্ঞানৰ বিস্তাৰ হওঁক। দেবতাৰ পৰা মানবলৈ সকলোৱে মোৰ হাতৰ শীতল [ ১২ ] পৰশ লাভ কৰক। বিশ্বৰ প্ৰতিটো চুকৰ পৰা অজ্ঞানতাৰ ক’লা এন্ধাৰ আঁতৰি জ্ঞানৰ উজ্জ্বল পোহৰেৰে দীপ্তিমান হৈ উঠক।
মানুহ— প্ৰণাম দেৱী, আপোনাৰ ইচ্ছা যেন ফলবতী কৰিব পাৰোঁ।
এথেনা— নিশ্চয় পাৰিবা মানবপুত্ৰ। মহামান্য প্ৰমিথিউছে তোমালোকক অগ্নিৰ উত্তাপ আৰু পোহৰৰ ব্যৱহাৰৰ বিষয়ে তোমালোকক বিস্তৃত শিক্ষা দিব। এই শিক্ষাৰ জৰিয়তে তোমালোকে সভ্যতাৰ বিকাশ ঘটোৱা, দেবতাসকলৰ প্ৰতি কৃতজ্ঞ হৈ উন্নতিৰ পথত অগ্ৰসৰ হোৱা। মহামান্য প্ৰমিথিউছ, এতিয়া বিদায়হে। [প্ৰস্থান]
প্ৰমিথিউছ— দেৱতাসবৰ মাজত তুমিয়েই জিউছৰ বিৰুদ্ধে গৈ মোক সহায় কৰিবলৈ সাহস কৰিছা। যোৱা দেৱী তোমাৰ সাহসতেই সাহসীহৈ ময়ো মোৰ কৰ্ত্তব্যত আগবাঢ়ি যাম। আহা মানবপুত্ৰ, অগ্নিৰ উত্তাপ আৰু পোহৰৰ ব্যৱহাৰৰ বিষয়ে তোমাক সম্যক ধাৰণা প্ৰদান কৰোঁ।
[মঞ্চ লাহে লাহে আন্ধাৰ হয়। Low voic ত background Music. Spot ৰে মানুহ আৰু প্ৰমিজিউছক focus কৰা হয়। মৌন অভিনয়েৰে প্ৰমিথিউছে মানুহক জুইৰ বিভিন্ন ব্যৱহাৰৰ বিষয়ে [ ১৩ ] শিক্ষা দিয়ে। পৰিকল্পনা পৰিচালকৰ।] এইখিনি হোৱাৰ পিছত মঞ্চ সম্পূৰ্ণ আন্ধাৰ হয়। ৪নংত জিউছক focus কৰা হয়]
নেপথ্য ণ্ঠক: (স্বৰ্গৰ প্ৰহৰীসকল, শুনা, শুনা। মহাশক্তিবান টাইটান প্ৰমিথিউছে স্বৰ্গৰ গুপ্ত সংবাদ অগ্নি অপহৰণ কৰিছে। সাবধান, সাবধান) (দুবাৰ)
জিউছ— কি! স্বৰ্গৰ অগ্নি প্ৰমিথিউছে অপহৰণ কৰিলে? সৰ্বনাশ (অস্থিৰভাবে ঘূৰি ফুৰে) ইযে এক ভয়ংকৰ ঘটনা। প্ৰমিথিউছে এই অগ্নি নিশ্চয় মানুহকেই প্ৰদান কৰিব। অগ্নিৰ উত্তাপ আৰু পোহৰৰ জৰিয়তে মানুহে সভ্যতাৰ পাতনি মেলিব। সভ্যতাৰ উচ্চ শিখৰত উঠি মানুহে স্বৰ্গলৈও হাত মেলিব। তেতিয়া? তেতিয়া মোৰ সিংহাসন থৰ থৰকৈ কঁপি উঠিব। ভূমিকম্পত পৰ্বতৰ শিল চিটিকি পৰাৰ দৰে ময়ো সিংহাসনৰপৰা চিটিকি পৰিম। দেৱ সম্ৰাটৰ সলনি মানব সম্ৰাট সিংহাসনত উপবিষ্ঠ হব। নাই, নাই। এয়া কেতিয়াও হ’ব নোৱাৰে। অগ্নি অপহৰণকাৰী টাইটান প্ৰমিথিউছক মই ভয়ংকৰ শাস্তি দিম, যি শাস্তি দেখি স্বৰ্গৰ প্ৰতিজন দেৱতাৰ মত্যৰ প্ৰতিজন মানুহৰ প্ৰতিজন টাইটানৰ বুকু কঁপি উঠে। সিহঁতে কেতিয়াও যেন মোৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নকৰে।
[ ১৪ ]
 প্ৰমিথিউছক লোৰ শিকলিৰে বান্ধি থম ভয়ংকৰ স্কাইথিয়া পৰ্বতৰ অত্যুচ্চ শৃংগত যাতে বিশ্বৰ সকলোৰে এই শাস্তি দৃষ্টিগোচৰ হয়। সূৰ্য্যোদয়ৰ পৰা সূৰ্যাস্তলৈ যকৃৎটো কুটি কুটি খাব এটি ঈগল চৰায়ে। অসহ্য যন্ত্ৰণাত প্ৰমিথিউছে চিঞৰি উঠিব। ৰাতিৰ ভিতৰতে পুনৰ প্ৰমিথিউছে সুস্থহৈ উঠিব। সূৰ্য্যোদয়ৰপৰা পুণৰ আৰম্ভ হ’ব সেই একেই শাস্তি আৰু যন্ত্ৰণা। এই গাৰ নোম শিয়ৰি উঠা ভয়ানক শাস্তি চলি থাকিব দিনৰ পিছত দিন, মাহৰ পিছত মাহ, আৰু বছৰৰ পিছত বছৰ। হাঃ হাঃ হাঃ ---
প্ৰহৰী। [প্ৰস্থান]

[১ম দৃশ্যৰদৰে দেখা যায়। ঈগল মাটিত পৰি থাকে।]

প্ৰমিথিউছ— এইখিনিয়ে মোৰ কবলগীয়া হাৰ্কিউলিছ। সেই দিনাৰ পৰাই আজিলৈকে মই এই ভয়ংকৰ যন্ত্ৰণা ভোগ কৰি আছোঁ। তথাপি জিউছৰ ওচৰত মই হাৰ মনা নাই। মই জানো, মোৰ মানব পুত্ৰৰ কোনোবা বংশধৰে নিশ্চয় ইয়াৰ প্ৰতিকাৰ কৰিব। মোৰ এই আশা আজি ফলবতী হ’ল তুমি মোক এই নাৰকীয় যন্ত্ৰনাৰ পৰা মুক্তি দিলা।
হাৰ্কিউলিছ— এই প্ৰশংসা পোৱাৰ যোগ্য মই নহওঁ। মহা[ ১৫ ] মান্য প্ৰমিথিউছ। মই কেবল মই মোৰ কৰ্তব্যহে কৰিছোঁ। অৱশ্যে মই এটা কথা ভাবি আনন্দ পাইছোঁ যে, মোৰ পুৰ্বপুৰুষসকলৰ আপোনাৰ ওচৰত থকা ঋণ সামান্য হলেও পৰিশোধ কৰিব পাৰিছোঁ।
প্ৰমিথিউছ— সেয়া ঋণ নহয় হাৰ্কিউলিছ, সেয়া মোৰ কৰ্তব্য মোৰ নিজৰ পুত্ৰৰ বাবে এইখিনি কাম মই কৰিবই লাগিব। সৰ্বসাধাৰণৰ বাবে কৰা কোনো কামে যেতিয়া শক্তিমানৰ স্বাৰ্থত আঘাত কৰে বা আঘাত কৰাৰ উপক্ৰম হয়, তেতিয়াই নামি আহে শক্তিমানৰ শক্তিদস্ত। কিন্তু এই শক্তিয়ে যেতিয়া নিৰ্দিষ্ট সীমা অতিক্ৰম কৰে তেতিয়াই সৃষ্টি হয় ভয়ংকৰ বিপ্লবৰ।

[প্ৰচণ্ড শব্দেৰে ভোৰতাল বাজি উঠে]

হাৰ্কিউলিছ— এয়া, এয়া কিহৰ শব্দ?
প্ৰমিথিউছ— স্বৰ্গত দেবদুন্দুভি বাজিছে।
হাৰ্কিউলিছ— দেবদুন্দুভি? স্বৰ্গৰ ৰণবাদ্য আজি আকৌ কিয় বাজিছে। কিবা ৰণৰ সূচনা নেকি?
প্ৰমিথিউছ— কোনো মহাৰণৰ সুচনা নহয় হাৰ্কিউলিছ। তুমি যে মোক এই ভয়ংকৰ শাস্তিৰ পৰা মোক মুক্তি দিলা মহাশক্তিমান জিউছে নিশ্চয় নজনাকৈ থকা নাই। তাৰ বাবেই হয়তো ৰণবাদ্য [ ১৬ ] বাজিছে। অচিৰেই জিউছ ইয়াত উপস্থিত হব। তেতিয়া হয়তো মোক ইয়াতকৈ ভয়ংকৰ শাস্তি দিব আৰু তোমাক নিক্ষেপ কৰিব অন্ধকাৰ ৰসাতললৈ
জিউছ— [কৈ কৈ সোমাই আহে] কাৰ? কাৰ ইমান সাহস মোৰ ঈগলক হত্যা কৰে, মই প্ৰদান কৰা ভয়ংকৰ শাস্তিৰ পৰা প্ৰমিথিউছক মুক্ত কৰে। [প্ৰবেস, হাৰ্কিউলিছৰ পিনে] কোন তই, মানৱ যেন দেখিছোঁ। মোৰ কাৰ্যত দেবৰাজৰ কাৰ্যত প্ৰতিবাদ কৰিবলৈ তোৰ ইমান সাহস।
 ইয়াৰ বাবে তই কি ভয়ানক শাস্তি ভোগ কৰিব লাগিব সেই কথা বোধয় এবাৰো ভাবি কোৱা নাছিলি, নহয়।
প্ৰমিথিউছ— ক্ষান্ত হোৱা দেবৰাজ এয়া সাধাৰণ মানব সভা নহয়, তোমাৰেই পুত্ৰ হাৰ্কিউলিছ।
জিউছ— হাৰ্কিউলিছ [আগবাঢ়ি যায়] পুত্ৰ মোৰ [হাৰ্কিউলিছক সাবটি ধৰে]
হাৰ্কিউলিছ— প্ৰণাম গ্ৰহণ কৰক পিতা। [জিউছক প্ৰণাম কৰে] মানৱদৰদী প্ৰমিথিউছক এনেদৰে ভয়ংকৰ শাস্তুি প্ৰদান কৰাৰ কাৰণ জানিব পাৰোনে পিতা?
জিউছ— স্বৰ্গৰ সংৰক্ষিত অগ্নি মানৱক প্ৰদান কৰি প্ৰমিথিউছে [ ১৭ ] ভয়ংকৰ অপৰাধ কৰিছে।
প্ৰমিথিউছ— কিন্তু জিউছ আচল কাৰণ নিশ্চয় বেলেগ।
জিউছ— এৰা, আৰু এক ভয়ংকৰ অপৰাধ আছে প্ৰমিথিউছৰ [উচ্চ স্বৰেৰে] মোৰ মৃত্যুবাণ আজি প্ৰমিথিউছৰ হাতত। যি নাৰীৰ গৰ্ভত পিতৃহন্তা মোৰ পুত্ৰৰ জন্ম হ’ব সেই নাৰীৰ কথা জানিও মোক প্ৰমথিউছে কোৱা নাই।
প্ৰমিথিউছ— কিন্তু, তুমি জানো মোক সুধিছিলা বন্ধু! [জিউছ নিমাত। তলমূৰ হয়] জানো মোক সুধিলে তুমি হয়তো অহংকাৰী পথৰপৰা বিচলিত হ’বা। হয়তো-
জিউছ— আৰু নকবা বন্ধু, মোৰ ভুল হৈছে। কোৱা সেই নাৰী কোন?
প্ৰমিথিউছ— থেৰ্টিছ। সেই নাৰীৰ নাম থেৰ্টিছ।
জিউছ— থেৰ্টিছ। ঠিক আছে মই সাবধান হ’ম।
হাৰ্কিউলিছ— মহামান্য প্ৰমিথিউছক আপোনাৰ শাস্তিৰ পৰা ৰেহাই নিদিয়ে নে?
জিউছ— নিশ্চয় দিম পুত্ৰ। [প্ৰমিথিছৰ হাতত ধৰি] আজিৰপৰা সকলো শাস্তিৰ পৰা তুমি মুক্ত। এৰা মোৰেই ভুল।

[এথেনাৰ প্ৰৱেশ]

এথেনা— এৰা আপোনাৰেই ভুল পিতা। অগ্নিৰ আভা আৰু [ ১৮ ] উত্তাপেৰে আলোকিত আৰু উত্তাপিত হৈ মানুহ আজি দেৱতাৰ সমকক্ষ হোৱাৰ পথত উপনিত হৈছে। কিন্তু তেওঁলোকে স্বৰ্গৰ সিংহাসন বিচৰা নাই। সৃষ্টিশীল কৃষ্টিৰ দেৱতাৰ মহত্ত্বহে প্ৰচাৰ কৰিছে।
প্ৰমিথিউছ— তুমি ঠিকেই কৈছা এথেনা। লোভ মোহৰ আবৃত এই দেবসমাজে−
−আহা ভূমাস্পৰ্শী মানবৰ দৃষ্টিৰে পুনৰ দৃষ্টি পাত কৰোঁ সেই জ্ঞানদায়িনী জ্যোতিলৈ।
[চাৰিওজনে দৰ্শকৰ পিনে পিঠি দি থিয় হয়।]
সমুখৰ screen ত ৰঙা পোহৰৰ বৃত্ত। নেপথ্যত ধ্বনিত হয়−

“ওম্ অসতো মা সদ্‌গময়ং,
তমসো মা জোতিৰ্গময়ং,
মৃত্যোৰ্মা অমৃতং গময়ং,
ওম্ শান্তি শান্তি শান্তি॥”

(আঁৰ কাপোৰ)

 

[ ১৯ ]
 

শঙ্কৰ হোটেল এণ্ড ৰেষ্টুৰেণ্ট
পাঠশালা (কলেজ ৰোড)
ইয়াত উৎকৃষ্ট ধৰণৰ চাহ মিঠাইৰ লগতে ভাত, মাংস, মাছ পোৱা যায়।

 



প্ৰকাশক− শ্ৰী সুৰেশ বৰুৱা
পোঃ− বামাখাটা
জিলা- বৰপেটা (অসম)
প্ৰথম প্ৰকাশ- চেপ্তেম্বৰ ১৯৮৮ ছন।

 

এই লেখনীটো ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্ত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।