পৃষ্ঠা:Pohar Anota.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোহৰ আনোতা/৪

background music. নেপথ্যত নাৰীকণ্ঠ— সৃষ্টিৰ আদিম পুৱা (তেজৰে কমলাপতিৰ সুৰ) বিশ্ব তেতিয়াওঁ নিৰ্জনতাৰ মাজত। কেউপিনে বিৰাজ কৰিছে নিঃ ছিদ্ৰ গভীৰ আন্ধাৰে। মহাকাল কৈছে]

মহাকাল— (নেপথ্যত) Let there be light.
[লগে লগে পোহৰৰ ডাঙৰ বৃত্ত এটা পিছফালৰ স্ক্ৰীনত পৰে।]
প্ৰমিথিউছ— প্ৰভু।
মহাকাল— মই পৃথিবী সৃষ্টি কৰিলোঁ।
প্ৰমিথিউছ— হয় প্ৰভু।
মহাকাল— মই পৃথিবীত বাস কৰাৰ বাবে জীৱ জন্তু চৰাই চিৰিকতি, কীট-পতংগ, গছ-গছনি আদিৰ সৃষ্টি কৰিলোঁ। তুমি সৃষ্টি কৰা সৰ্বাংগসুন্দৰ জীৱ শ্ৰেষ্ঠ মানুহ।
প্ৰমিথিউছ— কিন্তু মই এই জটিল কাম কৰিব পাৰিমনে প্ৰভু।
মহাকাল— তুমি পাৰিবই লাগিব প্ৰমিথিউছ।

[Spot লাহে লাহে Dim হয় flood light জ্বলি উঠে।]

প্ৰমিথিউছ— (দৰ্শকৰফালে ঘূৰি) এৰা, মই সৃষ্টি কৰিম সেই সৰ্বাংগসুন্দৰ মানুহ, যি হ’ব জিউছৰ দৰে শক্তিমান, এথেনাৰ দৰে জ্ঞানী আৰু ভেনাছৰ দৰে সুন্দৰ। অজ্ঞানতাৰ অন্ধকাৰৰ মাজৰ পৰা