পৃষ্ঠা:Pohar Anota.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোহৰ আনোতা/১০

তেতিয়া জানো চূড়মাৰ হৈ নাযাব?

প্ৰমিথিউছ— দেৱী, মহাকালৰ যদি সেয়ে ইচ্ছা তাক কোনেও ৰোধ কৰিব নোৱাৰে। অমৰ টাইচীন সকলোতো দেবতাৰ সমকক্ষ। কিন্তু সেইসকলক নিজৰ সিংহাসন নিষ্কণ্টক কৰিবলৈ জিউছে মৰ্ত্যৰ এক অন্ধকাৰ চুকলৈ বিতাৰিত কৰিলে। ইয়ো মহাকালৰেই ইচ্ছা নহয় জানো? কিন্তু মই মোৰ মানব সন্তানৰ বিকাশৰ বাবে জিউছৰ বিৰুদ্ধে যাবলৈ বাধ্য। যিকোনো উপায়ে মই স্বৰ্গৰ অগ্নিস্ফুংলিংগ এটি মৰ্ত্যৰ মানুহৰ হাতত সংপৰ্শ কৰিবই লাগিব। তাৰ বাবে দেৱৰাজ জিউছৰ যিকোনো শাস্তি মই গ্ৰহণ কৰিবলৈ সাজু।
এথেনা— আহক মহামন্য প্ৰমিথিউছ। মই আপোনাক দেখুৱাই দিম সেই গোপনতম কক্ষ যত প্ৰজ্জ্বলিত হৈ আছে অগ্নি। কিন্তু তালৈ আপুনি অকলেই যাব লাগিব।
প্ৰমিথিউছ— কোনো কথা নাই দেবী। মানুহৰ মংগলৰ বাবে আজি মই প্লুটোৰ নৰকলৈ যাবলৈ সাজু আছোঁ ব’ল।
[দুয়োৰে প্ৰস্থান। মঞ্চ এন্ধাৰ হয়। Suspense music পিছৰ Screen ত ৰঙা বৃত্তাকাৰ পোহৰ পৰে। হাতত জোৰলৈ সন্তৰ্পনে প্ৰমিথিউছক আগবাঢ়ি অহা দেখা যায়। মুখত focus লাহে লাহে জোৰডাল