পৃষ্ঠা:Pohar Anota.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোহৰ আনোতা/৫

মানুহে বিকাশ লাভ কৰিব আগুৱাই যাব সভ্যতাৰ এক অত্যুচ্চ শিখৰলৈ। এই মানুহ এদিন জ্ঞান-বিজ্ঞান আৰু শৌৰ্য্য-বীৰ্য্যত দেবতাৰ সমকম হ’ব। আৰু তেতিয়াই মোৰ সাধনাই সফলতা লাভ কৰিব। হে প্ৰভু, ইয়াকে কৰিবলৈ মোক শক্তি দিয়া।

[ওপৰলৈ হাতযোৰ কৰি freeze হয়। light কমি আহে। ২নং জিউছক fews কৰা হয়।]
জিউছ— আচৰিত! মোৰ সিংহাসন আজি কিয় কঁপি কঁপি উঠিছে? বুকুখন কিয় কঁপি উঠিছে? চকুৰে আজি যেন অস্পষ্ট দেখিছোঁ। দেৱ সমাজৰ মই অদ্বিতীয় শক্তিমান সম্ৰাট, স্বৰ্গ-মত্য-পাতালৰ গৰাকী। মোৰ আদেশত বতাহ বলে, বৃষ্টিপাত হয়, বজ্ৰই গৰ্জি উঠে। তথাপি আজি যেন ভয় লাগিছে। [চিঞৰি] এথেনা।
এথেনা— পিতা। [প্ৰৱেশ]
জিউছ— মোৰ সিংহাসন আজি কিয় কঁপি উঠিছে। চাৰিওপিনে মই এক ভয়ংকৰ বিপদৰ যেন আগজাননী পাইছোঁ।
এথেনা— আজি মানুহৰ জন্ম হৈছে পিতা।
জিউছ— মানুহ!!
এথেনা— হয় পিতা। মহাকালৰ অপূৰ্ব সৃষ্টি এই মানুহ। মহাকালৰ নিৰ্দেশত মহাজ্ঞানী টাইটান প্ৰমিথিউছে মানুহ সৃষ্টি কৰিছে। বল-বুদ্ধি, শৌৰ্য্য-বীৰ্য্য, জ্ঞান