পৃষ্ঠা:Pohar Anota.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোহৰ আনোতা/১৮

উত্তাপেৰে আলোকিত আৰু উত্তাপিত হৈ মানুহ আজি দেৱতাৰ সমকক্ষ হোৱাৰ পথত উপনিত হৈছে। কিন্তু তেওঁলোকে স্বৰ্গৰ সিংহাসন বিচৰা নাই। সৃষ্টিশীল কৃষ্টিৰ দেৱতাৰ মহত্ত্বহে প্ৰচাৰ কৰিছে।

প্ৰমিথিউছ— তুমি ঠিকেই কৈছা এথেনা। লোভ মোহৰ আবৃত এই দেবসমাজে−
−আহা ভূমাস্পৰ্শী মানবৰ দৃষ্টিৰে পুনৰ দৃষ্টি পাত কৰোঁ সেই জ্ঞানদায়িনী জ্যোতিলৈ।
[চাৰিওজনে দৰ্শকৰ পিনে পিঠি দি থিয় হয়।]
সমুখৰ screen ত ৰঙা পোহৰৰ বৃত্ত। নেপথ্যত ধ্বনিত হয়−

“ওম্ অসতো মা সদ্‌গময়ং,
তমসো মা জোতিৰ্গময়ং,
মৃত্যোৰ্মা অমৃতং গময়ং,
ওম্ শান্তি শান্তি শান্তি॥”

(আঁৰ কাপোৰ)