পৃষ্ঠা:Pohar Anota.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোহৰ আনোতা/১৩

শিক্ষা দিয়ে। পৰিকল্পনা পৰিচালকৰ।] এইখিনি হোৱাৰ পিছত মঞ্চ সম্পূৰ্ণ আন্ধাৰ হয়। ৪নংত জিউছক focus কৰা হয়]

নেপথ্য ণ্ঠক: (স্বৰ্গৰ প্ৰহৰীসকল, শুনা, শুনা। মহাশক্তিবান টাইটান প্ৰমিথিউছে স্বৰ্গৰ গুপ্ত সংবাদ অগ্নি অপহৰণ কৰিছে। সাবধান, সাবধান) (দুবাৰ)
জিউছ— কি! স্বৰ্গৰ অগ্নি প্ৰমিথিউছে অপহৰণ কৰিলে? সৰ্বনাশ (অস্থিৰভাবে ঘূৰি ফুৰে) ইযে এক ভয়ংকৰ ঘটনা। প্ৰমিথিউছে এই অগ্নি নিশ্চয় মানুহকেই প্ৰদান কৰিব। অগ্নিৰ উত্তাপ আৰু পোহৰৰ জৰিয়তে মানুহে সভ্যতাৰ পাতনি মেলিব। সভ্যতাৰ উচ্চ শিখৰত উঠি মানুহে স্বৰ্গলৈও হাত মেলিব। তেতিয়া? তেতিয়া মোৰ সিংহাসন থৰ থৰকৈ কঁপি উঠিব। ভূমিকম্পত পৰ্বতৰ শিল চিটিকি পৰাৰ দৰে ময়ো সিংহাসনৰপৰা চিটিকি পৰিম। দেৱ সম্ৰাটৰ সলনি মানব সম্ৰাট সিংহাসনত উপবিষ্ঠ হব। নাই, নাই। এয়া কেতিয়াও হ’ব নোৱাৰে। অগ্নি অপহৰণকাৰী টাইটান প্ৰমিথিউছক মই ভয়ংকৰ শাস্তি দিম, যি শাস্তি দেখি স্বৰ্গৰ প্ৰতিজন দেৱতাৰ মত্যৰ প্ৰতিজন মানুহৰ প্ৰতিজন টাইটানৰ বুকু কঁপি উঠে। সিহঁতে কেতিয়াও যেন মোৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নকৰে।