পৃষ্ঠা:Pohar Anota.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোহৰ অনোতা/১৬

বাজিছে। অচিৰেই জিউছ ইয়াত উপস্থিত হব। তেতিয়া হয়তো মোক ইয়াতকৈ ভয়ংকৰ শাস্তি দিব আৰু তোমাক নিক্ষেপ কৰিব অন্ধকাৰ ৰসাতললৈ

জিউছ— [কৈ কৈ সোমাই আহে] কাৰ? কাৰ ইমান সাহস মোৰ ঈগলক হত্যা কৰে, মই প্ৰদান কৰা ভয়ংকৰ শাস্তিৰ পৰা প্ৰমিথিউছক মুক্ত কৰে। [প্ৰবেস, হাৰ্কিউলিছৰ পিনে] কোন তই, মানৱ যেন দেখিছোঁ। মোৰ কাৰ্যত দেবৰাজৰ কাৰ্যত প্ৰতিবাদ কৰিবলৈ তোৰ ইমান সাহস।
 ইয়াৰ বাবে তই কি ভয়ানক শাস্তি ভোগ কৰিব লাগিব সেই কথা বোধয় এবাৰো ভাবি কোৱা নাছিলি, নহয়।
প্ৰমিথিউছ— ক্ষান্ত হোৱা দেবৰাজ এয়া সাধাৰণ মানব সভা নহয়, তোমাৰেই পুত্ৰ হাৰ্কিউলিছ।
জিউছ— হাৰ্কিউলিছ [আগবাঢ়ি যায়] পুত্ৰ মোৰ [হাৰ্কিউলিছক সাবটি ধৰে]
হাৰ্কিউলিছ— প্ৰণাম গ্ৰহণ কৰক পিতা। [জিউছক প্ৰণাম কৰে] মানৱদৰদী প্ৰমিথিউছক এনেদৰে ভয়ংকৰ শাস্তুি প্ৰদান কৰাৰ কাৰণ জানিব পাৰোনে পিতা?
জিউছ— স্বৰ্গৰ সংৰক্ষিত অগ্নি মানৱক প্ৰদান কৰি প্ৰমিথিউছে