পোহৰ আনোতা/১৫
|
মান্য প্ৰমিথিউছ। মই কেবল মই মোৰ কৰ্তব্যহে কৰিছোঁ। অৱশ্যে মই এটা কথা ভাবি আনন্দ পাইছোঁ যে, মোৰ পুৰ্বপুৰুষসকলৰ আপোনাৰ ওচৰত থকা ঋণ সামান্য হলেও পৰিশোধ কৰিব পাৰিছোঁ।
|
প্ৰমিথিউছ—
|
সেয়া ঋণ নহয় হাৰ্কিউলিছ, সেয়া মোৰ কৰ্তব্য মোৰ নিজৰ পুত্ৰৰ বাবে এইখিনি কাম মই কৰিবই লাগিব। সৰ্বসাধাৰণৰ বাবে কৰা কোনো কামে যেতিয়া শক্তিমানৰ স্বাৰ্থত আঘাত কৰে বা আঘাত কৰাৰ উপক্ৰম হয়, তেতিয়াই নামি আহে শক্তিমানৰ শক্তিদস্ত। কিন্তু এই শক্তিয়ে যেতিয়া নিৰ্দিষ্ট সীমা অতিক্ৰম কৰে তেতিয়াই সৃষ্টি হয় ভয়ংকৰ বিপ্লবৰ।
|
[প্ৰচণ্ড শব্দেৰে ভোৰতাল বাজি উঠে]
হাৰ্কিউলিছ—
|
এয়া, এয়া কিহৰ শব্দ?
|
প্ৰমিথিউছ—
|
স্বৰ্গত দেবদুন্দুভি বাজিছে।
|
হাৰ্কিউলিছ—
|
দেবদুন্দুভি? স্বৰ্গৰ ৰণবাদ্য আজি আকৌ কিয় বাজিছে। কিবা ৰণৰ সূচনা নেকি?
|
প্ৰমিথিউছ—
|
কোনো মহাৰণৰ সুচনা নহয় হাৰ্কিউলিছ। তুমি যে মোক এই ভয়ংকৰ শাস্তিৰ পৰা মোক মুক্তি দিলা মহাশক্তিমান জিউছে নিশ্চয় নজনাকৈ থকা নাই। তাৰ বাবেই হয়তো ৰণবাদ্য
|