পঞ্চকবিতা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
পঞ্চকবিতা (page 1 crop).jpg
পঞ্চকবিতা৷

শ্ৰীবেণুধৰ ৰাজখোৱাৰ দ্বাৰা প্ৰণীত৷
কলিকতা৷

চাপাতলা ৬১ নং মৃজাপুৰ ষ্ট্ৰীট “দেৱ যন্ত্ৰত”

শ্ৰীগিৰিশচন্দ্ৰ চক্ৰবৰ্ত্তীৰ দ্বাৰা মুদ্ৰিত আরু প্ৰকাশিত৷


ইং ১৮৯৫৷

বেচ্‌ : এক অনা৷

[  ]

পঞ্চকবিতা।




শ্ৰীবেণুধৰ ৰাজখোৱাৰ দ্বাৰা প্ৰণীত।



কলিকতা।


চাঁপাতলা ৬১নং মৃজাপুৰ ষ্ট্ৰীট “দেৱ যন্ত্ৰত"


শ্ৰীগিৰিশচন্দ্ৰ চক্ৰবৰ্ত্তীৰ দ্বাৰা মুদ্ৰিত আৰু প্ৰকাশিত।

ইং ১৮৯৫।

[  ]

পাতনি৷

 'জীৱন-সঙ্গীত’, কবি Longfellow ৰ A psalm of Life ৰ আরু ‘দুদল সৈন্য’, বিখ্যাত লেখক Holmes ৰ Two Armies বৰ ভাঙ্গনি। অনুবাদত মূলৰ ৰস অনেক পৰিমাণে বিকৃত হয়। আমিও যে এই কথাৰ বাজ নহওঁ, তাক কোৱা বাহুল্য মাথোন। এই কবিতা দুটি বৰ চিকুণ আৰু উপদেশপূৰ্ণ। বিশেষকৈ, প্ৰথমটি অতি সুন্দৰ। তাৰ প্ৰত্যেক উপদেশ জীৱনৰ এটি তৰা।

 ‘মৰম’ আরু ‘চিন্তা’ কবিতা দুটিত হৃদয়ৰ ভাব ভালকৈ ফুটি ওলোৱা নাই। মৰম আরু চিন্তাই নিজে বুজিব পাৰে, কিন্তু কব নোৱাৰে!

 ‘অশ্ৰু’ মাতৃদেবীৰ মৃত্যু উপলক্ষে ৰচা শোক-কবিতা৷ ইয়াত অনেক দোষ থাকিব পাৰে; কিন্তু ই মোৰ গুণপৰিচায়ক নহয়, শোকপ্লাবিত হৃদয়ৰ নিৰ্গম মাথোন।

 ডিব্ৰুগড়৷ শ্ৰীবেণুধৰ ৰাজখোৱা।
জেঠ, ১৮১৭ শক৷

[  ]

পঞ্চকবিতা।

মৰম।

মানবী বোধৰ অতীত, মৰম।
পৃথিবীত তাৰ নোশোভে জনম।
চিৰকাল য’ত বিচ্ছেদ নহয়,
সি ৰাজ্যত হোক মৰম-উদয়।
এটি আহি থাকে যেতিয়া লগত,
ক্ৰমে বুকু মোৰ ঘামে মৰমত।
ক্ষণদূৰ যাওঁ স্নেহপথ ধৰি,
মৰমৰ বস্তু যায় গৈ আঁতৰি।
অপূৰ্ণ মৰম, হায়, পৰি বয়!
স্নেহজীবী, মোৰ কান্দে ই হৃদয়।
সংসাৰৰ প্ৰেম, মাত্ৰ বিড়ম্বন:—
পাওঁ মৰমৰ এটি প্ৰিয়জন;
জুৰ শান্তি লভোঁ স্নিগ্ধ আনন্দত,
যেন থওঁ ধৰি জোনটি বুকত!
তেনেটিক এৰি বঞ্চোঁ কাল হায়,—
নোহে ই জগত মৰমৰ ঠাই।
আকৰ্ষে বুকুক, স্নেহৰ কান্দন!
মৰম-ৰোগত এৰিম জীৱন!!

[  ]

দুদল সৈন্য।

অনন্ত জীৱন-বংশ বেগে লৰে,
 দুদল সৈন্যক দেখি ৰণসাজে—
খোজত বিমৰ্দ্দি তীৰ, যাত্ৰা কৰে,
 'মৰণ' ভীষণে বয় তাৰ মাজে।

চলে এক ঘন ৰৱত ঢাকৰ,
 বহুল-মুখীয়া শিঙ্গাৰ বিঙ্গত,
পতাকাত লিখে ই কিটি আখৰ,
 “যশস্তা আমাৰ সংহাৰ কাৰ্য্যত।"

দুখিত চকুৰে নিমাতে তীৰত,
 চলে এক, কৰি সাৱধান মন;
শান্তভাৱ ধৰে মেঘী আকাশত
 যেনে ধৈৰ্য্যধাৰী গ্ৰহৰ কিৰণ।

সম্মুখত অস্ত্ৰ উজ্জ্বল নহয়,
 নলৰে নিচান তেজ-বৰ্ণ-ধৰা;
আরু পতাকাই ই কথাটি কয়,
 “কৰ্ত্তব্য আমাৰ, পৰিত্ৰাণ কৰা।”

নেপায় সিদলে মৃত্যুছাঁয়া-ক্লেশ;
 'গৌৰৱৰ' বাজনাৰ আহ্বানত,
ধৰি দ্ৰুভঙ্গিত, খড়্গযুত বেশ,
 পৰে তেওঁলোক যশস্তা-কোলত।

[  ]

নুযুঁজে ইদলে দীপ্তঅস্ত্ৰ-ঘাতে,
 উদগনি-ৰৱ ৰণত নোতোলে;
ৰাতি তেজশূন্য ঘাতকিয়ে মাতে,—
 “আছোঁ!’’ প্ৰতিজনে উত্তৰত বোলে৷

শোভে মালা-পিন্ধা মূৰ্ত্তি খনিকৰী,
 সিদলৰ, শিল-ঘৰ সুনিৰ্ম্মিত।
তেওঁবিলাকৰ মৃতদেহধাৰী,
 মন্দিৰঘৰত গৰজে সঙ্গীত।

শ্মশান বুৰায় অকলসৰীয়া—
 ইদলৰ, ফুল-বিকীৰ্ণ বননী;
পৃথিবীলৈ তোলে বসন্তে যেতিয়া,
 পুষ্প-ফেনী ঢউ সাগৰ-বৰণী।

পৃথিবীৰপৰা দুটি পথ যায়,
 ওপৰত থাকে ঈশ্বৰৰ দূত,—
প্ৰতি উষ্ণ প্ৰাণ-বিন্দু গণি চায়,
 প্ৰতি অশ্ৰুকণা প্ৰেম-সমুদ্ভূত।

তেজ-বোৱা বীৰ হৃদয়ৰপৰা,
 যদিও বা 'স্বাধীনতা', প্ৰাণযুত,
আরু সেই ৰঙ্গা নীয়ৰৰপৰা,
 যদিও এওঁৰ পদুম-মুকুট,—
‘সাহসৰ' মহাবীৰ থাকে ৰই,
 যেতিয়ালৈ ক্ষত নোহে পৰীক্ষিত—

[  ]

অবাধে দুৱাৰে কিন্তু প্ৰেম গই,
বহে ঈশ্বৰৰ আসন-গুৰিত!

জীৱন-সঙ্গীত।

নকবা নকবা, শোক-কবিতাৰে,
“ই জীৱন শূন্য-স্বপ্নপ্ৰায়!”
মৰা আত্মা, যিটো অলস নিদ্ৰাৰে,
নোহে বস্তু, যেনে দেখা যায়।

জীৱন প্ৰকৃত! গহীন জীৱন!
নহয় শ্মশান লক্ষ্য তাৰ;
“ধূলি তুমি, হবা ধূলিলৈ ভগন,"
ই কথাটি নোহে আতমাৰ।

নহয় সম্ভোগ, নোহে অশ্ৰুনীৰ,
ভাগ্য-লিখা উদ্দেশ, উপায়;
কৰাঁ কাম, কালি, অধিক আজিৰ
দূৰত আমাক যেন পায়।

কাম বহুদূৰ, কাল বেগে লৰে;
যদিও সাহসী, বুকু টান,
তেও সি গম্ভীৰ মৃদঙ্গৰ দৰে
বজায় শ্মশানযাত্ৰা গান।

[  ]

সংসাৰৰ বৰ ৰণ-পথাৰত,
সাজু সমৰত জীৱনৰ,
নহবা নিমাত হেঁচোকা বলদ!
লোৱাঁ তুমি যশস্যা বীৰৰ।

চিকুণ ভবিষ্য নকৰাঁ প্ৰত্যয়!
অতীতৰ মৰা যক মৰি!
জীয়া বৰ্ত্তমান, কাৰ্য্যৰ সময়!
নিজ বুকু, স্বৰগৰ হৰি!

মহতে তেওঁৰ কয় জীৱনত,
হব পাৰোঁ আমিও গহীন;
স্বৰ্গযাত্ৰা কৰি, থৈ যায় পিচত,
কালৰ বালিত ভৰিচিন :—

ভৰিচিন, যাক দেখি কিবা-জানি,
বিশাল জীৱন-সমুদ্ৰত,
অকল, জাহাজ-ভগা দুখী প্ৰাণী,
পুনু ভৰ দিব সাহসত।

উঠাঁ তেনেহলে, হোৱা কাৰ্য্যধাৰী,
লোৱাঁ সাহ, যি কি ভাগ্যলেখা;
সদা কাম কৰি, সদা অনুসৰি,
শিকঁ৷ শ্ৰম, ফলৰ অপেক্ষা।

——

[  ]

চিন্তা।

ৰঙ্গিয়াল গান কৰে মৌ-মুখী ভোমোৰা,
মাতে উল্লাসিত কুলি, কবিতা-চৰাই!
আনন্দৰ উচ্ছাসেৰে বিশ্বলোক জোৰা-
হৃদয়-আশ্ৰয় মোৰ কিন্তু আন ঠাই।
মন, গূঢ় নই-মাত শুনে মুগ্ধ হই,
সোঁত-চলনত উটে, নেজানে কলই!

মুদায় জগত-চকু তোপনীয়া বাতি।
কেতেকী-প্ৰাণত পৰে শক্তিৰ আকৰ্ষ :
চাৰি-পৰ জাগি থাকে মোহ-হুৰ মাতি-
নজনা কণ্ঠৰ হয় শক্তিভাৱ-বৰ্ষ!
শুনি মাত, অন্তঃপ্ৰাণ মোৰ চলি যায়,
নোৱাৰে লঙ্ঘিব কিন্তু ঠাই-সীমা হায়!

গতিৰুদ্ধ অন্তঃপ্ৰাণ ফিৰে স্বৰাজ্যলৈ।
হৃদয়ত সংসাৰৰ পৰে শোকভাৰ :
গই জলকোৱঁৰৰ শান্ত নগৰলৈ,
ভাবৰ আবেশে যেন কৰিম বেজাৰ!
যাপিম জীৱন কিম্বা নিৰ্জ্জন দ্বীপত,
অথবা থাকিম যেন নিমাত জোনত!

কিন্তু এই ভাব নোহে হৃদয়ত স্থায়ী,
মানুহৰ সমাজত ফুৰোঁ পুনু মই-

[ ১০ ]

পিপাসিত প্ৰাণ হয় স্নেহৰসপায়ী!
জগত-মৰমে মোৰ আকৰ্ষে হৃদয়!
মৃত্যুধৰ্ম্মী দেহে টানে পৃথিবীলৈ মোক!
আত্মাই আকৰ্ষে, লক্ষ্য কৰি স্বৰ্গলোক!

অশ্ৰু।

অসমৰ্থ বীণা মোৰ, দিয়াঁ স্বৰ স্বৰ-মাতৃ!
বজোৱা কচ্ছপী তযু। পাতাল-হৃদি-স্বৰৰ
দেৱ-সূক্ষ্মসূক্ষ্ম ভেদ, কামনা-অতীত মোৰ।
আবৃত হৃদয় সেই, স্থূল সংসাৰ চক্ৰত
শব্দ-নাশী আবৰণী আহি। সংসাৰী হৃদিত কঁপা,
মাতৃ-বিয়োগৰ শোকস্নেহ-স্বৰ দীনরূপে ফুটাবলৈ,
লভোঁ যেন সামৰথ, (এইমাত্ৰ ক্ষুদ্ৰ আশা,)
তযু বীণাধ্বনি শুনি। হে প্ৰভু মহতী-পতি!
স্বৰ-মন্ত্ৰী! বিশ্ব মুগ্ধ সাঁতোৰে পবিত্ৰ স্নেহ
১০। তোমাৰ বীণাত। ধৰি কৃপা-বীণা, ৰিণি ৰিণি
বজোৱাঁ ক্ষনেক এটি স্বৰ-মিলনৰ সোঁত।
মাতৃ! স্নেহশীলা তুমি; কাতৰ পুত্ৰৰ প্ৰতি,
দিয়া শব্দ-শক্তি। তৱ শক্তি ব্যাপিত সৰ্ব্বত্ৰ;
আদৰ্শ স্নেহৰ ছবি, অস্নেহী মৰ্ত্ত্য লোকত।
পুত্ৰ-প্ৰাণা! কুপুত্ৰক নকৰিবা ঘৃণা-দূৰ।
দিয়াঁ স্নেহবেথা-আলো, তোমাৰ স্নেহ-ঐশ্বৰ্য্য
দেখোঁ যেন আমি দৃষ্টিহীন। মন্দাকিনী-কন্যা

[ ১১ ]

হে অশ্ৰু! নিহত কিয় হইছা চকুৰপৰা,
নিস্তৰ কণ্ঠীৰ। আমি কিরৰূপে কৰিম হায়!

২০। তোমাৰ সম্মান। শোভা তত্ত্ব বাল্মীকি-চকুত।
মহৰ্ষি কবিতা-ৰত্ন গাঁথিলে অশ্ৰুৰপৰা,
দেখি ক্ৰৌঞ্চ-শৰীৰত শৰ-ব্যাপাৰ। তথাপি,
গাঁথিবলৈ বাঞ্ছোঁ আমি, দুৰ্ব্বল কবিতা এটি।
হে মাতৃ! অজ্ঞৰ লোৱা উপহাৰ, অশ্ৰু-মালা।
নোহোঁ ইন্দ্ৰমালাকৰ;—অশ্ৰুবিন্দু-মণি লই,
গাঁথিলোঁহেঁতেন, হায়, সুশোভিত মুগ্ধ মালা।
ছিলা তুমি সুপবিত্ৰ, নিৰমল স্নেহ ভূমি।
তোমাৰ স্নেহ-চৰিত্ৰ, নোৱাৰে বৰ্ণিব কভু,
মৰ্ত্ত্য জগতৰ কবি। স্বৰ্গত গন্ধৰ্ব্বে গাব

৩০। স্তুতিভাৱে উচ্চকণ্ঠে ৰাজহংস-ধ্বনি জিনি,
সুললিত পদযোগ কৰি৷ কিবা স্নিগ্ধ দৃশ্য!
ৰশ্মিধাতৃ-সৃষ্ট নোহোঁ তুমি ঋতু। শৰীৰত
লভে পদ গূঢ় কান্তি মৃদুতা-মধুৰ। পৰিচ্ছদ
কিবা সবুজীয়া;—দেখি মধুকাল-অধিষ্ঠাত্ৰী
প্ৰকৃতি, নিজৰ শোভা উগ্ৰ গণি পৰাভৱ
মানে। সুপত্ৰ-শোভিত 'হিমলতা' নিৰ্ম্মাণিছে
শান্ত কুঞ্জ। হিমৰস লতাৰ নিসৃত হয়
অশ্ৰু-অনুকাৰী। সেই বিস্তাৰে স্নেহ-স্থলীত,
ধীৰভাৱে কোমল আলোক, এটি কান্তিগ্ৰহ,

৪০। হিমাংশু কুমাৰী যাব–(হিমাংশুৰ অংগু হল,
হায়, সাবধান, জন্মি সূৰ্য্যৰ ৰাজ্যত। ) মাতৃ!

[ ১২ ]

উপবিষ্টা আছা তুমি, স্নেহ-দেবীৰ পাশত।
কিন্তু, তৱ প্ৰয়াণত, আমাৰ হৃদিত পৰে
নিষ্ঠুৰ শোকৰ ভাৰ; আলোকৰ প্ৰয়াণত
যিরূপে ৰাত্ৰিত পৰে অন্ধকাৰ-ভাৰ। হায়!
নকৰিলে আমাসাৰ ভক্তিপুষ্পু, পদস্পৰ্শ
তৱ। অশ্ৰুধাৰ! হোৱাঁ প্ৰবৃদ্ধ; এতিয়া কৰোঁ
ভক্তিপুষ্প-বিতৰণ—সোঁতত উটাই লই
থোৱাঁ মাতৃ চৰণত। স্নেহাৰ্দ্ৰহৃদয়া! তৱ

৫০৷  নুবুজিলোঁ স্নেহ আমি, মুরূখ-প্ৰধান জন:—
কি বুজিব ব্যৱসায়ী ক্ষুদ্ৰ সংসাৰ নদীৰ,
সমুদ্ৰৰ গভীৰত্ব! তুমি মাতৃ! আদিগুরু–
পদাৰ্থ-শব্দৰ মিল, ভাব-শবদৰ যোগ
শিকালা আমাক; – কিন্তু হায়, কৰিলোঁ বিচ্ছিন্ন
সৰল সম্বন্ধ সেই। স্তন্যরূপে তুমি আহা!
দিলা স্নেহদান;–কিন্তু, হল সংসাৰ-বিকৃত
সিটো। এবে জৰ্জ্জৰিত, অধম সন্তান এই,
সন্তাপ-ভৰত। কৰোঁ প্ৰাৰ্থনা—তোমাৰ শক্তি,
দিয়ে যেন সুজীৱন অপথ-গামীক পুনু।

৬০৷  স্নেহময়ী! স্নেহ হেতু, হায়, তৱ প্ৰয়াণৰ।
এৰিলে তোমাৰ বুকু, যেতিয়া কনিষ্ঠ পুত্ৰ,
কলে ‘আরু উভতি নাহিম’—হলা হে কাতৰা,
যেনে জনা প্ৰবীৰৰ সন্তাপত। অপাঁ পুষ্প
নিত্যে বিভু-প্ৰতি, নোহে কিন্তু বিভূতিৰ অৰ্থে,
অমঙ্গল প্ৰতিকাৰ-মানসে অথবা—আহা!

[ ১৩ ]

নাছিল পার্থিব কোনো অভিলাষ। একমাত্র,
বাঞ্ছিলা পুত্ৰৰ স্নেহভৰ আলিঙ্গন—বাঞ্ছে
সমুদ্ৰ চন্দ্ৰৰ আলিঙ্গন যেনে। ললে বিভু,
সুপবিত্ৰ অশ্ৰু-ধৌত, পার্থিবতা-বিদুৰিত

৭০৷ পুষ্পৰ অৰ্চ্চন৷ হায়, মাতৃ! কৰিলা প্রয়াণ।
ছিলা তুমি আমাসাৰ সাধাৰণ ভূমি; হায় !
হলোঁ যেন এবে আমি বিভিন্ন প্রত্যেক পুত্র,
শুনাত পৃথকে স্থিত মেঘাৱলীৰ সদৃশে।
হলোঁ মই বহির্গত, যেতিয়া গৃহৰপৰা,
প্রবাসৰ পথ ধৰি, তৱ চকু ৰশ্মি হায় !
হল অনুগামী মোৰ বহুদূৰ—অশ্রুপাত
সম্বৰিলা; হলা ক্রমে শোক-অন্ধকাৰ-গর্ভা,
যেনে সন্ধ্যা সূৰ্য-চলনত অস্তাচল-প্রতি।
ক্রমে হল সঙ্কুচিত দেহ মোৰ—ৰশ্মি-ৰেখা

৮০৷ তৱ, স্পর্শিলে পৃথিবী। ই বেলাত জানো হায়!
রুদ্ধ অশ্ৰু ব’লে প্রবলে, অবরুদ্ধা যিরূপে
গঙ্গা হিম-পৰ্ব্বতত, যেবে সুৰগজ গুহা-
দুৱাৰ চিৰিলে দন্তে। ললোঁ এই স্থিৰ ভাব,
স্নেহ আরু সংসাৰৰ নোহে একেলগে বাস।
হায় ৰে! নললোঁ কিয় অমাতৃ-জনম৷ যেবে
ঘোৰ-নিদারুণ বাৰ্ত্তাবহ দেখিলে অনন্ধ
চকু মোৰ, সুনিশ্চল হলোঁ চিত্র-মূৰ্ত্তি যেন,
কিম্বা প্রেত—আবির্ভূত প্রিয়জন-সম্মুখত,
ৰাত্ৰিত দ্বিতীয় নিদ্ৰা পৰিহৰি তোলে ডাক

[ ১৪ ]

৯০। যেতিয়া প্ৰহৰী-পক্ষী। নাছিল ভাবনা—কি বা
ভাবনা ভাবিম, নেজানিলোঁ—অন্তৰত মোৰ
নিষ্পাণ শূন্যতা—সাগৰৰ ফেন যেন লঘু,
গণিলোঁ দেহৰ ভৰ। অকস্মাৎ দুঃখৰাশি
প্ৰবেশিলে হৃদয়ত, স্তৰীভূত মেঘৰাশি
যেনে শূন্য আকাশত;-বৰষিলে অশ্ৰুঞ্জল,
দুঃখমেঘ। হায়! যদি হলোঁহেঁতেন নিপুণ
কৰিবলৈ আত্মদেহ-ক্ষয়, মেঘৰ সদৃশে—
আৰোহি আকাশস্থান, বৰ্ষি বৃষ্টিধাৰা। মোৰ
শৰীৰ-প্ৰকল্প হল, ঈষৎ-চঞ্চল জল-
১০০।  ক্ষেত্ৰত সূৰ্য্যৰ প্ৰতিবিম্ব যেনে। ‘বউ’শব্দ
উচ্চাৰণ- পিপাসিত হল ওঠ-ললোঁ স্থিতি
নিৰজন কানন-ভূমিত। উচ্চাৰিলোঁ শব্দ—
মৃদু-স্নেহতাৰে বায়ু-চক্ৰ কৰিলে কম্পিত।
আহা! উপজিল প্ৰতিধ্বনি তাৰ, স্নিগ্ধ শ্ৰুতি-
সুখকৰ। অন্তৰ প্ৰসন্ন হল—যেনে ৰাত্ৰি,
লভি চন্দ্ৰজ্যোতিৰাশি; কিম্বা পুষ্প, হিমপানী-
অভিষিক্ত ঊষা-মিলনত; স্বৰ্গৰ অমৃত-
হ্ৰদৰ কণিকাবাহী বতাস-স্পৰ্শন কৰি,
অথবা নন্দন-পুষ্প। এই জীৱন-কালত,
১১০।  সেই স্নেহ-শব্দ হায়! মাতিম স্বপ্নত মাত্ৰ।
গণিছিলা মোৰ প্ৰত্যাগম-কাল, যেনে মাতৃ,
সন্তানৰ প্ৰত্যাগম-কাল, এৰি পৰদেশ –
হায়! অন্য কি উপমা;—মাতৃ! গণিলা নিজৰ

[ ১৫ ]

প্ৰয়াণ-সময়। বাস্ত্ৰে চকু আকুতি নেদেখি
তৱ—বাক্যধাৰী মুখপ্ৰায় কৰিব বিলাপ,
যেন ৰৱ তুলি। হৃদি মোৰ স্নেহ-দুৰবল –
তোমাৰ ছবিটি চোৱা সাহস নোপজে। মাতৃ!
আশান্বিত মন মোৰ—তৱ চৰণৰ ছায়া,
পৰশিব শিৰ; আহা! লভিম পৰম শান্তি—
১২০। যেনে ৰৌদ্ৰ-সন্তপ্ত পথিক সন্ধ্যাৰ ছায়াত,
কিম্বা সূৰ্য্য অভিভূত আকাশ-পথিক পক্ষী
মেঘৰ ছায়াত। যেন এই জীৱন কালত,
নোহাঁ তুমি স্মৃতি-বহিৰ্ভূতা; তোমাৰ নিচিনা
সকলোৰে প্ৰতি মোৰ পৰে স্নেহ-জুৰ চকু;
কৰিম শয়ন স্নেহ-মৰণত—ই প্ৰাৰ্থনা।
নৰকণ্ঠ, নৰশদ, —কিৰূপে বৰ্ণিম আমি,
তোমাৰ স্নেহ-মহত্ত্ব। স্বৰগৰ ভাষাধাৰী
জন্মিলোঁহেঁতেন যদি দেৱ কণ্ঠে।
অগ্নি! হলা
প্ৰজ্জ্বলিত চিতাৰ স্থলীত, ধৰি শিখাৱলী,
১০০। শিখৰৰ শ্ৰেণী ধৰি কাঞ্চন-পৰ্ব্বত যেনে।
কিন্তু যেবে কৰিছিলা খাওৱ দহন—হায়!
নিষ্ঠুৰ ই কাৰ্য্য ততোধিক তৱ। বাহ্যদেহ
কেৱল দহিলা—লভে আত্মা উচ্চ পদ, তৱ
ধোঁৱাৰ অগম্য। মাতৃ-অন্তঃশক্তি-প্ৰভাৱত,
স্নেহৰ উচ্ছল হয় হৃদয়ত মোৰ। বহ্নি!
নোহোঁ তুমি বজ্ৰবাসী—সমুদ্ৰৰ উপতাপী

[ ১৬ ]

বড়বা-সম্ভূত কিম্বা—সগৰকুমাৰ-ধ্বংশী
পাতালৰ কিম্বা কপিল-সম্ভূত—কিম্বা কাম-
ভস্মকাৰী, হৰৰ তৃতীয় নেত্ৰ-সমুদ্ভূত—
১৪০। অথবা প্ৰলয়কাৰী, যেবে অৱসান পায়
চতুৰ্যুগ-কাল। কিন্তু তুমি চন্দ্ৰতেজ সৃষ্ট
শীতল অগনি— প্ৰযোজিলা চিতা-বচনত,
জানিলোঁ, শীতল তেজ। পৃথিবী! মিনতি ৰাখাঁ—
আদৰে ধৰিবা ভস্ম, ধৰিলা সীতাক যেনে,
লুকাল তোমাত যেবে পৰীক্ষা-কালত।
মৃত্যু!
তুমি বিশ্বব্যাপী—মহা-ঈশ্বৰৰ শক্তি। আহা!
স্থিৰ শক্তি—নোহাঁ বিচলিত: উচ্চাসন বেৰি
তৱ, আছে দীন অশ্ৰুৰ সমুদ্ৰ—নৰলোকী
অশ্ৰু অনন্তকাল-সঞ্চিত। কিয় বা বিলাপোঁ;
১৫০। সংসাৰৰ এটি মই—মৃত্যুধৰ্ম্মী নৰলোক।
বিসুমৰি স্বৰগৰ ভাব, ইন্দ্ৰিয়-সম্ভোগ-
সংসাৰত চলে নৰ মুগ্ধভাৱে—কেতিয়াবা
যেনে পক্ষী অদূৰ শূন্যত, দেখি নিজ ছায়া
সমুদ্ৰ-পানীত; কিন্তু যেনে তৰঙ্গিত নদী—
মৃত্যু, ঈশ্বৰ-শাসন—বিনাশে মোহ-আসক্তি।
নৰৰ উদ্দেশ আন; বিশ্ব জগত সাধক।
মৃত্যু-প্ৰক্ষালিত নৰ : যেবে পৰাকাষ্ঠা পাব,
ভাব, হৃদি-বেগ—অমৰত্ব নামিব ধৰাত।


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৩ চনত ১ জানুৱাৰী ১৯৬৩ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )