পৃষ্ঠা:পঞ্চকবিতা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৩ ]

বড়বা-সম্ভূত কিম্বা—সগৰকুমাৰ-ধ্বংশী
পাতালৰ কিম্বা কপিল-সম্ভূত—কিম্বা কাম-
ভস্মকাৰী, হৰৰ তৃতীয় নেত্ৰ-সমুদ্ভূত—
১৪০। অথবা প্ৰলয়কাৰী, যেবে অৱসান পায়
চতুৰ্যুগ-কাল। কিন্তু তুমি চন্দ্ৰতেজ সৃষ্ট
শীতল অগনি— প্ৰযোজিলা চিতা-বচনত,
জানিলোঁ, শীতল তেজ। পৃথিবী! মিনতি ৰাখাঁ—
আদৰে ধৰিবা ভস্ম, ধৰিলা সীতাক যেনে,
লুকাল তোমাত যেবে পৰীক্ষা-কালত।
মৃত্যু!
তুমি বিশ্বব্যাপী—মহা-ঈশ্বৰৰ শক্তি। আহা!
স্থিৰ শক্তি—নোহাঁ বিচলিত: উচ্চাসন বেৰি
তৱ, আছে দীন অশ্ৰুৰ সমুদ্ৰ—নৰলোকী
অশ্ৰু অনন্তকাল-সঞ্চিত। কিয় বা বিলাপোঁ;
১৫০। সংসাৰৰ এটি মই—মৃত্যুধৰ্ম্মী নৰলোক।
বিসুমৰি স্বৰগৰ ভাব, ইন্দ্ৰিয়-সম্ভোগ-
সংসাৰত চলে নৰ মুগ্ধভাৱে—কেতিয়াবা
যেনে পক্ষী অদূৰ শূন্যত, দেখি নিজ ছায়া
সমুদ্ৰ-পানীত; কিন্তু যেনে তৰঙ্গিত নদী—
মৃত্যু, ঈশ্বৰ-শাসন—বিনাশে মোহ-আসক্তি।
নৰৰ উদ্দেশ আন; বিশ্ব জগত সাধক।
মৃত্যু-প্ৰক্ষালিত নৰ : যেবে পৰাকাষ্ঠা পাব,
ভাব, হৃদি-বেগ—অমৰত্ব নামিব ধৰাত।