পৃষ্ঠা:Pohar Anota.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোহৰ আনোতা/২

ৰূপকথাৰ কাহিনীহে তথাপি ইয়াত এক সৰ্বকাল আবেদনময়ী সাৰ্বজনীনতা আছে। ঘুণেধৰা পুৰণি সমাজক ভাঙি নতুনৰ সৃষ্টিৰ প্ৰয়াস কৰা কালজয়ী শিল্পীসকল যুগে যুগে লাঞ্ছিত হৈ আহিছে। যীশুখৃষ্ট, মহম্মদ গেলিলিও, চক্ৰেটিছ আদি বাঞ্জাবিজয়ী বিপ্লবীসকলৰ কথা আপোনাসবে নিশ্চয় জানে। আমিও সেই সাৰ্বজনীনতাকেই প্ৰকাশ কৰিব খুজিছোঁ। এই নাটকৰ মাজেদি। নমস্কাৰ। [প্ৰস্থান]

 (পৰিচালকৰ বাহিৰে বাকীবোৰে এজন এজনকৈ আগেয়ে প্ৰস্থান কৰিব। পৰিচালকে প্ৰস্থান কৰাৰ লগে লগে বন্ধ মঞ্চৰ ভিতৰত প্ৰমিথিউছৰ তীব্ৰ যন্ত্ৰণাময় চিঞৰ শুনা যায়। মঞ্চ মুকলি হয়। ১নংত প্ৰমিথিউছক শিকলিৰে বান্ধি থোৱা অৱস্থাত ঈগলে অক্ৰমণ কৰি থাকে। প্ৰমিথিউছে চিঞৰি থাকে। কৰুণ music. প্ৰমিথিউছক ফ’কাচ কৰা light নুমাই ২নংত হাৰ্কিউলিছক ফ’কাচ কৰা হয়)

হাৰ্কিউলিছ— [সন্দেহযুক্ত দৃষ্টিৰে] কোন? কোনে ক’ত চিঞৰিছে? সন্মুখত এয়া দুৰ্গম স্কইথিয়া পৰ্বত। ইয়াত কোন থাকিব পাৰে। মানুহনে শাপভ্ৰষ্ট কোনো দেবতা? [পুনৰ চিঞৰ শুনা যায়] সেয়া, আকৌ চিঞৰিছে। কোন? কো-ও-ও-ন [ডাঙৰকৈ] [প্ৰমিথিউছক পুনৰ focus কৰা হয়