পৃষ্ঠা:Pohar Anota.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোহৰ আনোতা/৩

ঈগলে অক্ৰমণ কৰি থাকে]
সৌৱা, সৌজন। [খুব বেগেৰে প্ৰমিথিউছৰ ওচৰলৈ যায়]
অচিৰিত! কি ভয়াবহ ঘটনা! ঈগলটাৱে এই মানুহজনক আক্ৰমণ কৰিছে।

(হাৰ্কিউলিছে গদাৰে ঈগলটো আক্ৰমণ কৰে। কিছুসময়ৰ যুদ্ধৰ পিছত ঈগলৰ মৃত্যু। হাৰ্কিউলিছে গদাৰে শিকলি চিঙি প্ৰমিথিউছক মুক্ত কৰে]

প্ৰমিথিউছ— (দুৰ্বল মাতেৰে) হাৰ্কিউলিছ।
হাৰ্কিউলিছ— (আচৰিত হৈ) কোন? কোন অপুনি?
প্ৰমিথিউছ— মই প্ৰমিথিউছ।
হাৰ্কিউলিছ— প্ৰমিথিউছ। মানৱ জাতিৰ সৃষ্টিকৰ্তা আৰু ইয়াক অগ্নিৰ উত্তাপ আৰু জেউতিৰে অজ্ঞান অন্ধকাৰৰ পৰা মুক্ত কৰোতা মহামান্য প্ৰমিথিউছ।
প্ৰমিথিউছ— (বিষন্ন হাঁহি) এৰা।
হাৰ্কিউলিছ— কিন্তু, কিন্তু আপোনাৰ এনে অৱস্থা কেনেকৈ হ’ব পালে।
প্ৰমিথিউছ— কম হাৰ্কিউলিছ, তোমাক সকলো কথাই কম।

 [দুয়ো Freez হয়। flesh back. পোহৰ লাহে লাহে কমি মঞ্চ আন্ধাৰ হয়। হাৰ্কিউলিছৰ প্ৰস্থান। ঈগলৰ প্ৰস্থান। প্ৰমিথিউছে ১নং আৰু ২নংৰ মাজত back screen ৰ পিনে আঠু কাঢ়ি থাকে। low voiceত