পৃষ্ঠা:Pohar Anota.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোহৰ আনোতা/৮

প্ৰমিথিউছ— মই বুজিছোঁ হে মোৰ মানসপুত্ৰ। সূৰ্য্যদেৱতাৰ পৰা অনা অগ্নিৰ পোহৰ আৰু উত্তাপ অবিহনে তোমাৰ মুক্তি নাই। যোৱা মোৰ মানসপুত্ৰ অচিৰেই লাভ কৰিবা সূৰ্য্যদেবতাৰ অনুগ্ৰহ। [মানুহৰ প্ৰস্থান] কিন্তু ইযে এক বিপদসংকুল যাত্ৰা। স্বৰ্গৰ এক গোপনতম কক্ষত সূৰ্য্যৰ অগ্নি বিৰাজমান। মোৰ মানসপুত্ৰৰ বিকাশৰ বাবে যিকোনো উপায়ে সেই অগ্নি মই আনিবই লাগিব।
[পিছৰপৰা হাঠৎ পলাচ এথেনাৰ প্ৰবেশ]
এথেনা— মহামান্য প্ৰমিথিউছ।
প্ৰমিথিউছ— [চক্ খাই] কোন? কোন তুমি?
এথেনা— মই পলাচ এথেনা।
প্ৰমিথিউছ— পলাচ এথেনা? জ্ঞানৰ দেবী পলাচ এথেনা?!
এথেনা— হয় মহামান্য প্ৰমিথিউছ। আপোনাৰ সংঘাটৰ কথা মই জানিব পাৰিছোঁ। বিশ্বৰ অপূৰ্ব সৃষ্টি মানুহৰ বিকাশৰ বাবে আজি অগ্নিৰ পোহৰ আৰু উত্তাপৰ প্ৰয়োজন। কিন্তু মহামান্য প্ৰমিথিউছ। আগ্নিযে স্বৰ্গৰ অতি গোপনতম কক্ষত সংৰক্ষিত। আপুনি জিউছৰ তীক্ষ্ণ দৃষ্টিৰ পৰা অগ্নি কেনেকৈ আনিব?
প্ৰমিথিউছ— এৰা দেৱী, ময়ো জানো, অগ্নি আজি অতি সুৰক্ষিত। কিন্তু বহুযুগ আগতে জন্ম লাভ কৰিও মোৰ পুত্ৰ মানুহ আজি সৃষ্টিৰ আদিম অৱস্থাতেই ৰৈ আছে। অন্ধকাৰৰ মাজত সিহঁতে খপজপাই