পৃষ্ঠা:Pohar Anota.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোহৰ আনোতা/১১

ৰঙা বৃত্তটোতলগাই দিয়ে। জোৰডাল জ্বলি উঠে। (জোৰ তৈয়াৰ কৰা পৰিকল্পনা পৰিচালকৰ। শক্তিশালী টৰ্চত ৰঙা কাগজ বান্ধি ইয়াক তৈয়াৰ কৰিব পাৰি।) দ্ৰুতবেগেৰে প্ৰমিথিউছৰ প্ৰস্থান। ২নংত আগৰদৰে মানুহক কক্‌বকাই থকা দেখা যায়। উস্ আস্ শব্দ কৰি থাকে।]

প্ৰমিথিউছ— [নেপথ্যত] হে মোৰ মানসপুত্ৰ মানুহ, তুমি ক’ত।
মানুহ— মই ইয়াত প্ৰভু, নিৰন্ধ্ৰ অন্ধকাৰৰ মাজত।
প্ৰমিথিউছ— [প্ৰৱেশ] তুমি আৰু অন্ধকাৰৰ মাজত থাকিব নালাগে হে মানব। তোমাৰ বাবে আজি মই আনিছোঁ সূৰ্য্যদেবতাৰ অগ্নিস্ফুংলিংগ।
মানুহ— অগ্নিস্ফুলিংগ। ক’ত? ক’ত? দিয়া প্ৰভু। এই নিৰন্ধ্ৰ অসীম অন্ধকাৰ আৰু যে অসহ্য।
প্ৰমিথিউছ— লোৱা পুত্ৰ [জোৰডাল দিয়ে flood light মানুহে লাহে লাহে উঠি থিয় হয়] সচাকৈয়ে আজি মই অসীম আনন্দ অনুভব কৰিছোঁ। মোৰ পুত্ৰই আজি জ্ঞানৰ প্ৰসস্ত বাটৰ সন্ধান পাইছে। এই পথেৰে আগুৱাই মানুহে নিশ্চয় এদিন অমৃতৰ সন্ধান লাভ কৰিব।
এথেনা— [প্ৰৱেশ] ময়ো তাকেই বিচাৰো মহামান্য প্ৰমিথিউছ। স্বৰ্গ, মৰ্ত্য, পাতাল সকলোতে জ্ঞানৰ বিস্তাৰ হওঁক। দেবতাৰ পৰা মানবলৈ সকলোৱে মোৰ হাতৰ শীতল